কৃষি মন্ত্ৰালয়

২০২২ৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যৰে চৰকাৰে কৃষি আই ৰূপায়ন কৰিছেঃ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

দেশৰ ভিন্ন প্ৰান্তৰ কৃষক উৎপাদন সংগঠনসমূহে কৃষি মন্ত্ৰীক সাক্ষাৎ কৰে আৰু কৃষি আইনৰ উপযোগিতাসমূহ বৰ্ণনা কৰে

Posted On: 17 DEC 2020 7:09PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি কৃষি ভৱনত ১৫খন ৰাজ্য আৰু প্ৰায় ৫০০ এফপিঅক প্ৰতিনিধিত্ব কৰা কৃষক উৎপাদন সংগঠনৰ সদস্যসকলক সাক্ষাৎ কৰে। তেওঁলোকে শেহতীয়াকৈ ভাৰত চৰকাৰে সংস্কাৰ সাধন কৰা কৃষি আইনলৈ সমৰ্থন আগবঢ়াইছে। তেওঁলোকে কয় যে এই সংস্কাৰৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকল উপকৃত হব আৰু এই আইনৰ বাবে কৃষি মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়া সংস্কাৰ আৰু কৃষি আইনৰ পৰা কিদৰে ক্ষুদ্ৰ খেতিয়কসকল উপকৃত হৈছে, সেয়া তেওঁলোকে বৰ্ণনা কৰে।

কৃষি খণ্ডত এই সংস্কাৰে উদ্যান শস্য আৰু মূল্য সংযোজিত সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব আৰু ক্ষুদ্ৰ কৃষকসকলক সৱল কৰিব। লগতে কৃষি আন্তঃগাথনি উন্নত হব। ইয়াৰ ফলত এক দেশ, এক বজাৰ সৃষ্টিত সহায় হব আৰু কৃষক উৎপাদন সংগঠন এক গণ আন্দোলনত পৰিণত হব।

বৈঠকত কৃষি মন্ত্ৰী শ্ৰী টোমৰে কৃষকসকলক আশ্বাস দিয়ে যে২০২২ৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যৰে চৰকাৰে কৃষি আই ৰূপায়ন কৰিছে আৰু এই সংস্কাৰে দেশৰ কৃষি খণ্ডলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব।

*********

APS/MS



(Release ID: 1681660) Visitor Counter : 124