ৰেচম মন্ত্ৰালয়

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন তথা বস্ত্ৰশিল্প মন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যুটীয়াভাৱে মুকলি কৰে টয়কাথ’ন-২০২১

টয়কাথ’নৰ মূল লক্ষ্য হ’ল ভাৰতক পুতলা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলা

স্কুলীয়া শিশুৱে পুতলা প্ৰস্তুত কৰাৰ লগতে ডিজাইন কৰিব আৰু ইয়াৰ ধাৰণা তৈয়াৰ কৰিব

অংশগ্ৰহণকাৰী শিক্ষাৰ্থী আৰু ফেকাল্টী মেম্বাৰৰ বাবে ৫০লাখ পৰ্যন্ত পুৰস্কাৰ

Posted On: 05 JAN 2021 5:51PM by PIB Guwahati

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন তথা বস্ত্ৰশিল্প মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰানী আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক-এ যুটীয়াভাৱে আজি মুকলি কৰে টয়কাথন-২০২১। টয়কাথনৰ লক্ষ্য হল ভাৰতীয় মূল্য ব্যৱস্থাত উদ্ভাৱনীমূলক পুতলাৰ ধাৰণা সৃষ্টি কৰা, যিয়ে শিশুৰ মাজত ইতিবাচক আচৰণ আৰু মূল্যবোধৰ অভ্যাস গঢ়ি তুলিব।

 

অনু্ষ্ঠানত স্মৃতি ইৰানীয়ে কয় যে ভাৰতে ৮০ শতাংশ পুতলা আমদানি কৰে আৰু চৰকাৰে দেশক এই খণ্ডত আত্মনিৰ্ভৰশীল কৰিবলৈ স্থানীয় পুতলা উদ্যোগৰ প্ৰসাৰৰ দিশত কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে শিক্ষা মন্ত্ৰালয়ৰ সৈতে সহযোগিতাই এই খণ্ডত দেশৰ সকলো স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ অংশগ্ৰহণৰ বাট মুকলি কৰিছে। এই পদক্ষেপৰ শলাগ লৈ মন্ত্ৰাগৰাকীয়ে কয়, প্ৰথমবাৰৰ বাবে স্কুলীয়া শিশুসকলে পুতলা নিৰ্মাণ কৰিব, ডিজাইন কৰিব আৰু ইয়াৰ ধাৰণা তৈয়াৰ কৰিব। আনকি দিব্যাংগ শিশুসকলেও এই সুযোগ পাব। টয়কাথনত অংশ লোৱা শিক্ষাৰ্থী আৰু শিক্ষকসকলে ৫০লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব পাৰে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বাণিজ্য মন্ত্ৰালয় আৰু এমএছএমই মন্ত্ৰালয়ে পুতলা নিৰ্মাণ উদ্যোগক ৰক্ষা কৰিবলৈ আৰু ইয়াক অধিক প্ৰতিযোগিতামূলক কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই খণ্ডই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাৰ্থক কৰাত সহায়ক হব বুলিও স্মৃতি ইৰানীয়ে দৃঢ়তা প্ৰকাশ কৰে।

অনুষ্ঠানত শ্ৰী পোখৰিয়ালে কয় যে ভাৰতক গোলকীয় পুতলা নিৰ্মাণকাৰী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ টয়কাথনৰ আয়োজন কৰা হৈছে। ভাৰতৰ পুতলা বজাৰৰ আকাৰ প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰৰ, কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশে ৮০শতাংশ পুতলা আমদানি কৰে। আজি টয়কাথন মুকলি কৰি চৰকাৰে ঘৰুৱা পুতলা উদ্যোগৰ বাবে এক পৰিৱেশ ৰচনা কৰিব বিচাৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোনৰ কথা স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত পুতলা উদ্যোগৰ বৃহৎ সম্ভাৱনীয়তা আছে আৰু এই খণ্ডত দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও প্ৰাথমিক শিক্ষাৰ পৰাই উদ্ভাৱন আৰু গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। টয়কাথনে দেশ প্ৰায় ৩৩কোটি শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্য লৈছে বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

টয়কাথন-২০২১ত অংশগ্ৰহণৰ বাবে অনুগ্ৰহ কৰি ভিজিট কৰক- https://toycathon.mic.gov.in. প্ৰস্তাৱসমূহ ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰী,২০২১ৰ ভিতৰত দাখিল কৰিব পাৰিব।

Click here to access the PPT on Toycathon-2021

******

BY/TFK/MS



(Release ID: 1686454) Visitor Counter : 185