কৃষি মন্ত্ৰালয়
খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ত ন্যূনতম সমৰ্থন মূল্য (এমএছপি) ৰূপায়ণ
পঞ্জাৱৰ পৰা ১৬৬.৯৭ লাখ মেট্ৰিক টন ধান ক্ৰয়, যি মুঠ ক্ৰয়ৰ ৭০.৬৬%
Posted On:
06 NOV 2020 5:14PM by PIB Guwahati
খাৰিফ বিপণন ঋতু (কেএমএছ) ২০২০-২১ৰ সময়ত চৰকাৰৰ দ্বাৰা বৰ্তমানৰ এমএছপি যোজনা অনুসৰিয়েই কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত খাৰিফ শস্যৰ ক্ৰয় প্ৰক্ৰিয়া অব্যাহত আছে, যিদৰে যোৱা বছৰসমূহত ক্ৰয় কৰা হৈছিল।
খাৰিফ ২০২০-২১ৰ বাবে ধানৰ ক্ৰয় সুচাৰুৰূপে চলি আছে। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু-কাশ্মীৰ, কেৰেলা, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ধান ক্ৰয় কৰি থকা হৈছে। ০৫ নবেম্বৰ, ২০২০ পৰ্যন্ত এই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ কৃষকৰ পৰা ২৩৬.৩০ লাখ মেট্ৰিক টনতকৈ অধিক ধান ক্ৰয় কৰা হৈছে, ইয়াৰ বিপৰীতে যোৱা বছৰ এই সময়ছোৱাত কেৱল ১৯৭.৬০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল। এই বছৰ বৰ্তমানলৈকে হোৱা ধানৰ ক্ৰয়ত যোৱা বছৰতকৈ ১৯.৫৮%ৰ বৃদ্ধি নথিভুক্ত কৰা হৈছে। ২৩৬.২৯ লাখ মেট্ৰিক টন ধানৰ মুঠ ক্ৰয়ৰ অকল পঞ্জাৱৰ অংশ ১৬৬.৯৭ লাখ মেট্ৰিক টন, যি মুঠ ক্ৰয়ৰ ৭০.৬৬%।
ধানৰ ক্ৰয়ৰ পৰা প্ৰায় ১৯.৯৮ লাখ কৃষকক চৰকাৰৰ বৰ্তমানৰ এমএছপি যোজনাৰ মুনাফা প্ৰদান কৰি চলিত খাৰিফ বিপণন ঋতুত ন্যূনতম সমৰ্থন মূল্য অনুসৰি ৪৪,৬১২.৮৯ কোটি টকা আদায় আগতেই কৰা হৈছে। ইয়াৰ উপৰিও, ৰাজ্যসমূহৰ পৰা পোৱা প্ৰস্তাৱৰ আধাৰত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা খাৰিফ বিপণন ঋতু ২০২০ৰ বাবে মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ জৰিয়তে ৪৫.১০ লাখ মেট্ৰিক টন মাহ আৰু তেলজাতীয় শস্যৰ ক্ৰয়কো মঞ্জুৰী প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালা ৰাজ্যৰ পৰা ১.২৩ লাখ মেট্ৰিক টন কোপ্ৰা (বাৰমহীয়া শস্য)ৰ ক্ৰয়ৰ বাবেও স্বীকৃতি প্ৰদান কৰা হৈছে।
যদি অধিসূচিত ফচল সময়ত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিতপ্ৰদেশসমূহত বজাৰৰ দৰ এমএছপিতকৈ তললৈ যায়, তেতিয়া ৰাজ্যৰ নোডেল এজেঞ্চিৰ মাধ্যমত কেন্দ্ৰীয় নোডেল এজেঞ্চিৰ দ্বাৰা এই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ অন্তৰ্গত মাহ, তেলজাতীয় আৰু কোপ্ৰা ফচলৰ ক্ৰয়ৰ প্ৰস্তাৱ প্ৰাপ্তিৰ ওপৰতো মঞ্জুৰী দিয়া হ'ব, যাতে পঞ্জীকৃত কৃষকৰ পৰা ২০২০-২১ৰ বাবে অধিসূচিত কৰা ন্যূনতম সমৰ্থন মূল্যত পোনপটীয়াকৈ এই ফচলসমূহ এফ এ কিউ গ্ৰেডৰ ক্ৰয় কৰিব পৰা যায়।
০৫ নবেম্বৰ ২০২০ পৰ্যন্ত চৰকাৰে নিজৰ নোডেল এজেঞ্চিৰ মাধ্যমত ২৭,১০৫.৬৪ মেট্ৰিক টন মগু, উৰদ, বাদাম আৰু ছয়াবিনৰ ক্ৰয় এমএছপি মূল্যত কৰিছে। এই ক্ৰয়ৰ জৰিয়তে তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১৬,৩৮৭জন কৃষকৰ ১৪৫.৬৮ কোটি টকাৰ উপাৰ্জন হয়। যোৱা বছৰ এই সময়ছোৱাত ১৫,৬৯৯.৯০ মেট্ৰিক টন ক্ৰয় কৰা হৈছিল, এনেদৰে মাহ আৰু তেলজাতীয় শস্য ক্ৰয়ত ৭২.৬৪% বৃদ্ধি পাইছে।
এনেদৰে ৫,০৮৯ মেট্ৰিক টন কোপ্ৰা (বাৰমহীয়া শস্য)ৰ ক্ৰয় কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যৰ পৰা কৰা হৈছে। এই সময়ছোৱাত ৩,৯৬১জন কৃষকক লাভবান কৰি ন্যূনতম সমৰ্থন মূল্যত ৫২ কোটি ৪০ লাখ টকা পৰিশোধ কৰা হৈছে। যোৱা বছৰ এই সময়ছোৱাত ২৯৩.৩৪ মেট্ৰিক টন কোপ্ৰা ক্ৰয় কৰা হৈছিল। কোপ্ৰা আৰু উৰদৰ বাবে অধিকাংশ প্ৰধান উৎপাদক ৰাজ্যত এমএছপিত অথবা ততোধিক দামত পৰিশোধ কৰি থকা হৈছে। ইয়াৰ ফলত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰে খাৰিফ মাহ তথা তেলজাতীয় ফচলৰ যোগানৰ আধাৰত সংশ্লিষ্ট ৰাজ্যৰ দ্বাৰা নিৰ্দ্ধাৰিত তাৰিখৰ পৰা ক্ৰয় আৰম্ভ কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰি আছে। ন্যূনতম সমৰ্থন মূল্য যোজনাৰ জৰিয়তেই পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ পৰা কপাহ ক্ৰয়ৰ কাম সুচাৰুৰূপে চলি আছে। ০৫ নবেম্বৰ ২০২০ পৰ্যন্ত ১,৭৫,১৮৪জন কৃষকৰ পৰা ২,৬৩,৬১৩ লাখ টকাৰ এমএছপি মূল্যত কপাহৰ ৯,০৯,৬৫৯টা গাঁঠ ক্ৰয় কৰা হৈছে।
***
APS
(Release ID: 1670907)
Visitor Counter : 141