গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিয়ে জনালে পাঁচখন ৰাজ্যলৈ ১,৭১৫.০৫ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ অনুমোদন
২০২০ বৰ্ষত হোৱা বান/ভূমি-স্খলন আৈৰু ২০১৯-২০বৰ্ষত ৰবি শস্যত শিলাবৃষ্টিৰ বাবে অসম, অৰুণাচল, ওড়িশা, তেলেংগানা আৰু উত্তৰপ্ৰদেশে লাভ কৰিব এই পুঁজি
Posted On:
29 JAN 2021 4:22PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ সমিতিয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি(এনডিআৰএফ)ৰ অধীনত পাঁচ খন ৰাজ্যলৈ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে। যিসমূহ ৰাজ্যই ২০২০ বৰ্ষত হোৱা বান/ভূমি-স্খলন আৰু ২০১৯-২০ ৰবি বৰ্ষত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল সেই ৰাজ্যসমূহে এই সাহায্য লাভ কৰিব৷ অতিৰিক্ত কেন্দ্ৰীয় সাহায্য সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম, অৰুণাচল, ওড়িশা, তেলেংগানা আৰু উত্তৰপ্ৰদেশৰ ভাই-ভনীসকলক সহায় কৰাৰ সংকল্প লৈছে, যিসকল প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত হৈছে৷
উচ্চ পৰ্যায়ৰ সমিতিয়ে পাঁচ খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি(এনডিআৰএফ)ৰ অধীনত অতিৰিক্তভাৱে ১,৭১৫.০৫ কোটি টকাৰ কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে৷
২০২০ বৰ্ষৰ দক্ষিণ-পশ্চিম মৌচুমীৰ ফলত বান/ভূমিস্খলনত ক্ষতিক্ষপুৰণৰ বাবে অসমক ৪৩৭.১৫ কোটি টকা, অৰুণাচলপ্ৰদেশক ৭৫.৮৬ কোটি টকা, ওড়িশাক ৩২০.৯৪ কোটি টকা, তেলেংগানাক ২৪৫.৯৬ কোটি টকা আৰু উত্তৰপ্ৰদেশক ৩৮৬.০৬ কোটি টকা দিয়াৰ বাবে অনুমোদন জনোৱা হৈছে।
২০১৯-২০ ৰবি বৰ্ষত শিলাবৃষ্টিৰ বাবে উত্তৰপ্ৰদেশক ২৮৫.০৮ কোটি টকা অনুমোদন জনোৱা হৈছে।
এই প্ৰভাৱিত পাঁচখন ৰাজ্যৰ পৰা কোনো ধৰণৰ স্মাৰকপত্ৰলৈ অপেক্ষা নকৰি কেন্দ্ৰীয় চৰকাৰৰ এক আন্তঃমন্ত্ৰালয় গোটক ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ প্ৰেৰণ কৰা হৈছিল৷
তদুপৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে ২৮খন ৰাজ্যক এছডিআৰএফৰ ১৯,০৩৬.৪৩ কোটি টকা আৰু ১১খন ৰাজ্যক এনডিআৰএফৰ ৪,৪০৯.৭১ কোটি টকা মুকলি কৰি দিছে।
***
NW/RK/PK/AY/DD/DB
(Release ID: 1693337)
Visitor Counter : 183