সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

অসমৰ নগাঁৱত ৩৫৫১গৰাকী দিব্যাংগজন আৰু ৫৯৬গৰাকী বয়োজ্যেষ্ঠ নাগৰিকক সাহায্য আৰু সহযোগিতা উপকৰণ বিতৰণ কৰিবলগীয়া ‘এডিআইপি শিবিৰ’ৰ ‘ই-উদ্বোধন’ কৰিলে শ্ৰী থাৱৰচন্দ গেহলটে

৪১৪৭ গৰাকী হিতাধিকাৰীক ২৬১.১৫ লাখ টকাৰ ৭৫৮৫টা উপকৰণ যোগান ধৰা হ’ব

পোষ্ট কৰা হৈছে: 27 NOV 2020 4:08PM by PIB Guwahati

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী শ্ৰী থাৱৰচন্দ গেহলটে আজি অসমৰ নগাঁৱত ৩৫৫১গৰাকী দিব্যাংগজন আৰু ৫৯৬গৰাকী জ্যেষ্ঠ নাগৰিকক সাহায্য আৰু সহযোগিতা উপকৰণ বিতৰণ কৰিবলগীয়া এডিআইপি শিবিৰই-উদ্বোধনকৰে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনাঅধীনত নগাঁও চহৰৰ এলফিষ্টন বিবাহ ভৱনত অনুষ্ঠিত কৰা শিবিৰত আজি ২.৬২ লাখ টকাৰ উপকৰণ ৫০গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয়। শিবিৰত দিব্যাংগজন আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত তিনিচকীয়া চাইকেল, হুইল চেয়াৰ, লাখুটি, স্মাৰ্ট কেন, স্মাৰ্ট ফোন, শ্ৰবণ যন্ত্ৰ, টেট্ৰাপড তথা ট্ৰাইপড আদি বিতৰণ কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰী গেহলটে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু মাৰ্গদৰ্শনত তেওঁৰ মন্ত্ৰালয়ে শাৰিৰীক সমস্যাত ভোগা দিব্যাংগসকলৰ সবলীকৰণৰ লক্ষ্যৰে নতুন আইন ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। নতুন আইনৰ অধীনত দিব্যাংগজনৰ শ্ৰেণীৰ সংখ্যা পূৰ্বৰ ৭ ৰ পৰা ২১ টালৈ বৃদ্ধি পোৱাৰ লগতে চৰকাৰীৰ চাকৰিৰ ক্ষেত্ৰত থকা আসনৰ সংৰক্ষণ পূৰ্বৰ ৩%ৰ বিপৰীতে ৪%লৈ বৃদ্ধি কৰা হৈছে। সেইদৰে উচ্চ শিক্ষাৰ আসনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ৫%লৈ। ইফালে, তেওঁৰ মন্ত্ৰালয়ে দিব্যাংগজনক বিতৰণ কৰিবলৈ লোৱা অনন্য পৰিচয় পত্ৰ(ইউডিআইডি) আঁচনিখনে দেশৰ ৭০৯খন জিলাকে সামৰি লৈছে আৰু ইতিমধ্যে ৫০.৩৩ লাখ পৰিচয় পত্ৰ অনুমোদন জনোৱা হৈছে বুলি তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ অসমৰ জিলাসমূহত থকা দিব্যাংগসকলক এই পৰিচয় পত্ৰ বিতৰণ কৰাৰ কামত মনোনিৱেশ কৰাৰ বাবে সংশ্লিষ্টসকললৈ আহ্বান জনায়। দিব্যাংগসকলৰ মাজত খেলা-ধূলাৰ প্ৰতি থকা বিশেষ আগ্ৰহ আৰু পেৰালিম্পিক আদিৰ দৰে খেল-মহোত্সৱ আদিত তেওঁলোকে প্ৰদৰ্শন কৰি অহা পাৰদৰ্শিতালৈ লক্ষ্য ৰাখিয়েই মধ্য প্ৰদেশৰ গোৱালিয়ৰত দিব্যাংগতা খেল কেন্দ্ৰ আৰু ৰাজ্যখনৰে ছেহৰত ৰাষ্ট্ৰীয় মানসিক পুনৰসংস্থাপন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচত ইতিমধ্যে ইয়াৰ নিৰ্মাণৰ কাম-কাজ কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

নগাঁৱৰ মুঠ ৪১৪৭ গৰাকী হিতাধিকাৰীক ২৬১.১৫ লাখ টকাৰ ৭৫৮৫টা উপকৰণ যোগান ধৰা হব। ইয়াৰে ৩৫৫১ গৰাকী দিব্যাংগজন আৰু ৫৯৬গৰাকী জ্যেষ্ঠ নাগৰিক।

কাণপুৰৰ আৰ্টফিচিয়েল লিম্বছ মেনুফেক্সাৰিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া(আলিমকো), ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়, অসম চৰকাৰৰ সামজ কল্যাণ বিভাগ তথা নগাঁ জিলা প্ৰশাসনে এই শিবিৰৰ আয়োজন কৰিছিল। কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিধি-নিয়ম মানি চলি শিবিৰৰ কাম-কাজ পৰিচালনা কৰা হৈছে।

শিবিৰত বিতৰণ কৰা উপকৰণসমূহৰ ভিতৰত আছে ৫৭৯ খন ট্ৰাইচাইকেল, ৭৭৬খন হুইল চেয়াৰ, ১২৩খন চি পি চেয়াৰ, ১৯৪২ ক্ৰুট, ৪৪৮ডাল লাখুটি, ১৫৬টা ৰোলেটৰ, ২৭৭টা স্মাৰ্ট কেন, ১৫টা ষ্টেণ্ডাৰ্ড ফল্ডিং কেন, ১৬টা স্মাৰ্ট ফোন, ৬টা টেবলেট, দৃষ্টিহীনজনৰ বাবে ৫টা ডেইজী প্লেয়াৰ, ২২৬৯টা শ্ৰৱণ যন্ত্ৰ, বৌদ্ধিক ৰূপে সমস্যাত ভোগাসকলৰ বাবে ২৩৬টা এমএছআইইডি কীট আৰু টেট্ৰাপ, ট্ৰাইপ আৰু ৱাকাৰকে ধৰি অন্যান্য সা-সামগ্ৰী।

*****


(ৰিলিজ আই ডি : 1676673) অতিথি কক্ষ : 144
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil