ভুবিজ্ঞান মন্ত্ৰালয়

“বৰ্ষাকালীন অভিযান আৰু উচ্চ পাৰদৰ্শী কম্পিউটিং সুবিধাৰ ক্ষেত্ৰত বিনিয়োগৰ আনুমানিক আৰ্থিক লাভালাভ”ৰ সন্দৰ্ভত এনচিএইআৰৰ প্ৰতিবেদন প্ৰকাশ কৰিলে ড০ হৰ্ষ বৰ্ধনে

ভাৰতে এই শিতানত প্ৰায় ১,০০০ কোটি টকা বিনিয়োগ কৰিছে, যাৰ জৰিয়তে দেশৰ ১.০৭ কোটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৃষিভিত্তিক পৰিয়াল আৰু ৫৩লাখ মাছমৰীয়া পৰিয়ালে ৫০হাজাৰ কোটি টকাৰ সুবিধা লাভ কৰিব পাৰিবঃ এনচিএইআৰ প্ৰতিবেদন

Posted On: 03 NOV 2020 6:22PM by PIB Guwahati

ভূ-বিজ্ঞান মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় বৰ্ষাকালীন অভিযান আৰু উচ্চ পাৰদৰ্শী কম্পিউটিং কাৰ্যসূচীৰ অধীনত ব্যয় কৰা প্ৰতিটো টকাই দেশত ৫০টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰিব, যি বিনিয়োগে অহা পাঁচ বছৰত ৫০গুণ অধিক লাভান্বিত কৰিব৷ নতুন দিল্লীৰ এনচিএইআৰে কৰা গৱেষণাৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ আজি পৃথিৱী ভৱনত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, স্বাস্থ্য আৰু পৰিয়াল কল্যান আৰু ভূ-বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে এই প্ৰতিবেদন প্ৰকাশ কৰে৷ ভাৰ্চুৱেল অনুষ্ঠানত ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ সচিব এম ৰাজীৱন, আইএমডিৰ সঞ্চালক প্ৰধান ড০ এম মহাপাত্ৰ, প্ৰকল্প সঞ্চালক ড০ পাৰৱিন্দৰ মাইনী, বিজ্ঞানী জিআৰু ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

এই প্ৰতিবেদনত দেশৰ কৃষক, পশুপালক আৰু মাছমৰীয়াসকলৰ প্ৰত্যক্ষ আৰ্থিক লাভালাভৰ বিষয়টো প্ৰকাশ পাইছে৷ এই প্ৰতিবেদন অনুসৰি ভাৰতে এই শিতানত প্ৰায় ,০০০ কোটি টকা বিনিয়োগ কৰিছে, যাৰ জৰিয়তে দেশৰ .০৭ কোটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৃষিভিত্তিক পৰিয়াল আৰু ৫৩লাখ মাছমৰীয়া পৰিয়ালে ৫০হাজাৰ কোটি টকাৰ সুবিধা লাভ কৰিব পাৰিব৷

এই সমীক্ষাত ৩,৯৬৫গৰাকী কৃষক, ৭৫৭গৰাকী সাগৰৰ মাছমৰীয়া আৰু ১,৩৭৬গৰাকী পশুপালকসহ মুঠ ৬,০৯৮গৰাকী উত্তৰদাতাক প্ৰত্যক্ষভাৱে প্ৰশ্ন সোধা হয়৷ তদুপৰি, আইভিআৰএছৰ জৰিয়তেও ২লাখ কৃষকৰ প্ৰতিক্ৰয়া সংগ্ৰহ কৰা হয়৷

ৰাষ্ট্ৰীয় বৰ্ষাকালীন অভিযান হৈছে ২০১২ চনত ভূ-বিজ্ঞান মন্ত্ৰালয়ে বৰ্ষাকালৰ হস্ৰ, মধ্য আৰু দীৰ্ঘকালীন আগজাননী প্ৰদানৰ এক অত্যাধূনিক, গতিশীল প্ৰক্ৰিয়া৷ ইয়াৰ জৰিয়তে জলবায়ুৰ সন্দৰ্ভত দেশত সঠিক আগজাননী প্ৰদান কৰা হয়, যাৰ ভিত্তিত পৰৱৰ্তী কৃষিকাৰ্য, স পালনৰ ক্ষেত্ৰত সংশ্লিষ্ট লোকসকলে সিদ্ধান্ত গ্ৰহণ কৰাত সহায় হয়৷ ইয়াৰ জৰিয়তে বৰষুণৰ মাত্ৰা, তাপমাত্ৰা আৰু পানীৰ পৰ্যাপ্ততাৰ সম্পৰ্কীয় আগতীয়া তথ্য প্ৰদান কৰা হয়৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সৈতে সহযোগিতাৰে কাম কৰি গ্ৰামীণ কৃষি মৌচম সেৱা(জিকেএমএছ)’ৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ৪০ মিলিয়ন কৃষকক সপ্তাহত দুবাৰকৈ কৃষি-বতৰসম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়৷ কৃষকসকলক এছএমএছ, মেঘদূত আৰু আইএমডিক ৱেবছাইট, কিষাণ পটেল, দূৰদৰ্শন, ৰেডিঅআৰু বাতৰিকাকতযোগে এই তথ্য প্ৰদান কৰা হয়৷ কৃষকসকলেও এই পৰামৰ্শৰ ভিত্তিতে শস্য ৰোপণ, বিভিন্ন প্ৰজাতিৰ শস্য, কীটানুনাশক চতিওৱা আৰু জলসিঞ্চনৰ ব্যৱস্থাপনা ইত্যাদি কামসমূহ কৰি লাভান্বিত হৈছে৷

 

সম্পূৰ্ণ প্ৰতিবেদন এই লিংকত চাব পাৰিব Click here for the full report.

পিপিটা উপস্থাপন চাবলৈ এই লিংকত ক্লিক কৰকঃClick here for the PPT presentation.

 

[এই সম্পৰ্কীয় সম্পূৰ্ণ প্ৰতিবেদন ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ ৱেবছাইটত চাব পাৰিব (http://www.moes.gov.in).]

 

*****

NB/KGS/(MoES inputs)/DB



(Release ID: 1669966) Visitor Counter : 157