গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খাৰিফ বিপণন ছিজন ২০২০-২১ৰ সময়ত ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ ৰূপায়ণ

১৬৮৬৫.৮১ কোটি টকাৰ মূল্যৰ ৫৭৮৩১২২ কপাহৰ গাঁঠ ক্ৰয় কৰা হৈছে যাৰ ফলত প্ৰায় ১১২৪২৫২ কৃষক লাভবান্বিত হৈছে

Posted On: 20 DEC 2020 5:46PM by PIB Guwahati

বৰ্তমান খাৰিফ বিপণন ছিজন (কেএমএছ) ২০২০-২১ৰ সময়ত, চৰকাৰে নিজৰ বৰ্তমানৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি) যোজনা অনুসৰি কৃষকৰ পৰা এমএছপিত খাৰিফ ২০২০-২১ ফচলৰ ক্ৰয় অব্যাহত ৰাখিছে। খাৰিফ ২০২০-২১ৰ বাবে ধানৰ ক্ৰয় পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, ছত্তিশগড়, উৰিষ্যা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত সুচাৰুৰূপে চলি আছে। যোৱা বছৰৰ ৩৩৭.৭৪ লাখ মেট্ৰিক টনৰ তুলনাত এই বছৰ ১৯ ডিচেম্বৰ ২০২০লৈকে ৪১২.৯১ লাখ মেট্ৰিক টনতকৈ অধিক ধান ক্ৰয় কৰা হৈছে আৰু এনেদৰে যোৱা বছৰৰ তুলনাত ধানৰ ক্ৰয়ত ২২.২৫ শতাংশতকৈ অধিক বৃদ্ধি নথিভুক্ত কৰা হৈছে। মুঠ ৪১২.৯১ লাখ মেট্ৰিক টনৰ ক্ৰয়ৰ ভিতৰত অকল পঞ্জাৱৰ পৰা এই বছৰ ৩০ নবেম্বৰ ২০২০ত খাৰিফ ছিজন সমাপ্ত হোৱালৈকে ২০২.৭৭ লাখ মেট্ৰিক টন ক্ৰয় কৰা হৈছে যি দেশত মুঠ ক্ৰয়ৰ ৪৯.১০ শতাংশ।

1.JPG

মুঠ ৭৭৯৫৭.৮৩ কোটি টকাৰ এমএছপি মূল্যসহ বৰ্তমান জাৰি কেএমএছ ক্ৰয় প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰায় ৪৮.৫৬ লাখ কৃষক এতিয়ালৈকে লাভবান হৈছে।

2.JPG

ইয়াৰ উপৰিও ৰাজ্যসমূহৰ পৰা পোৱা প্ৰস্তাৱৰ আধাৰত খাৰিফ বিপণন ছিজন ২০২০ৰ বাবে তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ জৰিয়তে ৫১.০০ লাখ মেট্ৰিক টন দাইল আৰু তিল ক্ৰয়ৰ বাবে মঞ্জুৰী দিয়া হৈছিল। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালা ৰাজ্যৰ বাবে কোপ্ৰা (বাৰমাহী শস্য)ৰ ১.২৩ লাখ মেট্ৰিক টনৰ ক্ৰয়কো মঞ্জুৰী দিয়া হৈছে। পিএছএছৰ জৰিয়তে অন্য ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ পৰা ক্ৰয়ৰ প্ৰস্তাৱ প্ৰাপ্তিৰ ওপৰত দাইল, তিল আৰু কোপ্ৰাৰ বাবেও মঞ্জুৰী দিয়া হ'ব যাতে অধিসূচিত ফচল অৱধিৰ সময়ত বজাৰ দৰ এমএছপিতকৈ কম হোৱাৰ অৱস্থাত বৰ্ষ ২০২০-২১ৰ বাবে অধিসূচিত এমএছপিৰ আধাৰত এই ফচলৰ এফএকিউ গ্ৰেডৰ ক্ৰয়, ৰাজ্যৰ ফালৰ পৰা নামাংকন কৰা ক্ৰয় এজেঞ্চিৰ মাধ্যমত কেন্দ্ৰীয় নোডেল এজেঞ্চিৰ দ্বাৰা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত পোনপটীয়াকৈ পঞ্জীকৃত কৃষকৰ পৰা কৰিব পৰা যায়। ১৯ ডিচেম্বৰ ২০২০লৈকে চৰকাৰে নিজৰ নোডেল এজেঞ্চিৰ মাধ্যমত ১০৫০.০৪ কোটি টকাৰ এমএছপি মূল্যযুক্ত মগু, উড়দ, বাদামৰ ফলি আৰু ছয়াবিন ১৯৫৮৯৯.৩৮ মেট্ৰিক টন ক্ৰয় কৰে যাৰ ফলত তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১০৮৩১০ কৃষক লাভবান্বিত হৈছে। এইদৰে, ১৯ ডিচেম্বৰ ২০২০লৈকে ৫২.৪০ কোটি টকাৰ এমএছপি মূল্যত ৫০৮৯ মেট্ৰিক টন কোপ্ৰা (বাৰমাহী শস্য) ক্ৰয় কৰা হৈছে, যাৰ ফলত কৰ্ণাটক আৰু তামিলনাডুৰ ৩,৯৬১ কৃষক লাভবান্বিত হৈছে, ইয়াৰ বিপৰীতে যোৱা বছৰ এই সময়ছোৱাত ২৯৩.৩৪ মেট্ৰিক টন কোপ্ৰা ক্ৰয় কৰা হৈছিল। কোপ্ৰা আৰু উড়দৰ সন্দৰ্ভত, অধিকাংশ প্ৰধান উপাদক ৰাজ্যত দৰ এমএছপিতকৈ অধিক। সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰে খাৰিফৰ ফচল দাইল আৰু তিলৰ সন্দৰ্ভত প্ৰাপ্তিৰ আধাৰত সংশ্লিষ্ট ৰাজ্যৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা তাৰিখৰ পৰা ক্ৰয় আৰম্ভ কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰি আছে।

3.JPG

পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু কৰ্ণাটক ৰাজ্যত এমএছপিৰ জৰিয়তে বীজ কপাহ (কপাহ) ক্ৰয় প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে। ১৯ ডিচেম্বৰ ২০২০লৈকে ৫৭৮৩১২২ কপাহৰ গাঁঠ ক্ৰয় কৰা হৈছে যাৰ মূল্য ১৬৮৬৫.৮১ কোটি টকা, যাৰ ফলত ১১২৪২৫২ কৃষক লাভবান্বিত হৈছে।

4.JPG

*****

APS



(Release ID: 1682311) Visitor Counter : 160