পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

এছিয়াৰ দীৰ্ঘতম সুৰংগ পথ-জোজিলা সুৰংগৰ কাম আৰম্ভ

সুৰংগটোৱে সকলো-বতৰতে ১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শ্ৰীনগৰ উপত্যকা আৰু লেহৰ মাজৰ যোগাযোগ ব্যৱস্থা নিশ্চিত কৰিব

Posted On: 15 OCT 2020 2:03PM by PIB Guwahati

আনুষ্ঠানিক বিস্ফোৰণেৰে আজি জম্মু-কাশ্মীৰত জোজিলা সুৰংগৰ কাম আৰম্ভ হয়। এই সুৰংগটোৱে সকলো-বতৰতে ১ নং ৰাষ্ট্ৰীয় ঘাইপথেদি শ্ৰীনগৰ উপত্যকা আৰু লেহ (লাডাখ মালভূমি)ৰ মাজত যোগাযোগ ব্যৱস্থাৰ পথ প্ৰশস্ত কৰিব আৰু জম্মু-কাশ্মীৰ (এতিয়া জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল)ৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক সংহতি স্থাপন কৰিব। ইয়াত অন্তৰ্ভুক্ত হৈছে ড্ৰাছ ও কাৰ্গিলেদি শ্ৰীনগৰ আৰু লেহক ১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰি জোজিলা গিৰিপথ (বৰ্তমানে বছৰত ৬ মাহৰ বাবে যাতায়াতৰ সুবিধা আছে)ৰ তলেদি প্ৰায় ৩০০০ মি উচ্চতাত ১৪.১৫ কিঃমিঃ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ। ই হৈছে বাহন চালনাৰ বাবে বিশ্বখনৰ অন্যতম অতিশয় বিপদসংকুল পথ ও এই প্ৰকল্পটোও ভৌগলিক-কৌশলগতভাৱে স্পৰ্শকাতৰ।

এই প্ৰকল্পটো প্ৰথমে ২০০৫ ত আৰম্ভ হয় আৰু ২০১৩ ত বিআৰঅ’ৰদ্বাৰা ইয়াৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) যুগুত কৰা হৈছিল। বিঅ’টি (এনুইটি) ম’ডত ইয়াক যুগুত কৰা যায়। চাৰিবাৰকৈ প্ৰকল্পটো আৰম্ভ কৰাৰ প্ৰচেষ্টা চলোৱা সত্বেও সফলতা লাভ কৰিবপৰা নহৈছিল। ২০১৬ৰ জুলাইত ইপিচি ম’ডত এই প্ৰকল্পটো ৰূপায়ণৰ বাবে এনএইচআইডিচিএলক দায়িত্ব দিয়া যায়। সেই অনুসৰি ইয়াৰ কামৰ দায়িত্ব ন্যস্ত কৰা যায় মেছাৰ্ছ আইটিএনএল (আইএলওএফএছ)ৰ ওপৰত। ১৯-৫-২০১৮ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেহত আধাৰশিলা স্থাপন কৰে আৰু কামৰ আৰম্ভণি ঘটে। ২০১৯ৰ জুলাইলৈকে এই কামত অগ্ৰগতি লাভ কৰা হয় আৰু তাৰ পাছত মেছাৰ্ছ আইএলওএফএছৰ আৰ্থিক সমস্যা হয় আৰু প্ৰকল্পটো বন্ধ হৈ পৰে। সেয়েহে, ১৫-০১-২০১৯ত যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

তাৰ পাছত, ২০২০ৰ ফেব্ৰুৱাৰীত, পথ পৰিবহণ ও ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে সমগ্ৰ প্ৰকল্পটো বিস্তৃতভাৱে পৰ্যালোচনা কৰে। ব্যয় হ্ৰাস কৰা আৰু অগ্ৰাধিকাৰমূলকভাৱে প্ৰকল্পটো সমাধা কৰাৰ লক্ষ্যৰে, সমগ্ৰ বিষয়টো পথ পৰিবহণ ও ঘাইপথ মন্ত্ৰালয়ৰ ডিজি (আৰডি) ও এছএছ শ্ৰী আই.কে পাণ্ডেৰ অধ্যক্ষতাত বিশেষজ্ঞ গোটলৈ হস্তান্তৰিত কৰা যায়। এই বিশেষজ্ঞ গোটটোৱে প্ৰকল্পটোৰ মডেলিটিৰ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়ায় আৰু অতি কম সময়ৰ ভিতৰত আৰু নিম্ন ব্যয় সাপেক্ষে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ মতপোষণ কৰে।

