বিত্ত মন্ত্ৰালয়

ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচ চেন্টাৰ অথৰিটি (বুলিয়ন একচেঞ্জ) ৰেগুলেশ্যন, ২০২০ৰ অধিসূচনা জাৰি আইএফএছচিএৰ

Posted On: 13 DEC 2020 4:26PM by PIB Guwahati

কেন্দ্ৰীয় বাজেট, ২০২০ত কেন্দ্ৰীয় বিত্ত, কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে গুজৰাটৰ গান্ধীনগৰস্থিত জিআইএফটি চিটিৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰত ইন্টাৰনেশ্যনেল বুলিয়ন একচেঞ্জ স্থাপনৰ ঘোষণা আগবঢ়াইছিল।

পৰৱৰ্তী সময়ত, ভাৰত চৰকাৰখনে বুলিয়ন স্পট ডেলিভাৰী কনট্ৰেক্ট আৰু বুলিয়ন ডিপ’জিটৰী ৰিচিপ্ট (উল্লেখিত বুলিয়ন অনুসৰি)ক ফাইনেন্সিয়েল প্ৰডাক্ট আৰু ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচ চেন্টাৰ অথৰিটি (IFSCA) এক্ট, ২০১৯ৰ অধীনত বিত্তীয় সেৱাৰ দৰে সংযোগী সেৱা হিচাপে অধিসূচনা জাৰি কৰে।

এই বিনিময়ৰ অপাৰেশনাইজেশ্যনৰ দায়িত্বৰ সৈতে আইএফএছচিএ দায়বদ্ধ। এই সংক্ৰান্তত, ২৭ অক্টোবৰ, ২০২০ত অনুষ্ঠিত বৈঠকত কৰ্তৃপক্ষই ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচ চেন্টাৰ অথৰিটি (বুলিয়ন একচেঞ্জ) ৰেগুলেশ্যন, ২০২০ ত অনুমোদন জনালে। এই উল্লেখিত অধিনিয়ম ১১ ডিচেম্বৰ, ২০২০ত ভাৰতৰ ৰাজপত্ৰত অধিসূচিত আৰু প্ৰকাশিত হয়।

এই অধিসূচনাই অন্যান্য প্ৰসংগৰ ওপৰিও সামৰি লৈছেঃ বুলিয়ন একচেঞ্জ, ক্লিয়াৰিং কৰ্প’ৰেশ্যন, ডিপ’জিটৰী আৰু ভল্ট। এই অধিসূচনা ১৬ টা খণ্ডত ভাগ কৰা হৈছে। এই অধিসূচনাৰ প্ৰথম অৰ্ধেকত একচেঞ্জ আৰু ক্লিয়াৰিং কৰ্প’ৰেশ্যন সন্দৰ্ভত আৰু দ্বিতীয় অৰ্ধেকত ভল্ট, ডিপ’জিটৰী আৰু সম্পৰ্কীয় ব্যৱস্থাসমূহৰ কথা উল্লেখ কৰা হৈছে।

অধিসূচিত অধিসূচনাখনিৰ পূৰ্ণ পাঠ আইএফএছচিএ ৰ ৱেবচাইটত উল্লেখ কৰা হৈছে আৰু ইয়াৰ লিংক হৈছে https://ifsca.gov.in/Regulation

****

RM/KMN/SB



(Release ID: 1680495) Visitor Counter : 99