মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
ভাৰতৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত কামধেনু আসন প্রতিষ্ঠা কৰা হ’ব- কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্ৰে
কামধেনু আসনে গৰুৰ বৈজ্ঞানিক আৰু অৰ্থনৈতিক গুৰুত্ব সম্পৰ্কে কলেজৰ যুৱকসকলক সচেতন কৰিব-ডঃ কাথিৰিয়া, অধ্যক্ষ, আৰকেএ
Posted On:
15 DEC 2020 12:05PM by PIB Guwahati
ইউজিচি,এআইচিটিই আৰু এআইইউ-ৰ সহযোগিতাত ৰাষ্ট্রীয় কামধেনু আয়োগে ‘কলেজ আৰু বিশ্ববিদ্যালয়সমূহত কামধেনু চেয়াৰ’ প্রতিষ্ঠা কৰা সন্দৰ্ভত এখন ৰাষ্ট্রীয় ৱেবিনাৰৰ আয়োজন কৰিছে।এই ৱেবিনাৰত ৰাষ্ট্রীয় কামধেনু আয়োগৰ অধ্যক্ষ ডঃ বল্লভভাই কাথিৰিয়াই দেশৰ সকলো কলেজ আৰু বিশ্ববিদ্যালয়সমূহত কামধেনু আসন আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু মহাবিদ্যালয়ৰ প্রধানসকলৰ ওচৰত আহ্বান জনাইছে। ডঃ কাথিৰিয়াই কয়, আমাৰ দেশৰ যুৱকসকলক কৃষি, স্বাস্থ্য, সমাজ অর্থনীতি আৰু পৰিৱেশত থলুৱা গৰুৰ গুৰুত্ব সম্পর্কে শিক্ষা প্ৰদান কৰা প্রয়োজন। বর্তমান চৰকাৰে গৰু আৰু পঞ্চগভ্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আধুনিক বিজ্ঞান আৰু প্রযুক্তিৰ সহায়ত এই বিষয়ত বিভিন্ন সুযোগ-সুবিধা বৃদ্ধিৰ ওপৰত গৱেষণা চলাই যোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে।
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রালয়ৰ ৰাজ্যমন্ত্রী শ্রী সঞ্জয় ধোত্ৰেই কামধেনু চেয়াৰ প্রতিষ্ঠা কৰাৰ উদ্যোগক স্বাগতম জনায়। তেওঁ কয়, আমাৰ সমাজ গৰুৰ যথেষ্ট গুৰুত্ব আছে। সমাজৰ কল্যাণত ইয়াৰ গুৰুত্ব অপৰিসীম। তেওঁ এই বিষয়ত অগ্রসৰ হবলৈ আৰু এই উদ্যোগক সমর্থন জলাবলৈ আহ্বান জনায়। শ্রী ধোত্ৰেই কয়, বহু কলেজ আৰু বিশ্ববিদ্যালয়ত কামধেনু চেয়াৰ প্রতিষ্ঠা হ’লে পৰৱর্তী সময়ত অন্যান্য কলেজ আৰু বিশ্ববিদ্যালয়ে সেয়া অনুসৰণ কৰিব। ডঃ বল্লভভাই কাথিৰিয়াৰ এই ঐতিহাসিক উদ্যোগ আৰু নেতৃত্বৰ বাবে তেওঁক প্রশংসা কৰে শ্রী ধোত্ৰেই।
এআইচিটিইৰ অধ্যক্ষ অধ্যাপক অনিল সহস্রবুদ্ধেই কয়, আত্মনির্ভৰ গাঁও গঢ়াৰ জৰিয়তেহে আত্মনির্ভৰ ভাৰত গঢ়া সম্ভৱ। পুৰণি জ্ঞান আৰু নতুন প্রযুক্তিৰ মাজত সংযোগ স্থাপনৰ জৰিয়তে নতুন আৰু উজ্জ্বল ভাৰত গঢ়ি তোলা সম্ভৱপৰ বুলিও তেওঁ মন্তব্য কৰে। গৰুৰ জৰিয়তে কৃষি ভিত্তিক অর্থনীতিৰ অগ্রগতি অতি বিজ্ঞানসন্মত বুলিও তেওঁ মন্তব্য কৰে। ডঃ কাথিৰিয়াৰ আহ্বান অনুযায়ী কামধেনু গৱেষণা কেন্দ্র, কামধেনু ষ্টাডি চেণ্টাৰ আৰু কামধেনু উৎকর্ষতা কেন্দ্র আৰু কামধেনু বিশ্ববিদ্যালয় গঠননৰ বিষয়েও চিন্তা-ভাৱনা কৰা উচিত বুলিও তেওঁ জনায়।
ইউজিচিৰ সচিব অধ্যাপক ৰাজনীশ জৈনে ডঃ কাথিৰিয়াৰ এই উদ্যোগক স্বাগতম জনায় আৰু কয়, কামধেনু আসন প্রতিষ্ঠাৰ বাবে ইউজিচিয়ে পূর্ণ সহযোগিতা প্রদান কৰিব। এআইইউৰ সচিব প্ৰধান ডঃ পংকজ মিট্টালে কয়, এই প্ৰচেষ্টালৈ পূর্ণ সমর্থন আগবঢ়োৱা হ’ব ।ৱেবিনাৰৰ মুকলি অধিৱেশনত ভালেসংখ্যক বিজ্ঞানী, বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা উপাচার্যসকলে ৰাষ্ট্রীয় কামধেনু আয়োগৰ উদ্যোগৰ শলাগ লয়। অনুষ্ঠানৰ সামৰণিত ডঃ কাথাৰিয়াই কয়, গৰুৰ বিভিন্ন দিশক লৈ যেতিয়া কাম কৰাৰ সুযোগ-সুবিধা লাভ কৰা যাব তেতিয়া ৰাষ্ট্রীয় কামধেনু আয়োগে সংশ্লিষ্ট মন্ত্রালয়ৰ সৈতে যোগাযোগ ৰক্ষা কৰি যথাযথভাৱে সহযোগিতা প্রদান কৰিব।
***********
APS/MG/KG
(Release ID: 1680981)
Visitor Counter : 134