স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ড৹ হৰ্ষ বৰ্ধনে ভাৰত-ছুইডেন হেল্থকেয়াৰ ইন'ভেচন চেণ্টাৰৰ বাৰ্ষিক সন্মিলনৰ অধ্যক্ষতা কৰে

''নীতি নিৰ্মাতা, শিক্ষা জগত আৰু উদ্যোগৰ সমাবেশে নৱোন্মেষণ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব''

''কৰোণাৰ পিছত হোৱা স্বাস্থ্য সম্পৰ্কীয় বুজাবুজি সন্দৰ্ভত ড৹ হৰ্ষ বৰ্ধনে কয়ঃ আমি অকলশৰীয়াকৈ কাম কৰিব নোৱাৰো, আমি বৈশ্বিক স্তৰত এক অপূৰ্ব আৰু প্ৰভাৱশালী সহযোগিতা গঢ়ি তুলিব লাগিব

পোষ্ট কৰা হৈছে: 02 DEC 2020 6:24PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে ভাৰত-ছুইডেন মেমৰিয়েল সপ্তাহৰ অধীনত আজি ভাৰত-ছুইডেন হেল্থকেয়াৰ ইন'ভেচন চেণ্টাৰৰ বাৰ্ষিক সন্মিলন-'হেল্থ টকছ'ৰ অধ্যক্ষতা কৰে।

ড৹ হৰ্ষ বৰ্ধনে দুয়োখন দেশৰ মাজত স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি থকা সহযোগিতাৰ স্মৰণ কৰি কয় যে ২০১৯ চনত দুয়োখন দেশৰ এই সহযোগিতাৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ অনুষ্ঠান হৈছিল। তেওঁ কয়, ''২০১৯ চনত ভাৰত-ছুইডেন হেল্থকেয়াৰ ইন'ভেচন চেণ্টাৰৰ উদ্বোধনী সমাৰোহৰ কথা আমাৰ সকলোৰে মনত আছে, যাৰ উদ্বোধন ছুইডেনৰ ৰজা গুস্তাফ ১৬শই কৰিছিল।''

দুয়োখন দেশৰ মাজত সহযোগিতাৰ বহু লাভজনক সম্পৰ্কলৈ সলনি হোৱাত নিজৰ আনন্দ প্ৰকাশ কৰি ড৹ হৰ্ষ বৰ্ধনে কয়, ''নীতি নিৰ্মাতা, শিক্ষা জগত আৰু উদ্যোগৰ সমাবেশে নৱোন্মেষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই দিশত কৰি থকা সকাৰাত্মক প্ৰয়াস আৰু সহযোগিতালৈ মই আগ্ৰহেৰে বাট চাই আছো।''

কোভিডৰ বিষয়ে উল্লেখ কৰি ড৹ হৰ্ষ বৰ্ধনে কয় যে যোৱা ১০ মাহত সম্পূৰ্ণ পৃথিৱীৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰা কোভিডৰ বিষয়ে আলোচনা নকৰিলে স্বাস্থ্য ক্ষেত্ৰৰ বিষয়ে কোনো আলোচনা সম্পূৰ্ণ হ'ব নোৱাৰে। অৱশ্যে প্ৰত্যেক প্ৰত্যাহ্বানে আমাৰ বাবে শিকাৰ সুযোগো লৈ আহে। এই বৈশ্বিক প্ৰত্যাহ্বানে আমাক শিকালে যে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ সমান্তৰালকৈ আমি দায়বদ্ধতাৰ ক্ষেত্ৰতো সহযোগিতাৰে প্ৰয়াস কৰিব লাগে। পাৰস্পৰিক সহযোগিতা আজি সময়ৰ আৱশ্যকতা হৈ পৰিছে। আমি অকলশৰীয়াকৈ কাম কৰিব নোৱাৰো। আমি বৈশ্বিক স্তৰত এক অপূৰ্ব আৰু প্ৰভাৱশালী পদ্ধতিৰে সহযোগিতা সৃষ্টি কৰা প্ৰয়োজন।

তেওঁ কয়, ''দুয়োজন প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু ময়ো এই সময়ছোৱাত ছুইডেনৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ সুযোগ পাইছো।'' তেওঁ কয় যে দুয়োখন দেশৰ মাজত তেওঁ স্বাস্থ্য সম্পৰ্কীয় সহযোগিতা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে এক বুজাবুজি চুক্তিৰ অধীনত স্থাপিত সংযুক্ত কৰ্ম গোটৰ ৰণনীতি আৰু পৰিকল্পনাৰ বিষয়ে জানিবলৈ আগ্ৰহী। উল্লেখযোগ্য যে এই সংযুক্ত কৰ্ম গোটৰ অহা সপ্তাহত বৈঠক হ'ব।

