বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

কেবিনেটে চিবিআইচিৰ অধীনত কৃষ্ণাপাটনাম আৰু টুমাকুৰুত ঔদ্যোগিক ক’ৰিডৰ ন’ডছ স্থাপনত অনুমোদন জনাইছে

গ্ৰেটাৰ নয়ডাত মাল্টি ম’ডেল ল’গিষ্টিকছ হাব এণ্ড মাল্টি ম’ডেল ট্ৰেন্সপ’ৰ্ট হাব(এমএমটিএইচ) স্থাপনতো অনুমোদন

অনুমোদিত প্ৰস্তাৱৰ মুঠ আনুমানিক ব্যয় ৭,৭২৫ কোটি ধাৰ্য কৰা হৈছে আৰু প্ৰায় ২.৮লাখ লোকক সংস্থাপনৰ আশা কৰা হৈছে

উদ্যোগৰ বাবে উন্নত মানৰ, বিশ্বাসযোগ্য, বহনক্ষম আৰু সুদৃঢ় আন্তঃগাথনিৰদ্বাৰা দেশত সুগম হ’ব নিৰ্মাণ বিনিয়োগ

গোলকীয় মূল্য শৃংখলত ভাৰতে এক শক্তিশালী স্থান দখল কৰিব

অনুমোদিত প্ৰস্তাৱে ল’জিষ্টিক ব্যয় হ্ৰাস কৰি আৰু যাত্ৰীৰ বাবে ৰেল, পথ আৰু এমআৰটিএছৰ সুগম যোগাযোগ নিশ্চিত কৰি ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পক গতি প্ৰদান কৰিব

পোষ্ট কৰা হৈছে: 30 DEC 2020 3:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে নিম্নোক্ত আন্তঃগাথনিমূলক উপাদান নিৰ্মাণৰ বাবে ডিপিআইআইটি বিভাগে আগবঢ়োৱা প্ৰস্তাৱত অনুমোদন জনাইছেঃ-

১. ২,১৩৯.৪৪ কোটিৰ আনুমানিক ব্যয়েৰে অন্ধ্ৰ প্ৰদেশত কৃষ্ণাপাটনাম ঔদ্যোগিক অঞ্চল প্ৰকল্প।

২. ১,৭০১.৮১ কোটিৰ আনুমানিক ব্যয়েৰে কৰ্ণাটকত টুমাকুৰু ঔদ্যোগিক অঞ্চল।

৩.৩,৮৮৩.৮০ কোটিৰ আনুমানিক ব্যয়েৰে উত্তৰ প্ৰদেশৰগ্ৰেটাৰ নয়ডাত মাল্টি ম’ডেল ল’গিষ্টিকছ হাব এণ্ড মাল্টি ম’ডেল ট্ৰেন্সপ’ৰ্ট হাব।

অনুমোদিত প্ৰস্তাৱসমূহৰ মুঠ আনুমানিক ব্যয় ৭,৭২৫ কোটি ধাৰ্য কৰা হৈছে আৰু ইয়াৰ মাধ্যমেৰে প্ৰায় ২.৮ লাখ লোকক সংস্থাপনৰ আশা কৰা হৈছে। এই প্ৰস্তাৱৰ ৰূপায়নৰ ফলত উন্নত মানৰ, বিশ্বাসযোগ্য, বহনক্ষম আৰু সুদৃঢ় আন্তঃগাথনিৰদ্বাৰা দেশত নিৰ্মাণ বিনিয়োগসুগম হ’ব। তদুপৰি,  গোলকীয় মূল্য শৃংখলত ভাৰতে এক শক্তিশালী স্থান দখলৰ ক্ষেত্ৰত ই সহায় কৰিব।

 

অনুমোদিত প্ৰস্তাৱে ল’জিষ্টিক ব্যয় হ্ৰাস কৰি আৰু যাত্ৰীৰ বাবে ৰেল, পথ আৰু এমআৰটিএছৰ সুগম যোগাযোগ নিশ্চিত কৰি ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পক গতি প্ৰদান কৰিব।

 

***

DS/MS


(ৰিলিজ আই ডি : 1684971) অতিথি কক্ষ : 134