সুৰংগ বিশেষজ্ঞ আৰু আন পক্ষসমূহৰ সৈতে আলোচনাৰ পাছত, এই বিশেষজ্ঞ গোটটোৱে ১৭-৫-২০২০ত ইয়াৰ প্ৰতিবেদন দাখিল কৰে আৰু এই প্ৰতিবেদনখনিত ২৩-০৫-২০২০ত পথ পৰিবহণ ও ঘাইপথ মন্ত্ৰীয়ে অনুমোদন জনায়। এই প্ৰতিবেদনখনিয়ে সামৰি লোৱা মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ

  1. পেৰেলেল এগ্ৰেছ/এছকেপ পাছেজ অবিহনে টু-লেন বাই-ডাইৰেকশ্যনেল ছিংগল টিউব টাণেল নিৰ্মাণ।
  2. ৩ ৰপৰা ২ লৈ কনচট্ৰাকশ্যন ছাফ্ট হ্ৰাস।
  3. সুৰংগটোত ডিজাইন স্পীড প্ৰতি ঘন্টাত ৮০ কিঃমিঃ।
  4. জোজিলা সুৰংগৰপৰা আৰম্ভ হোৱা জেদ-মৰ্থ টানেলৰ সমাপ্তিৰপৰা ১৮ কিঃমিঃ (মুঠ পথ দৈৰ্ঘ্য হৈছে ১২ কিঃমিঃ)ৰ সংযোগী পথ সংযোগ য’ত কেটচ ডেম, স্ন’ গেলাৰী, কাট ও ক’ভাৰ, ডিফ্লেক্টৰ ডেম ইত্যাদিৰ দৰে হিমবাহ সুৰক্ষা গাঁথনি থাকিব যাৰ জৰিয়তে সুৰংগ দুটাৰ মাজত সকলো-বতৰতে যোগাযোগ সম্ভৱ হৈ উঠিব।
  5. আধুনিকীকৰণৰ ব্যয় ৪৪২৯.৮৩ কোটি টকা ধাৰ্য্য কৰা হৈছে ও ই বৰ্তমানে ভ্ৰমণৰ সময় ৩.৫ ঘন্টাৰপৰা সুৰংগটোৰে যাত্ৰা কৰিলে মাত্ৰ ১৫ মিনিটলৈ হ্ৰাস কৰিব।
  6. সকলো বতৰতে যোগাযোগৰ অৰ্থে হিমবাহ সুৰক্ষা ব্যৱস্থাৰ সৈতে জোজিলা সুৰংগ আৰু জেদ-মৰ্থৰপৰা জোজিলালৈ সংযোগী পথৰ সংহতকৰণ।

প্ৰকল্পটোৰ পৰিৱৰ্তিত ৰূপৰেখাঃ

ক্ৰঃ নং

মূল বৈশিষ্ট্য

  1.  

দৈৰ্ঘ্য

জোজিলা সুৰংগৰ দৈৰ্ঘ্য = ১৪.১৫ কিঃমিঃ আৰু সংযোগী পথৰ দৈৰ্ঘ্য = ১৮.৬৩ কিঃমিঃ

প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৩২.৭৮ কিঃমিঃ।

  1.  

