কৃষি মন্ত্ৰালয়

সৰ্বভাৰতীয় কৃষক সমন্বয় কমিটিৰ সদস্যই কৃষি আইনৰ সমৰ্থনত কৃষি মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে

চৰকাৰৰ উদ্দেশ্য আৰু নীতি হ’ল কৃষকৰ কল্যাণ সাধনঃ নৰেন্দ্ৰ সিং টোমাৰ

Posted On: 14 DEC 2020 5:18PM by PIB Guwahati

সৰ্বভাৰতীয় কৃষক সমন্বয় কমিটিক প্ৰতিনিধিত্ব কৰা বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে আজি কৃষি ভৱনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰক সাক্ষাৎ কৰে। তেলেংগণা, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তামিলনাডু আৰু বিহাৰৰ কৃষক নেতাসকলে কৃষি মন্ত্ৰীৰ সৈতে মনবিনিময়ত ভাগ লয়। তেওঁলোক সকলো নিশ্চিত যে শেহতীয়া কৃষি আইনে সমগ্ৰ ভাৰতৰ কৃষকক উপকৃত কৰিব আৰু বছৰ বছৰ ধৰি কৃষকক শোষণ কৰি অহা মধ্যভোগীৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব। তেওঁলোকে মতামত দাঙি ধৰে যে আইনখনে কৃষকৰ বিক্ৰীৰ স্বাধীনতা নিশ্চিত কৰিব আৰু অগ্ৰিকালচাৰ প্ৰডিউচ মাৰ্কেটিং কমিটিৰ প্ৰাংগনৰ বাহিৰত বাধামুক্ত বাণিজ্য আৰু ব্যৱসায়ৰ সুবিধা প্ৰদান কৰিব। তেওঁলোকে লগতে উল্লেখ কৰে যে এই কৃষি সংস্কাৰৰ ফলত কৃষকে আধুনিক প্ৰযুক্তিৰ লগতে উন্নত বীজ আৰু অন্যান্য কেঁচাসামগ্ৰী লাভত সহায় হব। তদুপৰি, কৃষি খণ্ডলৈ ব্যক্তিগত বিনিয়োগক আকৰ্ষিত কৰিব।

উল্লেখ্য যে, সৰ্বভাৰতীয় কৃষক সমন্বয় কমিটিৰ অধীনত প্ৰায় ৭হাজাৰ এনজিঅই কাম কৰি আছে আৰু তেওঁলোকৰ সকলো সদস্যই শেহতীয়া কৃষি আইনক সমৰ্থন জনাইছে। কমিটিৰ প্ৰতিনিধিবৰ্গই আজি এই আইন প্ৰণয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আইনখন প্ৰত্যাহাৰ নকৰিবলৈ চৰকাৰক আহ্বান জনায়।তেওঁলোকে দাবী জনায় যে চৰকাৰে আইনখনৰ উপযোগিতাসমূহ জনসাধাৰণক বিজ্ঞাপন আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ মাধ্যমেৰে অৱগত কৰোৱা উচিত।

কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে স্পষ্ট কৰে যে চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য একেবাৰে স্পষ্ট আৰু কৃষি সংস্কাৰসমূহে ইতিমধ্যে কৃষকক উপকৃত কৰিছে আৰু তেওঁলোকৰ উপাৰ্জন বৃ্দ্ধিত ই সহায় কৰিছে। চৰকাৰ সদায় আলোচনাৰ বাবে সাজু আছে বুলিও তেওঁ উল্লেখ কৰে।

***

APS/MS



(Release ID: 1680706) Visitor Counter : 101