মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে লীলাৱতী বঁটা-২০২০ মুকলি কৰেঃ মহিলা সৱলীকৰণৰ বাবে এআইচিটিআইৰ উদ্ভাৱনমূলক শিক্ষা কাৰ্যসূচী

আমাৰ কন্যাসকলক আত্মনিৰ্ভৰশীল, আত্মবিশ্বাসী আৰু সফল কৰিবলৈ উন্নতমানৰ শিক্ষা অত্যন্ত আৱশ্যকঃ শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’

Posted On: 17 NOV 2020 7:47PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়ালে আজি মহিলা সৱলীকৰণৰ বাবে এআইচিটিআইৰ উদ্ভাৱনমূলক শিক্ষা কাৰ্যসূচী লীলাৱতী বঁটা-২০২০ ভাৰ্চুৱেলী মুকলি কৰে। মহিলা সৱলীকৰণক মূল বিষয়বস্তু হিচাপে লৈ মুকলি কৰা এই বঁটাৰ লক্ষ্য হল মহিলাৰ মাজত স্বচ্ছতা, স্বাস্থ্য, পুষ্টিকৰণ, শিক্ষা, সংস্থাপন, প্ৰযুক্তি, ঋণ, মাৰ্কেটিং, উদ্ভাৱন, দক্ষতা বিকাশ, প্ৰাকৃতিক সম্পদৰ দৰে বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লীলাৱতী বঁটা ২০২০ মুকলি কৰি সন্তুষ্টি প্ৰকাশ কৰে।তেওঁ কয় যে আমাৰ কন্যাসকলক আত্মনিৰ্ভৰশীল, আত্মবিশ্বাসী আৰু সফল কৰিবলৈ উন্নতমানৰ শিক্ষা অত্যন্ত আৱশ্যকবঁটাৰ থীম হিচাপে গ্ৰহণ কৰা মহিলা সৱলীকৰণ সন্দৰ্ভত চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কন্যা শিশু আৰু মহিলাৰ বাবে কেইবাটাও কল্যাণকামী আঁচনি মুকলি কৰা হৈছে। ইয়াৰ ভিতৰত অন্যতম হল সুকন্যা সমৃদ্ধি যোজনা, বেটী বচাও বেটী পঢ়াও, চিবিএছই উড়ান আঁচনি আদি। লীলাৱতী বঁটাৰে এআইচিটিই-এ পুনৰ এবাৰ মহিলা সৱলীকৰণৰ প্ৰচাৰ কৰিব বিচাৰিছে। ইয়াৰ লক্ষ্য হল উন্নত মানৰ শিক্ষা আৰু নতুন উদ্ভাৱন।

মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা মন্ত্ৰালয়ৰ ইনভেচন চেলে মহিলাৰ বাবে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ দৰে কেইবাটাও কাৰ্যসূচী মুকলি কৰিছে। এই পদক্ষেপে কন্যা শিক্ষাৰ্থী আৰু মহিলাসকলক অনুপ্ৰাণিত কৰিব। তেওঁ আশা প্ৰকাশ কৰে যে লীলাৱতী বঁটাই দেশথ মহিলা সৱলীকৰণক উদগণি যোগাব।

*****

MC/KP/AK/MS



(Release ID: 1673662) Visitor Counter : 169