বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
বৰ্ষান্তিক পৰ্যালোচনা : বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বাণিজ্য বিভাগ
ধূপ, নতুন নিউমেটিক টায়াৰ, পাৱাৰ টিলাৰ আৰু উপকৰণ, ৰঙীন টেলিভিশ্বন ছেট আদিৰ দৰে ঘৰুৱাভাবে উত্পাদনী সামৰ্থ্য থকা সামগ্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ বলবত্
১৭৬ উত্পাদন-শৃংখলৰ বাবে ‘কাৰিকৰী নিয়ামক বিধি’ প্ৰণয়ন (৪৯.৯ বিলিয়ন মাৰ্কিন ডলাৰ মূল্য সম্পন্ন) আৰু ৩৭১টা সামগ্ৰীৰ বাবে অব্যাহত আছে প্ৰক্ৰিয়া
তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজন হোৱা গড় সময় ২০১৮-১৯ৰ ২৮১দিন আৰু পূৰ্বৱৰ্তি বৰ্ষৰ ৪০০দিনৰো অধিকৰ পৰা ২০১৯-২০ত ২৩৪দিন লৈ হ্ৰাস কৰা হ’ল
তীখাৰ আমদানীৰ বিষয়ে আগতীয়াকৈ অৱগত হ’ব পৰাকৈ ‘তীখা আমদানী নিৰীক্ষণ পদ্ধতি’ৰ ৰূপায়ণ
ক’ভিড-১৯ মহামাৰীৰ সময়ত ‘পৃথিৱীৰ ফাৰ্মাচী’ হিচাপে পৰিগণিত হ’ল ভাৰত। গোলকীয় পৰিমণ্ডলত ১১৪খন দেশলৈ ‘হাইড্ৰক্সিক্ল’ৰোকুইন’ যোগান ধৰিলে ভৰতে
৩০ ডিচেম্বৰ ২০২০ পৰ্যন্ত ‘জিইএম প’ৰ্টেল’ৰে সম্পাদিত লেন-দেনৰ পৰিমানে অতিক্ৰম কৰিলে ৭৪,৫৫১ কোটিৰ ঘৰ। ইয়াত আছে ১৭.৬লাখ তালিকাভুক্ত সামগ্ৰী, ৯লাখ বিক্ৰেতা আৰু সেৱা-যোগনীয়াৰ
বৈদ্যুতিন ব্যৱস্থাপনা আৰু বাণিজ্যক উত্তৰণৰ জৰিয়তে সাচ্ছন্দ্যৰে বাণিজ্যৰ মাত্ৰা বৃদ্ধি
Posted On:
30 DEC 2020 5:08PM by PIB Guwahati
২০২০ বৰ্ষত বাণিজ্য বিভাগে লাভ কৰা গুৰুত্বপূৰ্ণ সাফল্যসমূহ হ’ল :
ক’ভিড-১৯ কালত ৰপ্টানীকৰোতাসকললৈ সকাহ
- বৈদেশিক বাণিজ্য নীতিৰ সময়সীমা ৩১ মাৰ্চ ২০২১ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হ’ল
- আগতীয়া কৰ্তৃত্বদান প্ৰক্ৰিয়াৰ বৈধ্যতা ৬মাহলৈ বৃদ্ধিৰ দিহা
- ৰপ্টানী দায়বদ্ধতাৰ কাল ৬মাহলৈ সম্প্ৰসাৰণৰ দিহা
- ‘এমএছএমই’সমূহৰ বাবে ১০০শতাংশ ঋণৰ নিশ্চয়তা আৰু আনুষংগিক ব্যয় ৰহিত স্বয়ংকীয় ঋণ প্ৰদানৰ বাবে ৰূপায়িত জৰুৰীকালীন ঋণ-শৃংখল নিশ্চিতকৰণ আঁচনি(ইচিএলজিএছ)ৰ বাবে ৩ লাখ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা
- ‘এমএছএমই’সমূহৰ ক্ষেত্ৰত সম-অংশীদাৰিত্ব আৰু ৰেহাইযুক্ত ঋণৰ জৰিয়তে কৃষকসমাজলৈ সহযোগিতা প্ৰদান কৰিব পৰাকৈ ‘ফাণ্ড অব ফাণ্ডছ’ৰ ব্যৱস্থা
পৃথিৱীজুৰি ঔষধৰ বিতৰণৰে ঔষধ যোগনিয়াৰৰ ভূমিকাত ভাৰত (ক’ভিড-১৯ৰ কালত)
- দেশৰ ভিতৰত নিতান্তই স্পৰ্শকাতৰ চিকিত্সা সম্পৰ্কীয় সা-সামগ্ৰীসমূহৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিব পৰাকৈ ‘ডিজিএফটি’-য়ে দেশৰ ৰপ্টানী আৰু আমদানী উভয় নীতিকে সাৱলীলতাৰে বলবতকৰণৰ ব্যৱস্থা কৰে
- গোলকীয় পৰিমণ্ডলত ১১৪খন দেশলৈ ভাৰতে প্ৰায় ৪৫ চন আৰু ৪০০নিযুত ‘হাইড্ৰক্সিক্ল’ৰকুইন’ৰ টেবলেট যোগান ধৰে
