পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

নবেম্বৰ, ২০২০ মাহত গ্ৰামীণ, চহৰীয়া সংযুক্ত শ্ৰেণীৰ বাবে আধাৰ ২০১২=১০০ত উপভোক্তা মূল্য সূচকাংক সংখ্যা

Posted On: 14 DEC 2020 5:30PM by PIB Guwahati

পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় (এনএছঅ')ই এই প্ৰেছ বিজ্ঞপ্তিৰ মাধ্যমত নবেম্বৰ, ২০২০ (অনন্তিম) মাহৰ বাবে গ্ৰামীণ, চহৰীয়া আৰু সংযুক্তভাৱে আধাৰ ২০১২=১০০ত চয়নিত উপ-সমূহ/সমূহৰ বাবে উপভোক্তা খাদ্য মূল্য সূচকাংক (চিএফপিআই)ত উত্থান-পতন জাৰি কৰিছে। অখিল ভাৰতীয় আৰু সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাবে উপ-সমূহ আৰু সমূহৰ বাবে চিপিআইও জাৰি কৰা হৈছে।

 

২৷ মূল্য ডাটা সাধাৰণভাৱে চয়নিত ১,১১৪ চহৰীয়া বজাৰ আৰু চয়নিত ১,১৮১ গাঁৱৰ পৰা পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ এক সাপ্তাহিক ৰোষ্টাৰত এনএছঅ'ৰ ফিল্ড অপাৰেচন ডিভিজনৰ ফিল্ড কৰ্মচাৰীৰ দ্বাৰা ব্যক্তিগত ভ্ৰমণৰ জৰিয়তে একত্ৰিত কৰা হৈছে। নবেম্বৰ, ২০২০ মাহৰ সময়ছোৱাত এনএছঅ'ই ৯৮.৮% গাঁও আৰু ৯৮.৬% চহৰৰ পৰা সেই বস্তুবিলাকৰ মূল্য একত্ৰিত কৰে যি বজাৰৰ হিচাপত মূল্যৰ সংখ্যা ৮৭.০% গ্ৰামীণ আৰু ৯১.১% চহৰীয়া হিচাপে নথিভুক্ত কৰা হৈছিল।

 

৩৷ সামান্য সূচকাংক আৰু চিএফপিআইত আধাৰিত অখিল ভাৰতীয় মুদ্ৰাস্ফীতিৰ হাৰ (যোৱা বছৰৰ এই মাহত অৰ্থা নবেম্বৰ, ২০২০ৰ পৰা নবেম্বৰ, ২০১৯ৰ তুলনা) এনেকুৱাঃ

 

চিপিআই (সামান্য) আৰু চিএফপিআইৰ ওপৰত আধাৰিত অখিল ভাৰতীয় মুদ্ৰা স্ফীতিৰ হাৰ (%ত)

 

সূচকাংক

নবেম্বৰ ২০২০ (অনন্তিম)

অক্টোবৰ ২০২০ (অন্তিম)

গ্ৰামীণ

চহৰীয়া

সংযুক্ত

গ্ৰামীণ

চহৰীয়া

সংযুক্ত

চিপিআই (সামান্য)

৭.২০

৬.৭৩

৬.৯৩

৭.৭৫

৭.৩৩

৭.৬১

চিএফপিআই

৯.৫৭

৯.১০

৯.৪৩

১১.১২

১০.৮৬

১১.০০

টোকাঃ প্ৰভিজনেল অৰ্থা অনন্তিম, ফাইনেল অৰ্থা অন্তিম

 

৪৷ সামান্য সূচকাংক আৰু চিএফপিআইত মাহিলী পৰিৱৰ্তনৰ তথ্য তলত দিয়া হৈছেঃ

 

অক্টোবৰ ২০২০ৰ তুলনাত নবেম্বৰ ২০২০ৰ সময়ছোৱাত অখিল ভাৰতীয় চিপিআই (সামান্য) আৰু চিএফপিআইত মাহিলী পৰিৱৰ্তন (%):

 

সূচকাংক

গ্ৰামীণ

চহৰীয়া

সংযুক্ত

সূচকাংক মূল্য

% পৰিৱৰ্তন

সূচকাংক মূল্য

% পৰিৱৰ্তন

সূচকাংক মূল্য

% পৰিৱৰ্তন

নবেম্বৰ ২০

অক্টোবৰ ২০

নবেম্বৰ ২০

অক্টোবৰ ২০

নবেম্বৰ ২০

অক্টোবৰ ২০

চিপিআই (সামান্য)

১৬০.৭

১৫৯.৮

০.৫৬

১৫৬.৯

১৫৬.৭

০.১৩

১৫৮.৯

১৫৮.৪

০.৩২

চিএফপিআই

১৬৪.৮

১৬৩.৯

০.৫৫

১৬৭.৮

১৬৮.৪

-০.৩৬

১৬৫.৯

১৬৫.৫

০.২৪

টোকাঃ নবেম্বৰ ২০২০ৰ পৰিসংখ্যা অনন্তিম।

 

৫৷ মূল্য ডাটা ৱেবপৰ্টেলৰ মাধ্যমত উপলব্ধ, যাৰ তত্বাৱধান ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা কৰা হয়।

 

ডিচেম্বৰ ২০২০ৰ বাবে সূচকাংক জাৰি কৰাৰ পৰৱৰ্তী তাৰিখ ১২ জানুৱাৰী, ২০২১ (মংগলবাৰ) নিৰ্দ্ধাৰিত কৰা হৈছে।

 

মূল্যৰ উত্থান-পতনৰ সৈতে সম্বন্ধিত বিস্তৃত বিৱৰণ জানিবৰ বাবে ইংৰাজীৰ তালিকা ইয়াত চাওক

*****

DS/VJ



(Release ID: 1680673) Visitor Counter : 93