যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ফিট ইণ্ডিয়া ৱাকাথন’-ৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিলে ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুয়ে

‘নাগৰিকসকলক ‘ফিটনেছ আন্দোলন’ৰ অংশ হোৱাৰ বাবে অনুপ্ৰাণিত কৰিব ৱাকাথন-য়ে’

Posted On: 31 OCT 2020 5:29PM by PIB Guwahati

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু আৰু বলীউদৰ অভিনেতা বিদ্যুত্ জামৱালে আজি ৰাজস্থানৰ জৈছালমেৰত ২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ  ফিট ইণ্ডিয়া ৱাকাথন-ৰ পতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। 

ভাৰত-তিব্বত সীমান্ত আৰক্ষী(আইটিবিপি)য়ে অনুষ্ঠিত কৰা এই কাৰ্যক্ৰম তিনি ধৰি চলিব আৰু এই কাৰ্যক্ৰমত আইটিবিপি-ৰ লগতে বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষীবাহিনী(চিএপি)সমূহৰ ১০০ ৰো অধিক বিষয়া আৰু জোৱানে ২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমাত পদব্ৰজে অংশগ্ৰহণ কৰিব।

ৱাকাথন-ৰ যাত্ৰা ৰাতিয়ে দিনে অব্যাহত থাকিব আৰু অংশগ্ৰহণকাৰীসকলে ভাৰত-পাকিস্তান সীমান্তৰ থৰ মৰুভূমিৰ মাজেৰেও পৰিক্ৰমা কৰিব।

ৱাকাথনৰ সৰহ ভাগ যাত্ৰাই বিভিন্ন আক্ৰমণ আৰু যুদ্ধৰ স্মৃতি বহণ কৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পথৰেই সম্পন্ন হব। এই যাত্ৰাপথত অংশগ্ৰহণকাৰীসকলে ঐতিহাসিক কিষাণগঞ্জ দুৰ্গও অতিক্ৰম কৰিব।

আৰম্ভণীৰ কেই কিলোমিটাৰ মান পথত ক্ৰীড়া মন্ত্ৰী শ্ৰী ৰিজিজুয়েও খোজ কাঢ়ি গৈ জোৱানসকলক সংগদান কৰিব। শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, ফিট ইণ্ডিয়া আন্দোলনক গণ আন্দোলনৰ ৰূপ দি সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে প্ৰসাৰিত কৰাৰ সপোন দেখিছিল আমাৰ প্ৰধানমন্ত্ৰীয়ে। বাহিনীসমূহৰ সদস্যসকল এনেয়েও সুস্থ-সবল হৈ থাকেই যদিও জৈছালমেৰৰ সীমান্তত ২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা খোজ কাঢ়ি অতিক্ৰম কৰি তেওঁলোকে দেশৰ প্ৰতিগৰাকী নাগৰিকক সুস্থ সবল হৈ থাকি ফিট ইণ্ডিয়া আন্দোলনক সাৰ্থক ৰূপ দিয়াৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ উত্সাহিত কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।  

অনুষ্ঠানত অভিনেতা তথা ফিটনেছ আইকনবিদ্যুত্ জামৱালে মন্তব্য কৰি কয় যে চৰকাৰে গ্ৰহণ কৰা এয়া এক সুন্দৰ পদক্ষেপ। ফিট ইণ্ডিয়া আন্দোলন দেশৰ প্ৰান্তে প্ৰান্তে প্ৰসাৰিত হোৱা উচিত বুলি মন্তব্য কৰা জামৱালে এই আন্দোলন কেৱল চহৰ-নগৰৰ বৃহত্ কেন্দ্ৰসমূহত এনে ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰি সীমিত নাৰাখি দেশৰ প্ৰতিটো অঞ্চললৈকে প্ৰসাৰিত কৰাৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

এই যাত্ৰাত আইটিবিপিৰ বিষয়া-জোৱানৰ উপৰি সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চিআৰপিএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনী(এনডিআৰএফ), ৰেপিড একশ্যন ফৰ্চ(আৰএএফ), আছাম ৰাইফলছ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনী(এনএছএফ) আদিৰ সদস্যসকলেও প্ৰতিনিধিত্ব কৰিব।

ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী নাগৰিককে সুস্থ সবল হৈ থকাৰ লগতে এক সুস্থ জীৱনশৈলী অতিবাহিত কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। অলপতে সামৰণি পৰা ফিট ইণ্ডিয়া ফ্ৰীডম ৰান কাৰ্যসূচীত সমগ্ৰ দেশৰ ৬.৫ কোটি লোকে অংশগ্ৰহণ কৰা কথাই এই আন্দোলনে ইতিমধ্যে লাভ কৰা প্ৰসাৰতাকে প্ৰতীয়মান কৰিছে।

 

*******

NB/OA/KB



(Release ID: 1669230) Visitor Counter : 118