তীখা মন্ত্ৰালয়

ছেইলে কেঁচা ইস্পাৎ উৎপাদনত ৭%ৰ বৃদ্ধি নথিভুক্ত কৰে, বিক্ৰীত ২.৭%ৰ ৰেকৰ্ড বৃদ্ধি

Posted On: 04 DEC 2020 5:34PM by PIB Guwahati

ভাৰতীয় ইস্পা প্ৰাধিকৰণে (ছেইল) নবেম্বৰ, ২০২০ৰ সময়ত কেঁচা ইস্পাতৰ উপাদনত ৭%ৰ বৃদ্ধি নথিভুক্ত কৰিছে। নবেম্বৰত ইয়াৰ মুঠ উপাদন ১.৪১৭ মিলিয়ন টন হয়। যোৱা বছৰ একেই (চিপিএলৱাই)ৰ সময়ত ১.৩২৮ মিলিয়ন টন কেঁচা ইস্পাতৰ উপাদন হৈছিল। ইয়াৰ পাঁচবিধ একত্ৰিকৃত ইস্পা সংযন্ত্ৰ (আইএছপিএছ) নবেম্বৰ, ২০২০ত ১.৪০২ মিলিয়ন টন উপাদন হয়। ইয়াৰ পূৰ্বে নবেম্বৰ, ২০১৯ত এই সংখ্যা ১.৩০৩ মিলিয়ন টন আছিল।

 

ইয়াৰ উপৰিও ছেইলে বিক্ৰীৰ ক্ষেত্ৰতো নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। কোম্পানীটোৱে নবেম্বৰ, ২০২০ত ১.৩৯ মিলিয়ন টন ইস্পা বিক্ৰী কৰে। চলিত বিত্তীয় বৰ্ষ (২০২০-২১)ৰ আৰম্ভণিৰ মাহবিলাকত কোভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বান সত্ত্বেও এপ্ৰিল-নবেম্বৰ, ২০২০ৰ সময়ছোৱাত নিৰন্তৰ সংস্কাৰৰ ফলত সঞ্চয়ী বিক্ৰীত ২.৭%ৰ বৃদ্ধি হৈছে। এই সময়ছোৱাত লকডাউনৰ ফলত  ইয়াৰ উপাদন আৰু চাহিদাৰ ক্ষেত্ৰত যথেষ্ট হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল।

 

ছেইলৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ চৌধুৰীয়ে কোম্পানীৰ এই প্ৰদৰ্শন সন্দৰ্ভত কয়, ''নবেম্বৰ, ২০২০ৰ সময়ছোৱাত এই প্ৰদৰ্শনে বজাৰৰ স্থিতিত সংস্কাৰৰ সৈতে মিলি ছেইলৰ দ্বাৰা কোভিডৰ পূৰ্বৰ স্তৰ পাবলৈ কৰি থকা নিৰন্তৰ প্ৰয়াস প্ৰতিপন্ন কৰিছে। বজাৰত বৰ্তমান বৃদ্ধিৰ সুযোগৰ লাভ অৰ্জন কৰাৰ ওপৰত মনোযোগ দিয়াৰ উপৰিও ছেইলে ঘৰুৱাৰ লগতে ৰপ্তানি বজাৰতো নিজৰ বিক্ৰী বঢ়োৱাৰ দিশত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ই কোম্পানীৰ ইনভেণ্টৰীৰ স্তৰক তললৈ অনাৰ লগতে ইয়াৰ বেলেঞ্চ শ্বিটৰ লিভাৰেজক যথেষ্ট সীমালৈকে হ্ৰাস কৰাত সহায় কৰিছে।'' ইয়াৰ উপৰিও তেওঁ কয় যে কোম্পানী অহা সময়ত বজাৰত নিজৰ স্থিতি অধিক শক্তিশালী কৰা সন্দৰ্ভত আশ্বস্ত।

*****

 

YKB/TFK



(Release ID: 1678460) Visitor Counter : 97