কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

২১০ মেগাৱাটৰ লুহৰী ষ্টেজ-I জল বিদ্যুৎ প্ৰকল্পৰ ১৮১০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 04 NOV 2020 3:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে হিমাচল প্ৰদেশৰ চিমলা ও কুল্লু জিলাৰ শতদ্ৰু নৈত ২১০ মেগাৱাটৰ লুহৰী ষ্টেজ-I জল বিদ্যুৎ প্ৰকল্পৰ অৰ্থে ১৮১০.৫৬ কোটি টকা বিনিয়োগত অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে বছৰি ৭৫৮.২০ নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিব।

এই প্ৰকল্পটো ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সক্ৰিয় সমৰ্থনত বুইল্ড-অউন-অপাৰেট-মেইনটেইন (BOOM) ভিত্তিত শতদ্ৰু জল বিদ্যুৎ নিগম লিমিটেড (SJVNL) এ ৰূপায়ণ কৰিছে। হিমাচল প্ৰদেশ চৰকাৰৰ সৈতে এই প্ৰকল্পটোৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল ৰাইজিং হিমাচল শীৰ্ষক গ্ল’ৱেল ইনভেষ্টৰ মীটত। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ নৱেম্বৰ, ২০১৯ত ইয়াৰ উদ্বোধন কৰিছিল। তদুপৰি ভাৰত চৰকাৰে ৬৬.১৯ কোটি টকাৰ অনুদানেৰে এই প্ৰকল্পটোত সহায় কৰিছে। ইয়াৰ জৰিয়তে আন্তঃগাঁথনি নিৰ্মাণত সহায়ক হৈছে আৰু ইয়াৰ জৰিয়তে বিদ্যুতৰ মাচুল ৰাহিত সহায়ক হৈ উঠিছে।

৬২ মাহৰ ভিতৰত এই লুহৰী ষ্টেজ-I জল বিদ্যুৎ প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠিব। প্ৰকল্পটোৰপৰা উৎপাদিত শক্তিয়ে গ্ৰীড সুস্থিৰতা আগবঢ়োৱাত সহায় কৰিব আৰু শক্তি যোগানৰ স্থিতি উন্নত কৰিব। গ্ৰীডটোলৈ মূল্যৱান নৱীকৰণযোগ্য শক্তি আগবঢ়োৱাৰ উপৰিও, এই প্ৰকল্পটোৱে পৰিবেশৰপৰা বছৰি ৬.১ লাখ টন কাৰ্বন ডাই অক্সাউড ৰোধ কৰিব। ইয়াৰ জৰিয়তে বায়ুৰ মানদণ্ড উন্নত হোৱাত সহায়ক হৈ উঠিব।

এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ লগে-লগে প্ৰায় ২০০০ লোকে প্ৰত্যক্ষ ও পৰোক্ষভাৱে নিয়োগৰ সুবিধা লাভ কৰিব আৰু ই ৰাজ্যখনৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নত বৰঙণি যোগাব। ইয়াৰোপৰি, লুহৰী ষ্টেজ-I জল বিদ্যুৎ প্ৰকল্পটোৰ ৪০ বছৰীয়া জীৱন চক্ৰত হিমাচল প্ৰদেশে প্ৰায় ১১৪০ কোটি টকা মূল্যৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। প্ৰকল্পটোৰদ্বাৰা প্ৰভাৱিত হোৱা পৰিয়ালসমূহে দহ বছৰলৈ প্ৰতি মাহে ১০০ ইউনিটতকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব।

নৱীকৰণযোগ্য শক্তি, শক্তি হস্তান্তৰণ আৰু তাপ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত শতদ্ৰু জল বিদ্যুৎ নিগম লিমিটেডে অভিজ্ঞতা আহৰণ কৰিছে। ই নিৰ্ধাৰণ কৰা সকলো উৎসৰ মুঠ সংস্থাপিত সামৰ্থ্যৰ অভ্যন্তৰীণ বিকাশৰ লক্ষ্য হৈছেঃ ২০২৩ ত ৫০০০ মেগাৱাট, ২০৩০ ত ১২০০০ মেগাৱাট আৰু ২০৪০ ত ২৫০০০ মেগাৱাট।

*****

VRRK/SB



(Release ID: 1670056) Visitor Counter : 299