যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
ভাৰতীয় ডাক বিভাগ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ডাক সেৱা(ইউএছপিএছ) বিভাগে দুয়ো দেশৰ মাজত কাষ্ট’ম ডাটা সম্পৰ্কীয় ডাক চালান বিনিময়ৰ বৈদ্যুতিক আদান-প্ৰদানৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে
চুক্তিৰ লক্ষ্য হ’ল ডাকসেৱাৰ মাধ্যমেৰে ক্ষুদ্ৰ আৰু বৃহৎ ৰপ্তানিকাৰীৰ বাবে ‘ৰপ্তানিৰ সৰলতা’ নিশ্চিত কৰা
प्रविष्टि तिथि:
27 OCT 2020 6:56PM by PIB Guwahati
ভাৰতীয় ডাক বিভাগ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ডাক সেৱা(ইউএছপিএছ) বিভাগে দুয়ো দেশৰ মাজত কাষ্ট’ম ডাটা সম্পৰ্কীয় ডাক চালান বিনিময়ৰ বৈদ্যুতিক আদান-প্ৰদানৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ই নিৰ্ভৰযোগ্যতা আৰু নিৰাপত্তাৰ দিশত ডাক সেৱাৰ পাৰদৰ্শিতা উন্নত কৰিব।
আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল ভাৰতৰ বাবে আগশাৰীৰ ৰপ্তানি ডেষ্টিনেচন(১৭শতাংশ)। ডাক সেৱাৰ মাধ্যমেৰে সামগ্ৰীৰ আদান-প্ৰদানতো এয়া প্ৰতিফলিত হৈছে। ২০১৯ত ভাৰতীয় ডাকসেৱা বিভাগৰদ্বাৰা প্ৰেৰণ কৰা বিদেশগামী ইএমএছৰ ২০শতাংশ আৰু চিঠি তথা সৰু পেকেটৰ ৩০শতাংশৰ গন্তব্যস্থান আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ। একেদৰে, ভাৰতীয় ডাক সেৱা বিভাগে গ্ৰহণ কৰা পাৰ্চেলৰ ৬০শতাংশই হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ। চুক্তি অনুসৰি ইলেক্ট্ৰ’নিক এডভান্স ডাটা(ইএডি)ৰ আদান-প্ৰদানে ভাৰত আৰু আমেৰিকাৰ পাৰস্পৰিক বাণিজ্যৰ প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
এই বুজাবুজিৰ চুক্তিৰ প্ৰাথমিক লক্ষ্য হ’ল ডাকসেৱাৰ মাধ্যমেৰে ক্ষুদ্ৰ আৰু বৃহৎ ৰপ্তানিকাৰীৰ বাবে ‘ৰপ্তানিৰ সৰলতা’ নিশ্চিত কৰা আৰু ভাৰতক বিশ্বৰ এক ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তোলা।
******
RCJ/M/MS
(रिलीज़ आईडी: 1668027)
आगंतुक पटल : 241