ৰেল মন্ত্ৰালয়

সমাগত উত্সৱৰ সময়ত ৰে’ল ষ্টেশ্যনসমূহত বাঢ়ি অহা ভিৰৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা, সমাগম প্ৰবন্ধন, ক’ভিড-১৯ সম্পৰ্কীয় বিধি-নিৰ্দেশনাৰ বলবত্কৰণ, মানৱ সৰবৰাহ আৰু অন্যান্য প্ৰবন্ধনসমূহৰ পৰ্যালোচনা কৰিলে ৰে’লৱে’ বোৰ্ডে

Posted On: 16 OCT 2020 7:13PM by PIB Guwahati

সমাগত উত্সৱকালীন পৰিৱেশত দেশৰ ৰেল ষ্টেশ্যনসমূহত মানুহৰ সমাগম বৃদ্ধি পোৱাতো নিতান্তই স্বাভাৱিক। হঠাতে বৃদ্ধি পোৱা ভিৰত সমাগম প্ৰবন্ধনকে ধৰি অন্যান্য ব্যৱস্থাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাতো আক্ষৰিক অৰ্থতে প্ৰত্যাহ্বানমূলক যদিও শেহতীয়া ভাবে কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ই আৰু অধিক দুৰূঢ় হৈ উঠিছে। সাম্প্ৰতিক পৰিস্থিতিত এনে ব্যৱস্থাৱলীক কঠোৰ ভাবে বলবত্ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। সেয়ে ৰেলৱে বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে আজি (১৬-১০-২০২০) বোৰ্ডৰ সদস্য(অভিযান আৰু বাণিজ্যিক উন্নয়ণ) আৰু ৰেল সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানৰ লগতে মাণ্ডলিক আৰু সংমাণ্ডলিক পৰ্যায়ৰ ক্ষেত্ৰ পৰিচালনাৰে জড়িত অন্যান্য জ্যেষ্ঠ বিষয়া বৰ্গৰ সৈতে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভিন্ন প্ৰবন্ধন সম্পৰ্কীয় প্ৰস্তুতিৰ সমীক্ষা কৰে।

ৰেল ষ্টেশ্যনসমূহৰ লগতে ৰেলগাড়ীসমূহত যাতে কৰোনাৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায় সেই কথা নিশ্চিত কৰাৰ বাবে ৰেল কৰ্তৃপক্ষই জাৰি কৰা বিধি নিৰ্দেশনা মানি চলাৰ বাবে যাত্ৰীসকলৰ মাজত ব্যপক সজাগতা অভিযান চলোৱাৰ বাবে ক্ষেত্ৰ পৰিচালনাৰে জড়িতসকলক নিৰ্দেশ দিয়া হয়। সংশ্লিষ্টসকলক কভিড-১৯ সম্পৰ্কীয় বিধি নিৰ্দেশনাও কঠোৰ ভাবে মানি চলাৰ ব্যৱস্থা কৰিবলৈ সঁকীয়াই দিয়া হৈছে।

উতসৱকালীন পৰিৱেশত ষ্টেশ্যনসমূহত বাঢ়ি অহা সমাগমলৈ চাই দেশৰ সকলো ৰেল মণ্ডলতে মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সতৰ্কমূলক বিধি-ব্যৱস্থা অৱলম্বনত গুৰুত্ব আৰোপ কৰা হয়। ৰেল যাত্ৰীসকৰ নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰি তোলাৰ উদ্দেশ্যে মেৰী সহেলী শীৰ্ষক এক নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে মহিলা যাত্ৰীসকলৰ মাজত স্বস্তিৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে অধিক প্ৰভাৱশালী ৰূপত মহিলা যাত্ৰীসকলৰ নিৰাপত্তাৰ দিশতো চোৱা-চিতা কৰাৰ প্ৰয়াস কৰা হৈছে।

সেইদৰে মানৱ সৰবৰাহৰ দৰে অপৰাধজনিত কৰ্ম-কাণ্ড ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে।

আনহাতে ৰেলৰ টিকটৰ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ বাবেও সংশ্লিষ্টসকলক নিৰ্দেশ দিয়া হৈছে।

 

 

***

DJN/MKV/KB



(Release ID: 1665592) Visitor Counter : 117