- ৫৭খন দেশলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ লগতে প্ৰায় ৯৬ নিযুত ‘পেৰাচিটামল’, ০.৪ নিযুত ‘ছাছপেনশ্যন আইপি’, ০.৮ নিযুত বটল আৰু ২৭০ মেট্ৰিকটন পৰিমানৰ অন্যান্য সা-সামগ্ৰী বিভিন্ন ৰূপত ২৪খন দেশলৈ যোগানৰ দিহা কৰা হয়
- ‘পিপিই কিট’ৰ উত্পাদনী সামৰ্থ্য বস্তুতঃ শূণ্যৰ পৰা প্ৰায় আধা নিযুত সংখ্যকলৈ তাতক্ষণিক ভাবে বৃদ্ধি কৰা হল
-
বৈদ্যুতিন ব্যৱস্থাপনা আৰু বাণিজ্যক উত্তৰণৰ জৰিয়তে সাচ্ছন্দ্যৰে বাণিজ্যৰ মাত্ৰা বৃদ্ধি
-
- ‘মূলৰ প্ৰাথমিকতা প্ৰত্যায়িতকৰণ’ৰ বাবে ‘বৈদ্যুতিন মঞ্চ’ৰ ঘোষণা। ‘বৈদেশিক বাণিজ্য মঞ্চ’(এফটিএ)ৰ বিভিন্ন অংশীদাৰী দেশক ‘ই-চিঅ’অ’ গ্ৰহণৰ বাবে গোঁহাৰী জনোৱা হয় আৰু আজি পৰ্যন্ত ই-মঞ্চটোৰ পৰা ১.৩লাখ ‘ই-চিঅঅ’ জাৰি কৰা হৈছে।
- ‘আগতীয়া কৰ্তৃত্ব প্ৰদান’ তথা ‘ইপিচিজি’-ৰ দৰে ‘শুল্ক-ৰেহাই কৰ্তিত্ব প্ৰদান ব্যৱস্থা’ক ‘কাগজৰ ব্যৱহাৰ শূণ্য ব্যৱস্থা’ হিচাপে গঢ়ি তোলাৰ লগতে ‘ডিজিটেল এনক্ৰিপ্টেড অথ’ৰাইজেশ্যন ডাটা’ গ্ৰাহকলৈ প্ৰেৰণৰ পৰম্পৰাৰ সূচনা কৰা
-
- ফেচলেছ, অটো-এপ্ৰোভেল প্ৰক্ৰিয়াৰ দ্বাৰ সঠিক সময়ত আৰু শুল্ক ঋণৰ প্ৰাপ্তি পত্ৰৰ বাবে অনলাইন মডিউলৰ পৰিপূৰকসহ স্বেচ্ছামূলক ই-স্থানান্তৰণৰ অনলাইন এমইআইএছ ৰপ্টানী লাভ ঘোষণা
তীখাৰ আমদানীৰ বিষয়ে আগতীয়াকৈ অৱগত হব পৰাকৈ তীখা আমদানী নিৰীক্ষণ পদ্ধতি(এছআইএমএছ)ৰ ৰূপায়ণ
এলুমিনিয়াম, তাম, পাদুকা, আচ-বাবপত্ৰ, কাগজ, ক্ৰীড়া সামগ্ৰী, জীমৰ উপকৰণ আদিৰ বাবেও আমদানী নিৰীক্ষণ পদ্ধতি (আইএমএছ)বিকশিত কৰাৰ দিহা
২৪-৭ ই-আইইচি(আমদানীকৰোতা-ৰপ্টানীকৰোতাৰ কোড)ৰ স্বয়ংকীয় ব্যৱস্থাৰ দিহা
অনা-অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানী হ্ৰাস
ধূপ, নতুন নিউমেটিক টায়াৰ, পাৱাৰ টিলাৰ আৰু উপকৰণ, ৰঙীন টেলিভিশ্বন ছেট আদিৰ দৰে ঘৰুৱাভাবে উত্পাদনী সামৰ্থ্য থকা সামগ্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ বলবতকৰণ
প্ৰযুক্তি নিয়ামক(টিআৰ) আৰু কিউচিঅ’ গ্ৰহণ
১৭৬ উত্পাদন-শৃংখলৰ বাবে কাৰিকৰী নিয়ামক বিধি প্ৰণয়ন (৪৯.৯ বিলিয়ন মাৰ্কিন ডলাৰ মূল্য সম্পন্ন) আৰু ৩৭১টা সামগ্ৰীৰ বাবে অব্যাহত আছে প্ৰক্ৰিয়া
চৰকাৰী ই-মাৰ্কেটপ্লেচ(জিইএম)ৰ জৰিয়তে সামগ্ৰীৰ সংগ্ৰহৰ নতুন ব্যৱস্থা
- ৩০ ডিচেম্বৰ ২০২০ পৰ্যন্ত জিইএম পোৰ্টেলেৰে সম্পাদিত লেন-দেনৰ পৰিমানে অতিক্ৰম কৰিলে ৭৪,৫৫১ কোটিৰ ঘৰ। ইয়াত আছে ১৭.৬লাখ তালিকাভুক্ত সামগ্ৰী, ৯লাখ বিক্ৰেতা আৰু সেৱা-যোগনীয়াৰ।
বাণিজ্যিক নিদানৰ বাবে ‘ফাষ্ট ট্ৰেক’ ব্যৱস্থাপনা
- তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজন হোৱা গড় সময় ২০১৮-১৯ৰ ২৮১দিন আৰু পূৰ্বৱৰ্তি বৰ্ষৰ ৪০০দিনৰো অধিকৰ পৰা ২০১৯-২০ত ২৩৪দিন লৈ হ্ৰাস কৰা হ’ল
A booklet on the achievements of the Ministry of Commerce and Industry is available at https://dipp.gov.in/whats-new/achievements-ministry-commerce-and-industry.
*****
YB/AP/KB
(Release ID: 1686150)
Visitor Counter : 160