বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ভাৰতীয় ছাৰ্ছ কোভ-২ জীনোমিক্স কনছৰ্টিয়াম (আইএনএছএচিঅ'জি) প্ৰস্তুত কৰা হৈছে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক আইচিএমআৰ আৰু চিএছআইআৰৰ সৈতে জৈৱ প্ৰযুক্তি বিভাগৰ দ্বাৰা সমন্বিত কৰা হ'ব

Posted On: 30 DEC 2020 7:15PM by PIB Guwahati

চৰকাৰে ১০টা প্ৰয়োগশালা অৰ্থাৎ-ডিবিটি-এনআইবিএমজি কল্যাণী, ডিবিটি-আইএলএছ ভূবনেশ্বৰ, আইচিএমআৰ-এনআইভি পুণে, ডিবিটি-এনচিচিএছ পুণে, চিএছআইআৰ-চিচিএমবি হায়দৰাবাদ, ডিবিটি-চিডিএফডি হায়দৰাবাদ, ডিবিটি-ইনষ্টেম/এনচিবিএছ বেংগালুৰু, নিমহাংস, বেংগালুৰু, চিএছআইআৰ-আইজিআইবি দিল্লী আৰু এনচিডিচি দিল্লীক অন্তৰ্ভুক্ত কৰি ভাৰতীয় ছাৰ্ছ কোভ-২ জীনোমিক্স কনছৰ্টিয়ামে (আইএনএছএচিঅ'জি) প্ৰস্তুত কৰিছে।

 

সকলো মিলাই ভাৰতীয় ছাৰ্ছ কোভ-২ জীনোমিক্স কনছৰ্টিয়ামৰ লক্ষ্য হৈছে নিয়মীয়াকৈ একাধিক প্ৰয়োগশালা নেটৱৰ্কৰ মাধ্যমত ছাৰ্ছ কোভ-২ৰ জীনোমিক্স প্ৰকাৰৰ ওপৰত নজৰ ৰখা। এই মহত্বপূৰ্ণ গৱেষণা কনছৰ্টিয়ামে ভৱিষ্যতে সম্ভাব্য ভেক্সিনৰ বিকাশতো সহায় কৰিব।

 

ডিবিটিৰ সচিব ড৹ ৰেণু স্বৰূপে কয় যে আইএনএছএচিঅ'জিত উচ্চ স্তৰীয় আন্তঃ-মন্ত্ৰালয় সঞ্চালন সমিতি হ'ব, যি বিশেষকৈ নীতিগত বিষয়ৰ বাবে কনছৰ্টিয়ামক পথপ্ৰদৰ্শন কৰিব আৰু তত্বাৱধান ল'ব তথা ইয়াত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত মাৰ্গ দৰ্শনৰ বাবে বৈজ্ঞানিক পৰামৰ্শদাতাসকল থাকিব।

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আইচিএমআৰ আৰু চিএছআইআৰৰ সৈতে জৈৱ প্ৰযুক্তি বিভাগৰ দ্বাৰা সমন্বয় কৰি ভাৰতীয় ছাৰ্ছ কোভ-২ জীনোমিক্স কনছৰ্টিয়াম (আইএনএছএচিঅ'জি)ৰ কৰ্মনীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

 

ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা আৰু বিশ্বৰ কিছুমান অন্য অংশত নোভেল ছাৰ্ছ-কোভ-২ৰ চিনাক্ত কৰা নতুন প্ৰকাৰ লাভ কৰাৰ পৃষ্ঠভূমিত চৰকাৰে ভাইৰাছ নিৰীক্ষণ, জীনম ছিকুৱেন্সিং আৰু নিৰূপণত দ্ৰুততা অনাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে।

 

ভাৰতীয় ছাৰ্ছ কোভ-২ জীনোমিক্স কনছৰ্টিয়ামে (আইএনএছএচিঅ'জি) নিয়মীয়াকৈ বহু-প্ৰয়োগশালা নেটৱৰ্কৰ মাধ্যমত জীনোমিক্স প্ৰকাৰৰ ওপৰত নজৰ ৰাখিব। এই মহত্বপূৰ্ণ গৱেষণা কনছৰ্টিয়ামৰ দ্বাৰা প্ৰাপ্ত তথ্যই ভৱিষ্যতে নিদান আৰু সম্ভাব্য চিকিৎসা তথা ভেক্সিন বিকশিত কৰাটো সহায় কৰিব। এনচিডিচিয়ে ৰাজহুৱা স্বাস্থ্যৰ মহত্বৰ নতুন প্ৰকাৰৰ সকলো নমুনাৰ ডাটাবেছ সংৰক্ষণ কৰি ৰাখিব। জীনম ছিকুৱেন্সিং সম্পৰ্কীয় সকলো পৰিসংখ্যাক দুটা স্থান ডিবিটি-এনআইবিএমজি, কল্যাণী আৰু চিএছআইআৰ-আইজিআইবি, নতুনদিল্লীত নেচনেল ডাটাবেছত সংৰক্ষণ কৰি থোৱা হ'ব। ভাইৰাছ আইছ'লেটেডক অধিসূচিত ছাৰ্ছ-কোভ-২ ভাইৰাছ ৰিপ'জিটৰী আদিত আৰচিবি, ফৰিদাবাদ আৰু এনআইভি, পুণেত ৰখা হ'ব

 

*****

 

NB/KGS/(DST inputs)



(Release ID: 1685021) Visitor Counter : 257