কৃষি মন্ত্ৰালয়

২০২০-২১ খাৰিফ বিপণন বৰ্ষত এমএছপি কাৰ্যকলাপ

ধান ক্ৰয়ৰ পৰিমাণ বিগত বৰ্ষতকৈ ২৭.১৩% বৃদ্ধি পাইছে

এমএছপিৰ হাৰত খাৰিফ বিপণন বৰ্ষৰ ক্ৰয় ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৬৭.৮৯ লাখ ধান খেতিয়কে ৯৮,৪৫৬.৮০ কোটি টকা লাভ কৰিছে

Posted On: 07 JAN 2021 6:07PM by PIB Guwahati

২০২০-২১ৰ খাৰিফ বিপণন বৰ্ষ (কেএমএছ) চৰকাৰে কৃষকসকলৰ পৰা এমএছপি আঁচনিৰ অধীনত ন্যূনতম সমৰ্থিত মূল্যত খাৰিফ শস্য ক্ৰয়ৰ কাম অব্যাহত ৰাখিছে৷

২০২০-২১ খাৰিফ বিপণন বৰ্ষত .০১.২০২১লৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে-পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, ওড়িশা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, অসম, কৰ্ণাটক আৰু পশ্চিমবংগৰ পৰা ৫২১.৪৮ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ এই সময়ছোৱাত ধান ক্ৰয়ৰ পৰিমাণ আছিল ৪১০.৮ লাখ মেট্ৰিক টন, যিটো চলিত বৰ্ষত ২.১৩% অধিক৷ চলিত বৰ্ষৰ ৫২১.৪৮লাখ মেট্ৰিকটনৰ ভিতৰত পাঞ্জাৱে অকলেই ২০২.৭৭ লাখ মেট্ৰিকটন বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ৩৮.৮৮%

1.JPG

এমএছপিৰ হাৰত খাৰিফ বিপণন বৰ্ষৰ ক্ৰয় ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৬৭.৮৯ লাখ ধান খেতিয়কে ৯৮,৪৫৬.৮০ কোটি টকা লাভ কৰিছে৷

2.JPG

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ২০২০-২১ খাৰিফ বিপণন বৰ্ষত ৫১.৬৬ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰা হৈছে৷ ইফালে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা .২৩ লাখ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰাৰ বাবে অনুমোদন দিয়া হৈছে৷ বাকী ৰাজ্যসমূহেও এই অনুমোদনৰ ভিত্তিতে এমএছপি হাৰত মাহজাতীয় শস্য, তৈলবীজ আৰু নাৰিকল ক্ৰয়ৰ কৰিব পাৰিব৷

৬.০১.২০২১লৈকে চৰকাৰে ইয়াৰ সমন্বয়ৰক্ষী এজেন্সিসমূহৰ জৰিয়তে ,৭৮,০৫৯.৪০ মেট্ৰিক টন মগু, মাটি মাহ, বাদাম আৰু ছয়াবিন এমএছপি হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ জৰিয়তে তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১,৪৮,৫৫গৰাকী কৃষকে ,৪৮৭. কোটি টকা লাভ কৰিছে৷

সেইদৰে, ৬.০১.২০২১লৈকে কৰ্ণাটক আৰু তামিলনাডুৰ পৰা ,০৮৯ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ,৯৬১গৰাকী কৃষকে এমএছপি হাৰত ৫২.৪০ কোটি টকা লাভ কৰিছে৷ বিগত বৰ্ষৰ এই সময়ছোৱাত নাৰিকল ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিকটন৷ নাৰিকল আৰু মাটি মাহৰ দাইলৰ বাবে অধিকাংশ মুখ্য পাদক ৰাজ্যই এমএছপি বা ততোধিক দৰত ধন লাভ কৰিছে৷  নিৰ্ধাৰিত দৰত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে দাইল আৰু তৈলবীজ ক্ৰয় কাৰ্য নিৰ্ধাৰিত তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা কৰা হৈছে৷

3.JPG

২০২০ৰ খাৰিফ বিপণন বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা আৰু কৰ্ণাটকৰ পৰা ৬.০১.২০২১লৈকে মুঠ ৮০,২৬,৪০১ বেল কঁপাহ এমএছপিৰ হাৰত ক্ৰয় কৰা হৈছে৷ ইয়াৰ ফলত সংশ্লিষ্ট ৰা্জ্যসমূহৰ ১৫,৫৯,৪২৯গৰাকী কৃষকে ,৪৮৫.০৫ কোটি টকা লাভ কৰিছে৷

4.JPG

 

*****

APS/DB


(Release ID: 1686977) Visitor Counter : 92