বিত্ত মন্ত্ৰালয়

তামিলনাডুত আয়কৰ বিভাগৰ তালাচী অভিযান

Posted On: 07 NOV 2020 3:02PM by PIB Guwahati

আয়কৰ বিভাগে ৪.১১.২০২০ত চেন্নাই আৰু মাদুৰাইত চেন্নাইৰ এটা আইটি ইনফ্ৰা ছেক্টকৰ কাম-কাজ পৰিচালনা কৰা প্ৰতিষ্ঠানৰ ৫টা স্থানত তালাচী অভিযান হাতত লয়৷

তালাচীৰ সময়ত এই কোম্পানীৰ ছিংগাপুৰৰ পঞ্জীয়নকৃত এটা পৃথক কোম্পানীত বিনিয়োগৰ প্ৰমাণ পায়, য’ত এই কোম্পানীৰ ৭২% আৰু আন এটা আন্তঃগাঁথনি উন্নয়ন তথা বিত্তীয় গোটৰ ২৮%শ্বেয়াৰ আছে৷ তালাচীৰ সময়ত এইটোও পোহৰলৈ আহে যে ৭২% শ্বেয়াৰ হোৱাৰ পাছতো এই কোম্পানীটোৱে ২৮% শ্বেয়াৰ থকা গ্ৰুপতকৈ বহু কম টকা বিনিয়োগ কৰিছে৷ ইয়াৰ পৰা কোম্পানীটোৰ প্ৰায় ২০০ কোটি টকা লাভ হৈছে আৰু এই ধন কোম্পানীটোৱে ৰিটাৰ্ণ অফ ইনকাম আৰু এফএ সূচীত প্ৰদৰ্শিত কৰা নাছিল৷ এয়া নীতি বিৰোধী কাম হোৱাৰ লগতে বিদেশত সম্পত্তি বা তাৰ সৈতে জড়িত লাভৰ সন্দৰ্ভত অৱগত নকৰাৰ বাবে কোম্পানীটোৰ বিৰুদ্ধে ক’লা ধন আইন, ২০১৫ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ বিনিয়োগৰ মুঠ ধনৰ পৰিমাণ প্ৰায় ৩৫৪ কোটি টকা হ’ব৷

তালাচীৰ সময়ত এইটো জানিব পৰা গৈছে যে এই গ্ৰুপটোৱে ৫টা ভুৱা কোম্পানীও চলাই আছে৷ যাৰ জৰিয়তে ভুৱা বিল প্ৰস্তুত কৰি কোম্পানীটোৱে ৩৩৭ কোটি টকা লুকুৱাই ৰাখিছে আৰু সেই ধন বিদেশলৈ স্থানান্তৰ কৰি শ্বেয়াৰ ক্ৰয় কৰিছে৷ কোম্পানীৰ এগৰাকী সঞ্চালকে দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁলোকে ভুৱা কোম্পানীৰ জৰিয়তে ধন স্থানান্তৰ কৰিছে৷

২০০৯ চনত ১৫০ কোটি টকা প্ৰিফাৰেন্সিয়েল শ্বেয়াৰ এলটমেণ্টৰ  প্ৰমাণ পোৱা গৈছে৷ এই শ্বেয়াৰ কেৱল একাউণ্টত এণ্ট্ৰী কৰা হৈছে, যাৰ লক্ষ্য হৈছে কোম্পানীৰ মুলধন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সন্মুখত বঢ়োৱা দেখুওৱা হৈছে, যাতে অধিক ঋন লাভ কৰিব পাৰে৷

তালাচীৰ সময়ত জানিব পৰা মতে গ্ৰুপটোৱে বেংকৰ পৰা সুদৰ ভিত্তিত পুঁজি লয় আৰু সেই ধন নিজৰ গ্ৰুপৰ আনটো কোম্পানীলৈ হস্তান্তৰ কৰে৷ এই ধন সম্পত্তি ক্ৰয়ত ব্যৱহাৰ কৰে৷ এইদৰে কোম্পানীটোৱে ৪২৩ কোটি টকাৰ সুদ ৰাহি কৰে৷

তালাচীৰ পৰা জানিব পৰা মতে এই গ্ৰুপটোৱে বিভিন্ন ভুৱা কোম্পানীৰ নামত ৮০০ একৰ ভূমি ক্ৰয় কৰিছে, যাৰ মূল্য অতি কমেও ৫০০ কোটি টকা হৈছে৷ এই সন্দৰ্ভত বেনামী সম্পত্তি লেনদেন আইন, ১৯৮৮ৰ অধীনত তদন্ত হৈ আছে৷

এই সম্পূৰ্ণ তালাচীৰ সময়ত এহেজাৰ কোটি টকাৰ সম্পত্তিৰ খেলিমেলি পোৱা হৈছে৷ য’ত কোম্পানীটোৱে নিজে ৩৩৭ কোটি টকাৰ অতিৰিক্ত সম্পত্তি তথ্য সদৰি কৰিছে৷ বৰ্তমানেও তদন্ত অব্যাহত আছে৷

****

RM/KMN/DB



(Release ID: 1671181) Visitor Counter : 170


Read this release in: English , Urdu , Hindi , Tamil , Telugu