প্ৰতিৰক্ষা মন্ত্ৰালয়

শীৰ্ষ আলফা (স্বাঃ) নেতা দৃষ্টি ৰাজখোৱাৰ ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ

प्रविष्टि तिथि: 12 NOV 2020 9:59AM by PIB Guwahati

মেঘালয়-অসম-বাংলাদেশ সীমান্তত ভাৰতীয় সেনাৰ চোৰাংচোৱা সংস্থাৰ ক্ষিপ্ৰ আৰু সু পৰিকল্পিত অভিযানত, দুৰ্ধৰ্ষ আলফা (স্বাঃ) নেতা দৃষ্টি ৰাজখোৱাই চাৰি সতীৰ্থ বেদান্ত, য়াছিন অসম, ৰূপজ্যোতি অসম আৰু মিথুন অসমৰ সৈতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰে।

নিশ্চিত তথ্যৰ ভিত্তিত যোৱা নটা মাহে অহৰহ অনুসন্ধানৰ মূৰত ভাৰতীয় সেনাই এই সফলতা লাভ কৰে।

দীৰ্ঘদিনে নামনি অসমত কূটাঘাত সংঘটিতৰ সৈতে জড়িত দৃষ্টি ৰাজখোৱা সেনাৰ ৱান্টেড হৈ আছিল। সেয়ে উক্ত আত্মসমৰ্পণ নিষিদ্ধঘোষিত সংগঠনটোৰ বাবে মোক্ষম আঘাত। ইয়াৰ বিপৰীতে এই ঘটনাই অঞ্চলটোত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উন্নয়নৰ সূচনা কৰিলে। ভাৰতীয় সেনাৰ এই অভিযানে অঞ্চলটোত সকলো সময়তে শান্তি আৰু স্বাভাৱিক অৱস্থা বৰ্তাই ৰাখিবলৈ দৃঢ় সংকল্পকে পুনৰ এবাৰ প্ৰতিপন্ন কৰে।

 

****

AA/BSC/KV/SB


(रिलीज़ आईडी: 1672206) आगंतुक पटल : 305
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Tamil , Telugu , Kannada