প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় নৌসেনাই মহিলা পাইলটৰ প্ৰথমটো বেটচক দায়িত্বত নিয়োজিত কৰে

Posted On: 22 OCT 2020 7:30PM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ প্ৰথমটো মহিলা বেটচক কোচীৰ ছাউদাৰ্ণ নেভেল কোমাণ্ড(এছএনচি)ৰদ্বাৰা ডৰ্নিয়াৰ এয়াৰক্ৰাফ্টত নিয়োজিত কৰা হৈছে। এই তিনিগৰাকী মহিলা পাইলট আছিল ২৭সংখ্যক ডৰ্নিয়াৰ অপাৰেচনেল ফ্লাইয়িং ট্ৰেইনিং(ডিঅএফটি) পাঠ্যক্ৰমৰ ৬গৰাকী পাইলটৰ অংশ, যিয়ে ২২ অক্টোবৰ,২০২০ত কোচীৰ আইএনএছত অনুষ্ঠিত বিদায়ী সমাৰোহত ফুল্লী অপাৰেচনেল মেৰিটাইম ৰিকনাইছেন্স(এমআৰ)পাইলট হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে।

এছএনচিৰ ভিএছএম, এনএম, চীফ ষ্টাফ অফিচাৰ(ট্ৰেইনিং) ৰিয়াৰ এডমাইৰেল এণ্টনী জৰ্জ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সকলো অপাৰেচনেল মিছনৰ বাবে ডৰ্নিয়াৰ এয়াৰক্ৰাফ্ট সঞ্চালিত কৰাৰ যোগ্যতা অৰ্জন কৰা পাইলটসকলক বঁটা প্ৰদান কৰে। মহিলাৰ প্ৰথমটো বেটচৰ সদস্য কেইগৰাকী হল লেফটেনেণ্ট দিব্যা শৰ্মা(মালভিয়া নগৰ, নতুন দিল্লী), লেফটেনেণ্ট শুভাংগী স্বৰূপ(তিলহাৰ, উত্তৰ প্ৰদেশ) আৰু লেফটেনেণ্ট শিৱাংগী(মুজাফ্ফৰপুৰ, বিহাৰ)। এই বিষয়া কেইগৰাকীয়ে আৰম্ভণিতে ভাৰতীয় বায়ু সেনা আৰু নৌসেনাৰ সৈতে প্ৰাথমিক উৰণ প্ৰশিক্ষণ গ্ৰহণ কৰিব। এমআৰ ফ্লাইয়িঙৰ বাবে নিযুক্ত তিনিগৰাকী মহিলা পাইলটৰ ভিতৰত লেফটেনেণ্ট শিৱাংগীয়ে ০২ ডিচেম্বৰ,২০১৯ত এগৰাকী নৌ পাইলট হিচাপে যোগ্যতা অৰ্জন কৰিছিল।

 

 

*******

ABBB/SW/VM/MS



(Release ID: 1666963) Visitor Counter : 174