পোষ্ট কৰা হৈছে:
05 JAN 2021 10:03AM by PIB Guwahati
২০২০বৰ্ষত ‘ভাৰতীয় বতৰ বিজ্ঞান বিভাগ’(আইএমডি)ৰ ‘জলবায়ু গৱেষণা আৰু সেৱা’(চিআৰএছ)ই ভাৰতৰ জলবায়ু সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে।
উল্লেখনীয় প্ৰসংগসমূহ
২০২০ বছৰটোত ভাৰতৰ ভূ-তল বায়ুৰ বাৰ্ষিক গড় তাপমাত্ৰা সাধাৰণতকৈ অধিক আছিল। বছৰটোত দেশৰ ভূ-তল বায়ুৰ বাৰ্ষিক গড় তাপমাত্ৰা আছিল ০.২৯ডিগ্ৰীচেলচিয়াছ সাধাৰণতকৈ অধিক(১৯৮১-২০২০ৰ তথ্য আধাৰত) । ইফালে, ২০২০বছৰটো ১৯০১চনৰ পৰা এইছোৱা কালৰ ‘অষ্টম সৰ্বাধিক উষ্ণ বৰ্ষ হিচাপে চিহ্নিত কৰা হৈছে। অৱশ্যে, এই তাপমাত্ৰা ২০১৬(০.৭১ডিগ্ৰী চেলচিয়াছ)তকৈ বহু পৰিমানে কম আছিল। মৌচুমী আৰু মৌচুমী-উত্তৰ ঋতুসমূহত ‘গড় তাপমাত্ৰা ত্ৰুতি’(প্ৰকৃত তাপমাত্ৰা-সাধাৰণ তাপমাত্ৰা)যথাক্ৰমে ০.৪৩ডিগ্ৰী চেলচিয়াছ আৰু ০.৫৩ডিগ্ৰী চেলচিয়াছে মূলতঃ তাপমান উষ্ণ কৰি ৰখাত অৰিহণা আগবঢ়াইছিল।
গোলকীয় পৰিমণ্ডলৰ গড় তাপমাত্ৰা ত্ৰুতি(জানুৱাৰীৰ পৰা অক্টোবৰ বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ তথ্য মতে গোলকীয় জলবায়ুৰ স্থিতি)আছিল ১.২ডিগ্ৰী চেলচিয়াছ (source: https://public.wmo.int/en/our-mandate/climate/wmo-statement-state-of-global-climate).
ইফালে, অতিক্ৰান্ত দুটা দশক(২০০১-১০ আৰু ২০১১-২০২০)কো আটাইতকৈ উষ্ম বৰ্ষ হিচাপে চিহ্নিত কৰা হৈছে।
দক্ষিণ-পশ্চিম মৌচুমী প্ৰবাহ (জুনৰ পৰা ছেপ্টেম্বৰ)ৰ সময়ছোৱাত দেশত হোৱা বৰষুণৰ সামগ্ৰিক পৰিমান সাধাৰণতকৈ অধিক (দীৰ্ঘ্যকালীন গড়(এলপিএ)-ৰ ১০৯%)আছিল।
সেইদৰে, উত্তৰ-পূব মৌচুমী প্ৰবাহ (অক্টোবৰৰ পৰা ডিচেম্বৰ)ৰ সময়ছোৱাত দেশত হোৱা বৰষুণৰ সামগ্ৰিক পৰিমান নিয়মীয়া (দীৰ্ঘ্যকালীন গড়(এলপিএ)-ৰ ১০১%)আছিল।
ভাৰতীয় সাগৰসমূহত ক্ৰান্তীয় ধুমুহা:
২০২০বৰ্ষত উত্তৰ-ভাৰতীয় মহাসাগৰত ৫টা ঘূৰ্ণী প্ৰবাহৰ সৃষ্টি হৈছিল। এয়া হৈছে-‘ছুপাৰ চাইক্লন এম্ফান’, ‘নিৱাৰ’ আৰু ‘গতি’, ‘ছিভিয়াৰ চাইক্লন’ ‘নিসৰ্গা’ আৰু ঘূৰ্ণী ধুমুহা ‘বুৰেৱি’।
উচ্চ প্ৰভাৱশালী বতৰীয়া পৰিঘটনা:
বছৰটোত মুষলধাৰ বৰষুণ, বতাহ-ধুমুহা, বান, ভূমিস্খলন আদিৰ দৰে উচ্চ প্ৰভাৱশালী বতৰীয়া পৰিঘটনা প্ৰত্যক্ষ কৰিবলগীয়া হয় দেশে।
উচ্চ প্ৰভাৱশালী বতৰীয়া পৰিঘটনা আৰু ইয়াৰ দ্বাৰা হোৱা ক্ষয়-ক্ষতিৰ তথ্য চিত্ৰ-৪ আৰু যাৱতীয় তথ্যৱলীৰ বাবে CLICK HERE.
***
NB/KGS/KB