বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

কোভিড-১৯ সংক্ৰমণৰ প্ৰভাৱৰ পৰা শীঘ্ৰে ভাৰতৰ অৰ্থনীতি পুনৰুজ্জীৱিত হ'ব, সকলো ক্ষেত্ৰতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনক ব্যৱহাৰ কৰি অহা কেইটামান বছৰত দেশৰ অৰ্থনীতিয়ে বিশ্বৰ শীৰ্ষ স্থান দখল কৰিবঃ নীতি আয়োগৰ ভাইচ চেয়াৰমেন

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে সকলো ক্ষেত্ৰতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সহায় কৰি ভাৰতীয় অৰ্থনীতিৰ প্ৰত্যাশিত বিকাশ; ষ্টাৰ্ট আপৰ সংখ্যা বৃদ্ধিত সহায় কৰিছেঃ ডিএছটি চেয়াৰমেন

Posted On: 07 DEC 2020 1:49PM by PIB Guwahati

নীতি আয়োগৰ ভাইচ চেয়াৰমেন ড৹ ৰাজীৱ কুমাৰে জনাইছে যে কোভিড-১৯ সংক্রমণৰ প্রভাবৰ পৰা খুব সোনকালেই ভাৰতৰ অর্থনীতি পুনৰুজ্জীৱিত হ'ব, সকলো ক্ষেত্রতে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাবনক ব্যৱহাৰ কৰি অহা কেইটামান বছৰৰ ভিতৰতে দেশৰ অর্থনীতিয়ে বিশ্বৰ ভিতৰতে শীর্ষ স্থান দখল কৰিব। বিজ্ঞান আৰু প্রযুক্তি দপ্তৰ (ডিএছটি)ৰ ৫০ বছৰ পূর্তি উপলক্ষ্যে আয়োজিত এক ৱেবিনাৰত এই কথা জনায় তেওঁ।

 

ডিএছটিৰ সুবর্ণ জয়ন্তী উদযাপন উপলক্ষ্যে  বিজ্ঞান আৰু প্রযুক্তি যোগাযোগৰ জাতীয় পৰিষদ আৰু  বিজ্ঞান প্রসাৰৰ দ্বাৰা আয়োজিত মহামাৰী পৰিস্থিতিৰ পৰিপ্রেক্ষিতত আলোচনা সভাত তেওঁ কয়, ''চৰকাৰে কৃষি, আধুনিক চিকিৎসা ব্যৱস্থা, ঐতিহ্যবাহী চিকিৎসা ব্যৱস্থা, নতুন শিক্ষানীতি, অতিক্ষুদ্র আৰু মজলীয়া শিল্পোদ্যোগ, শ্রম  সহ একাধিক ক্ষেত্রত সংস্কাৰ সাধনত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।''

 

তেওঁ কয় যে, এই মহামাৰীয়ে বহুত পৰিৱর্তন সাধন কৰিছে আৰু নতুন পদক্ষেপ গ্ৰহণ কৰাৰ পথ দেখুৱাইছে, যাৰ মাজত বহু ক্ষেত্ৰতে কোভিড পৰৱর্তী বিশ্বত অবস্থান কৰিব। কোভিড পৰৱর্তী বিশ্বত আমাৰ সকলোৰে বাবে উদ্ভাবনী অর্থনৈতিক ব্যৱস্থাপনাৰ প্রয়োজন আছে বুলিও তেওঁ জনায়।

 

ডঃ কুমাৰে লগতে কয়, ''প্রথম ত্রৈমাসিকত কোভিড পৰৱর্তী অর্থনীতি পুনৰুদ্ধাৰৰ ইঙ্গিত পোৱা গৈছে। আশা কৰা হৈছে যে কোভিড-১৯ৰ সমস্ত প্রভাব আঁতৰ কৰি খুব সোনকালেই ভাৰতৰ অর্থনীতিত দ্রুত পুনৰুদ্ধাৰ ঘটিব।'' তেওঁ কয় যে, অহা ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত দেশৰ অর্থনীতি গড়ে ৭-৮ শতাংশ বৃদ্ধি পাব আৰু ২০৪৭ চনৰভিতৰত ভাৰতৰ অর্থনীতি বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ'ব।

 

ভাৰতৰ অর্থনীতিক বিশ্বৰ সর্বোত্তম প্রতিযোগিতাত সহায়ক কৰি তুলিবলৈ চৰকাৰৰ পৰিকাঠামোগত সংস্কাৰৰ প্রসঙ্গত উল্লেখ কৰি ডঃ কুমাৰে জনায়, ''চৰকাৰ সহজে ব্যৱসায়ৰ উন্নতি সাধন কৰাত প্রতিশ্রুতিবদ্ধ। আনকি প্রত্যেক বিদ্যালয়ত ছাত্রছাত্রীসকলে যাতে উদ্ভাবনী প্রযুক্তি আৰু ভাবধাৰাৰ সৈতে পৰিচিত হ'ব পাৰে তাৰবাবে উদ্ভাবনীমূলক ইকো ছিস্টেম প্ৰস্তুত কৰিবলৈও বদ্ধপৰিকৰ।''

ৱেবিনাৰত ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শর্মাই স্বচ্ছ শক্তি, স্বাস্থ্য, শিক্ষা, পৰিবহণ, কৃষি, যোগাযোগ, বৈদ্যুতিক ক্ষেত্র, কোৱান্টাম প্রযুক্তিৰ দৰে বিভিন্ন ক্ষেত্রত চৰকাৰৰ গৃহীত বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ কথা দাঙি ধৰে। তেওঁ কয় যে, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাবনৰ সহায়ত  স্টার্ট-আপৰ  সংখ্যা বৃদ্ধি পাইছে আৰু প্রযুক্তি ক্ষেত্রত গৃহিত পদক্ষেপতো সহায়তা প্রদান কৰিছে। বিজ্ঞান আৰু প্রযুক্তি দপ্তৰে বিগত ৫০ বছৰ ধৰি বিভিন্ন ক্ষেত্রত গৌৰৱেৰে যি কাম কৰি গৈছে সেই কথাও দাঙি ধৰে শ্রী শর্মাই। তেওঁ কয় যে যোৱা ৫ বছৰত এই দপ্তৰৰ বাজেট বৰাদ্দ দ্বিগুণ বৃদ্ধি পাইছে। লগতে প্রাথমিক গবৱষণা আৰু উন্নয়নমূলক কাম-কাজ বৃদ্ধি পাইছে।

 

অনুষ্ঠানত ডিএছটিৰ বিশেষজ্ঞ কমিটিৰ চেয়াৰমেন অধ্যাপক এছ পি সিং, কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সহ উপাচার্য অধ্যাপক তালাত আহমেদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ সহ উপাচার্য অধ্যাপক ভি কে জৈন, ছিকিম বিশ্ববিদ্যালয়ৰ সহ উপাচার্য অধ্যাপক অবিনাশ খাৰে সহ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

CoE - Climate Change.jpg

*****

NB/KGS/(DST Media Cell)



(Release ID: 1679009) Visitor Counter : 253