দ্বিপাক্ষিক বুজাবুজি চুক্তিৰ ফলত প্ৰাপ্ত পৰিণামৰ প্ৰশংসা কৰি ড৹ হৰ্ষ বৰ্ধনে কয়, ''ভাৰত-ছুইডেন হেল্থকেয়াৰ ইন'ভেচন চেণ্টাৰে যোধপুৰত থকা এইম্ছত কেঞ্চাৰৰ চিকিৎসাৰ বাবে এটা উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰাৰ প্ৰক্ৰিয়াত আগবাঢ়িছে। ইয়াৰ ফলত ৰোগীসকলে ৰোগ, চিকিৎসা উন্নত ধৰণে বুজিপোৱা আৰু ব্যৱস্থা কৰাত সহায় হ'ব। ইয়াৰ ফলত ৰোগীসকলে ঔষধৰ জটিলতা ব্যৱস্থিত কৰাত, চিকিৎসা বিধি সুনিশ্চিত কৰাত আৰু চিকিৎসাৰ সময়ত হোৱা জটিলতা হ্ৰাস কৰাত সহায় হ'ব, যাৰ ফলত কেৱল ৰোগীৰে নহয় বৰং তেওঁৰ চোৱাচিতা কৰা সহায়কৰ জীৱনৰ মানদণ্ডও উন্নত হ'ব।''

ড৹ হৰ্ষ বৰ্ধনে এই কেন্দ্ৰৰ তৰফৰ পৰা প্ৰদান কৰা প্ৰথম ''ইন'ভেচন চেলেঞ্জ'ৰ বিজেতাৰ ঘোষণাও কৰে। এনচিডি আৰু কোভিড-১৯সহ এই ক্ষেত্ৰৰ প্ৰায় ৮টা প্ৰত্যাহ্বান চিনাক্ত কৰা হয় আৰু ইয়াৰ বাবে ভাৰত আৰু ছুইডেনৰ ষ্টাৰ্ট আপৰ পৰা আবেদন বিচৰা হৈছিল। ইয়াত ডিজিটেল আহিলা, মেড-টেক, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চযুক্ত সমাধানৰ দৰে প্ৰত্যাহ্বানৰ বিষয়ে জানিব পৰা যায়, যাৰ ফলত স্বাস্থ্য সেৱা ক্ষেত্ৰৰ কাৰ্য ক্ষমতা আৰু সম্পূৰ্ণ ব্যৱস্থাত সংস্কাৰ হ'ব। নৱোন্মেষণ চেলেঞ্জে ব্যাপক সঁহাৰি লাভ কৰে আৰু এই পুৰস্কাৰৰ বাবে ৪৬৮খন আবেদন লাভ কৰা হয়। কেইবাটাও স্তৰত মূল্যাংকনৰ পিছত মুঠ ১৪ বিজেতাক বাছনি কৰা হয়।

ভাৰতত ছুইডেনৰ ৰাষ্ট্ৰদূত শ্ৰী ক্লাছ মলিন, ইউৰোপীয় সংঘ আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্য বিভাগ, স্বাস্থ্য আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰালয়, ছুইডেন চৰকাৰৰ উপ-মহানিৰ্দেশক আৰু মুৰব্বী শ্ৰী নিকলাছ জেকবছন, ভাৰতত ছুইডেনৰ বাণিজ্য আয়ুক্ত শ্ৰী এণ্ডাৰ্ছ টফটে অনুষ্ঠানত উপস্থিত থাকে।

এইম্ছ দিল্লীৰ নিৰ্দেশক ড৹ ৰণদীপ গুলেৰীয়া, এইম্ছ যোধপুৰৰ নিৰ্দেশক ড৹ সঞ্জীৱ মিশ্ৰ, ড৹ কুলদীপ সিংহ আৰু ড৹ মিনু বাজপেয়ী (এইম্ছ নতুন দিল্লী)য়ে চিকিৎসা সমুদায়ক প্ৰতিনিধিত্ব কৰে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ, অৰ্থনৈতিক পৰামৰ্শদাতা শ্ৰী নীলাম্বুজ শৰণ, স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী লাভ অগ্ৰৱালসহ মন্ত্ৰালয়ৰ কেইবাজনো অধিকাৰী এই অনুষ্ঠানত উপস্থিত থাকে।

 

*****

MV/SJ


(ৰিলিজ আই ডি : 1677946) অতিথি কক্ষ : 201
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Tamil , Telugu