সংযুক্ত লোকসেৱা আয়োগ

যুটীয়া প্ৰতিৰক্ষা সেৱাৰ লিখিত পৰীক্ষা(দ্বিতীয়)-২০২০ৰ ফলাফল

Posted On: 16 DEC 2020 4:09PM by PIB Guwahati

ইউপিএছচিয়ে ০৮ নৱেম্বৰ,২০২০ত আয়োজন কৰা যুটীয়া প্ৰতিৰক্ষা সেৱাৰ লিখিত পৰীক্ষা(দ্বিতীয়)-২০২০ৰফলাফলৰ ওপৰত ভিত্তি কৰি নিম্নোক্ত ৰোল নম্বৰৰ ৬৭২৭গৰাকী প্ৰাৰ্থীয়েসাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে। জুলাই, ২০২১ত আৰম্ভ হবলগীয়া ইণ্ডিয়ান মিলিটাৰী একাডেমী, ডেৰাডুনৰ ১৫১সংখ্যক(ডিই)পাঠ্যক্ৰম; কেৰালাৰ ইণ্ডিয়ান নেভেল একাডেমীৰ পাঠ্যক্ৰম; হায়দৰাবাদৰ এয়াৰ ফৰ্চ একাডেমীৰ প্ৰি-ফ্লাইং প্ৰশিক্ষণ পাঠ্যক্ৰম; অক্টোবৰ,২০২১ৰ পৰা আৰম্ভ হবলগীয়া চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ ১১৪সংখ্যক এছএছচি(পুৰুষ)(এনটি)(ইউপিএছচি)পাঠ্যক্ৰম আৰু অফিচাৰ্ছ ট্ৰেইনিং একাডেমী, চেন্নাইৰ ২৮সংখ্যক এছএছচি মহিলা(নন-টেকনিকেল) পাঠ্যক্ৰমৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ছাৰ্ভিচ ছিলেকচন বৰ্ডে এই প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব।

নিম্নোক্ত তালিকাত ৰোল নম্বৰ সন্নিৱিষ্ট প্ৰাৰ্থীসকলৰ প্ৰাৰ্থীত্ব হল প্ৰভিজিঅনেল(অস্থায়ী)। পৰীক্ষাত প্ৰৱেশৰ বাবে তেওঁলোকে বয়সৰ প্ৰমাণ পত্ৰ, শিক্ষাৰ প্ৰমাণপত্ৰ, এনচিচি(আৰ্মী উইং/ছিনিয়ৰ ডিভিজন উইং/নেভেল উইং) ইত্যাদিৰ অৰিজিনেল তথ্য দাখিল কৰিব লাগিব। অৰিজিনেল চাৰ্টিফিকেটসমূহ দাখিলৰ অন্তিম দিন আইএমএ আৰু এনএৰ বাবে ০১ জুলাই,২০২১; এএফএৰ বাবে ১৩মে,২০২১ আৰু এছএছচি পাঠ্যক্ৰমৰ বাবে ১ অক্টোবৰ,২০২১ ধাৰ্য কৰা হৈছে। প্ৰাৰ্থীয়ে ইউপিএছচিলৈ অৰিজিনেল চাৰ্টিফিকেট প্ৰেৰণ কৰিব নালাগে।

Click here for results:

<><><><><>

SNC/MS



(Release ID: 1681351) Visitor Counter : 165