কেবিনেট

মন্ত্ৰীসভাই ভাৰতীয় বায়ু সেনাৰ বাবে হিন্দুস্তান এৰ'নটিকছ লিমিটেড (এইচএএল)ৰ পৰা ৮৩খন লঘু যুঁজাৰু বিমান (এলচিএ) 'তেজস' ক্ৰয়ৰ মঞ্জুৰী দিছে

Posted On: 13 JAN 2021 5:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ ১৩ জানুৱাৰীত নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৪৫,৬৯৬ কোটি টকাৰ ব্যয়েৰে ৭৩খন এলচিএ তেজস এমকে-১এ যুঁজাৰু বিমান আৰু ১০খন এলচিএ তেজস এমকে-১ ট্ৰেইনাৰ বিমানৰ ক্ৰয়ক মঞ্জুৰী দিয়া হৈছে। ইয়াৰ লগতে ডিজাইন আৰু প্ৰাথমিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে ১,২০২ কোটি টকা মঞ্জুৰ কৰা হৈছে।

লঘু যুঁজাৰু বিমান এমকে-১এ স্বদেশত ডিজাইন, বিকশিত আৰু নিৰ্মিত অত্যাধুনিক ৪+ প্ৰজন্মৰ যুঁজাৰু বিমান। এই বিমান ইলেকট্ৰনিক ৰূপত স্কেন কৰা সক্ৰিয় এৰে (এইএছএ) ৰাডাৰ, বিয়ণ্ড ভিজুৱেল ৰেঞ্জ (বিভিআৰ) মিছাইলক, ইলেকট্ৰনিক ৱাৰফেয়াৰ (ইডব্লিউ) ছুইট আৰু এয়াৰ টু এয়াৰ ৰিফুৱেলিং (এএআৰ)ৰ গুৰুত্বপূৰ্ণ পৰিচালন ক্ষমতাৰে সজ্জিত, যি ভাৰতীয় বায়ু সেনা (আইএএফ)ৰ পৰিচালন আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ এক শক্তিশালী প্লেটফৰ্ম হ'ব। ই ৫০%ৰ স্বদেশী সামগ্ৰীৰে যুঁজাৰু বিমানৰ শ্ৰেণীৰ প্ৰথম ''ক্ৰয় (ভাৰতীয়-স্বদেশী ৰূপত ডিজাইন, বিকশিত আৰু নিৰ্মিত)'' যি কাৰ্যক্ৰমৰ শেষলৈকে লাহে লাহে ৬০% লৈকে হ'বগৈ।

মন্ত্ৰীসভাই পৰিকল্পনাৰ জৰিয়তে আইএএফৰ দ্বাৰা প্ৰাথমিক আন্তঃগাঁথনিৰ বিকাশকো মঞ্জুৰী দিছে যাতে তেওঁলোকে নিজৰ বেছ ডিপোত মেৰামতি বা ছাৰ্ভিচিং সক্ষম কৰি তুলিব পাৰে যাতে মিছন ক্ৰিটিকেল ছিষ্টেমৰ বাবে বিমানত মাল বোজাই কৰা আৰু নমোৱাৰ সময় কম হয় আৰু পৰিচালনাৰ ব্যৱহাৰৰ বাবে বিমানৰ উপলব্ধতা বৃদ্ধি পায়। এই আইএএফক সংশ্লিষ্ট বন্দৰত মেৰামতিৰ প্ৰাথমিক আন্তঃগাঁথনিৰ উপলব্ধতাৰ বাবে এইবিলাকক অধিক দক্ষতাসহকাৰে আৰু প্ৰভাৱশালী ৰূপত সক্ৰিয় ৰাখিবলৈ সক্ষম কৰিব।

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে, ভাৰতে একেৰাহে প্ৰতিৰক্ষা ক্ষেত্ৰত উন্নত অত্যাধুনিক টেকনিক আৰু প্ৰণালীৰ ডিজাইন, বিকাশ আৰু নিৰ্মাণ স্বদেশী ৰূপত কৰাৰ নিজৰ সামৰ্থ্য বৃদ্ধি কৰি আছে। হিন্দুস্তান এৰ'নটিকছ লিমিটেড (এইচএএল)ৰ দ্বাৰা লঘু যুঁজাৰু বিমানৰ নিৰ্মাণৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত পদক্ষেপে আৰু অধিক অগ্ৰগতি লাভ কৰিব আৰু দেশত প্ৰতিৰক্ষা উৎপাদন আৰু প্ৰতিৰক্ষা উদ্যোগে অগ্ৰগতি লাভ কৰিব। এই ক্ৰয়ত এইচএএলৰ লগতে ডিজাইন আৰু বিনিৰ্মাণ ক্ষেত্ৰত এমএছএমইসহ প্ৰায় ৫০০টা ভাৰতীয় কোম্পানীয়ে কাম কৰিব। এই কাৰ্যক্ৰমে ভাৰতীয় এৰ'স্পেচ মেনুফেকচাৰিং ইক'ছিষ্টেমক এক জীৱন্ত আত্মনিৰ্ভৰ ইক'ছিষ্টেমত পৰিণত কৰাত উৎপ্ৰেৰক হিচাপে কাম কৰিব।

 

********

ABB/Nampi/KA/Rajib



(Release ID: 1688418) Visitor Counter : 218