যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

শ্ৰী কিৰেন ৰিজিজুৱে কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ফিট ইণ্ডিয়া স্কুল সপ্তাহৰ দ্বিতীয় সংস্কৰণ পালন কৰে; তেওঁ কয়, ''ফিটনেছ এতিয়া বিদ্যালয় জীৱনৰ এটা অভিন্ন অংগ হৈ পৰিছে''

Posted On: 27 JAN 2021 5:56PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে ২৭ জানুৱাৰী, ২০২১ত ''ফিট ইণ্ডিয়া স্কুল সপ্তাহ'' কাৰ্যক্ৰমৰ দ্বিতীয় সংস্কৰণৰ সমাপন সমাৰোহত ভাগ লয়। এই উপলক্ষে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই)ৰ মহানিৰ্দেশক শ্ৰী সন্দীপ প্ৰধান, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সংযুক্ত সচিব (বিকাশ) শ্ৰী অতুল সিংহ, কেন্দ্ৰীয় বিদ্যালয় সংগঠন-কেভিএছৰ আয়ুক্ত শ্ৰীমতী নিধি পাণ্ডেয়, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সংযুক্ত সচিব (শিক্ষা আৰু সাক্ষৰতা নিৰ্দেশালয়-ডিএছইএল), শ্ৰী সন্তোষ কুমাৰ যাদৱ আৰু অন্য গণ্য-মান্য ব্যক্তিও উপস্থিত থাকে।

''ফিট ইণ্ডিয়া স্কুল সপ্তাহ'' কাৰ্যক্ৰম উদযাপন কৰিবলৈ, কেন্দ্ৰীয় বিদ্যালয় নম্বৰ-২, নৌ সেনা বেছ, কোচিৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাৰ্যক্ৰমৰ এটা ভাৰ্চুৱেল মাধ্যমত সজীৱ প্ৰদৰ্শন কৰা হয়। অনলাইন মাধ্যমত প্ৰস্তুত এই কাৰ্যক্ৰমত বিদ্যাৰ্থীসকলে সূৰ্য নমস্কাৰ, ফ্ৰী-হেণ্ড এক্সাৰচাইজ, এৰোবিক্স, নৃত্য আৰু আকস্মিক বক্তৃতা পৰিবেশন কৰে।

বিদ্যাৰ্থীসকলৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰি, শ্ৰী ৰিজিজুৱে কয়, ''যেতিয়া আমি ফিট ইণ্ডিয়া অভিযানৰ সঞ্চালন কৰো, তেতিয়া ইয়াক শিক্ষা মন্ত্ৰালয়, স্কুল আৰু ভাৰতৰ জনসাধাৰণ, বিশেষকৈ শিশুসকলৰ দ্বাৰা সঞ্চালিত কৰি থকা হৈছে। মই দেখি অত্যন্ত আনন্দ পাইছো যে সমগ্ৰ ভাৰততে স্কুলসমূহে ফিট ইণ্ডিয়া সপ্তাহ কাৰ্যক্ৰম ৰূপায়ণ কৰিছে। ফিট ইণ্ডিয়া সপ্তাহ কাৰ্যক্ৰম এনেদৰে পালন কৰা হৈছে যে ফিটনেছ স্কুলীয়া জীৱনৰ এক অভিন্ন অংগ হৈ পৰিছে আৰু মই এনেকুৱা সক্ৰিয় আৰু বুদ্ধিমান ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ হোৱাত এই অভিযানক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবো। ব্যক্তিগতভাৱে এই কাৰ্যক্ৰমত ভাগ লোৱাৰ সময়ত, এজন ব্যক্তিয়ে বেলেগ পৰিসৰ আৰু ব্যৱহাৰিক ভাবনাৰ অনুভৱ কৰিব পাৰে। মই ইয়াত দিল্লীত বহি কোচিত স্কুলত ফিট ইণ্ডিয়া স্কুল সপ্তাহৰ উসৱক অনুভৱ কৰি আছো।''

ফিট ইণ্ডিয়া স্কুল সপ্তাহৰ দ্বিতীয় সংস্কৰণ ১ ডিচেম্বৰ ২০২০ৰ পৰা আৰম্ভ হৈছিল আৰু এই সংস্কৰণৰ সমাপন ৩১ জানুৱাৰী, ২০২১ত হ'ব। ই শিশুসকলক তেওঁলোকৰ দৈনন্দিনতাত শাৰীৰিক গতিবিধি আৰু ক্ৰীড়াক উসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল কিয়নো স্কুলেই হৈছে প্ৰথম ঠাই য'ত শিশুসকলৰ ভাল অভ্যাস গঢ় লয়। এই আয়োজনত সমগ্ৰ ভাৰতৰ ৩.৫ লাখতকৈ অধিক স্কুলে ভাগ লয়। এই আয়োজনত দেশজুৰি কেইবাহাজাৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ তথ্য প্ৰস্তুত কৰা হৈছে।

 

কোভিড-১৯ মহামাৰীৰ বৰ্তমান স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ফিট ইণ্ডিয়া স্কুল সপ্তাহৰ কাৰ্যক্ৰম ভাৰ্চুৱেল আৰু বাস্তৱিক মাধ্যম, দুয়ো ধৰণে আয়োজিত কৰা হৈছে। ফিট ইণ্ডিয়া স্কুল সপ্তাহ কাৰ্যক্ৰমৰ আৰম্ভণি যোৱা বছৰ নবেম্বৰত কৰা হৈছিল আৰু এই আয়োজনত দেশজুৰি ১৫,০০০তকৈও অধিক স্কুলে ভাগ লৈছিল। কাৰ্যক্ৰমত ভাগ ল'বলৈ স্কুল ফিট ইণ্ডিয়া ৱেবছাইটত নিজক পঞ্জীকৰণ কৰা হয় আৰু ফিট ইণ্ডিয়া স্কুল সপ্তাহ পালন কৰিবলৈ আৱণ্টিত সময়ত এটা সপ্তাহৰ বাছনি কৰা হয়। কিছুমান ফিটনেছ কাৰ্যকলাপ যি এই বছৰৰ ফিট ইণ্ডিয়া স্কুল সপ্তাহ কাৰ্যক্ৰমৰ অংশ আছিল তাত এৰোবিক্স, চিত্ৰকলা, প্ৰশ্নোত্তৰ/তৰ্ক প্ৰতিযোগিতা, নৃত্য আৰু ষ্টেপ-আপ চেলেঞ্জসহ কেইবাটাও অন্য কাৰ্যকলাপ অন্তৰ্ভুক্ত আছিল।

************

NB/OA



(Release ID: 1692865) Visitor Counter : 101