বিত্ত মন্ত্ৰালয়

গুৱাহাটীত আয়কৰ বিভাগৰ তালাচী অভিযান

प्रविष्टि तिथि: 26 DEC 2020 2:52PM by PIB Guwahati

আয়কৰ বিভাগে উত্তৰ-পূব ভাৰতৰ তিনিগৰাকী আগশাৰীৰ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত যোৱা ২২ ডিচেম্বৰত এক তালাচী অভিযান আৰম্ভ কৰে। ইয়াৰে এটা গ্ৰুপ হস্পিটেলিটী ব্যৱসায়ৰ সৈতেও জড়িত। গুৱাহাটী, দিল্লী, চিলাপথাৰ আৰু পাঠশালা(অসম)ৰ ১৪টা স্থানত তালাচী অভিযান চলোৱা হৈছে।

এই তিনিগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত প্ৰধান অভিযোগসমূহ হল যে তেওঁলোকে কলকাতাৰ সন্দেহজনক শ্বেল কোম্পানীৰ পৰা ভুৱা অসুৰক্ষিত ঋণ লোৱাৰ লগতে ছিকিউৰিটী প্ৰিমিয়াম গ্ৰহণ কৰা দেখুৱাই আহিছে। বছৰ বছৰ ধৰি এই তিনিটা গ্ৰুপে প্ৰকৃত আয় গোপন কৰি ৰাখিছিল।

অভিযানৰ সময়ত এই কথা পোহৰলৈ আহে যে তেওঁলোকে ঋণ আৰু প্ৰিমিয়ম গ্ৰহণ কৰি থকা শ্বেল কোম্পানীসমূহ মাথো কাগজৰ পৃষ্ঠাতে বৰ্তি আছে, ইয়াৰ কোনো বাস্তৱিক অস্তিত্ব নাই।

অভিযাৰ সময়ছোৱাত এই কথাও জানিব পৰা গৈছে যে অভিযুক্ত এটা গ্ৰুপে হস্পিটেলিটী ব্যৱসায়তো বৃহৎ নগদ ধনৰ লেনদেন কৰি আছে আৰু এয়া অনুসন্ধানৰ আওতাত আছে। ইফালে, গ্ৰুপৰ একাংশ অংশীদাৰ কোম্পানীয়ে নগদ ধনৰ বিনিময়ত অলংকাৰ ক্ৰয় কৰাৰ তথ্যও পোহৰলৈ আহিছে।এই ধনৰ উৎস সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে।

এতিয়ালৈকে এই অভিযানত ৯.৭৯ লাখ টকাৰ অলংকাৰ জব্দ কৰা হৈছে। একেদৰে জব্দ হোৱা প্ৰায় ২কোটি টকা মূল্যৰ অৱশিষ্ট অলংকাৰখিনিৰ উৎস সন্দৰ্ভত অনুসন্ধান চলি আছে। নগদ ২.৯৫কোটি উদ্ধাৰ কৰা হৈছে। তালাচী অভিযান আৰু অুসন্ধানত এতিয়ালৈকে সামগ্ৰিকভাৱে প্ৰায় ১০০কোটি টকাৰ অঘোষিত আয়ৰ সন্ধান পোৱা গৈছে। এটা লকাৰ উদ্ধাৰ কৰা হৈছে, যাৰ অনুসন্ধান হবলৈ এতিয়াও বাকী আছে।

এই ঘটনাৰ অধিক অনুসন্ধান অব্যাহত আছে।

****

RM/KMN/MS


(रिलीज़ आईडी: 1684073) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil , Telugu