কামৰ সুযোগ

  • বাল্টাল আৰু মিনামাৰ্গৰ মাজত এগ্ৰেছ/এছকেপ পাছেজ অবিহনে ১৪.১৫০ কিঃমিঃ দৈৰ্ঘ্যৰ বাই-ডাইৰেকশ্যনেল টাণেল।
  • জেদ-মৰ্থ টাণেল আৰু জোজিলা টাণেলৰ মাজত ১৮.৬৩ কিঃমিঃৰ সংযোগী পথ। ইয়াত অন্তৰ্ভুক্ত হৈছে সংযোগী পথত ৪৩৩ মিঃ আৰু ১৯৫৮ মিঃ দৈৰ্ঘ্যৰ দুটা টাণেল। মুঠ পথ দৈৰ্ঘ্য হৈছে ১২ কিঃমিঃ।
  • কেটচ ডেম, স্ন’ গেলাৰী, কাট ও ক’ভাৰ, ডিফ্লেক্টৰ ডেম ইত্যাদিৰ দৰে পথ সুৰক্ষা ও হিমবাহ সুৰক্ষা গাঁথনি।
  1.  

নিৰ্মাণৰ সময়সীমা

জোজিলা সুৰংগ = ৬ বছৰ

সংযোগী পথ = ২.৫ বছৰ

 

মানচিত্ৰই জোখ-মাখ দেখুৱাইছেঃ

অনুমোদনৰ লগে-লগেই, এনএইচআইডিচিএলে ১০-৬-২০২০ত নিবিদা আহ্বান কৰে। সকলো তিনি নিবিদাকাৰীৰ কাৰিকৰী যোগ্যতাৰ লগে-লগেই, ২১-৮-২০২০ত ফাইনেন্সিয়েল বিড মুকলি কৰা হয় আৰু ৪৫০৯.৫০ কোটি টকাৰ উদ্ধৃত হাৰত মেছাৰ্ছ মেঘা ইঞ্জিনিয়াৰিং ও ইনফ্ৰাচট্ৰাকচাৰ লিমিটেডক কামৰ দায়িত্ব অৰ্পণ কৰা হয় আৰু ২৫-০৮-২০২০ত লেটাৰ অৱ একচেপটেন্স (LOA) জাৰি কৰা যায়।

ডিপিআৰ অনুসৰি ২৩৩৫ কোটি টকাৰে জোজিলা সুৰংগৰপৰা জেদ-মৰ্থ টাণেল (১৮.৬৩ কিঃমিঃ)লৈ সংযোগী পথ সকলো বতৰৰ বাবে উপযোগী পথ হিচাপে গঢ়ি তোলা হৈছে।

প্ৰকল্পটোৰ তাৎপৰ্যঃ

(i) জোজিলা সুৰংগ নিৰ্মাণৰ জৰিয়তে শ্ৰীনগৰ, ড্ৰাছ, কাৰ্গিল আৰু লেহ অঞ্চলৰ মাজত সকলো-বতৰতে সুৰক্ষিত যোগাযোগ ব্যৱস্থাৰ পথ প্ৰশস্ত হৈ পৰিব। কৌশলগত দৃষ্টিকোণেৰে পথটোৰে সকলো-বতৰতে সুৰক্ষিত যোগাযোগ অতিশয় গুৰুত্বপূৰ্ণ।

(ii) জোজিলা সুৰংগ নিৰ্মাণে অঞ্চলটোৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক সংহতি স্থাপন কৰিব যি পূৰ্বতে শীত কালত ছমাহ পৰ্যন্ত তুষাৰপাতৰ আবেষ্টনীত থকাৰ পৰিপ্ৰেক্ষিতত দেশখনৰপৰা বিচ্ছিন্ন হৈ আহিছিল।

(iii) সমগ্ৰ বছৰটো পথেৰে যোগাযোগ ব্যৱস্থাৰ বাবে জোজিলা সুৰংগৰ বিকল্প নাই। এই সুৰংগটো সম্পূৰ্ণ হৈ উঠাৰ লগে-লগে আধুনিক ভাৰতৰ ইতিহাসত অভূতপূৰ্ব সফলতা হিচাপে খোদিত হৈ ৰ’ব। দেশখনৰ প্ৰতিৰক্ষাৰ দৃষ্টিকোণেৰেও ই অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। মূলতঃ লাডাখ, গিলগিট আৰু বাল্টিস্তান অঞ্চলেৰে থকা আমাৰ সীমান্তত ব্যাপক সামৰিক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ই এটা মূল ভূমিকা পালন কৰিব।

(iv) জোজিলা সুৰংগ প্ৰকল্পই কাৰ্গিল, ড্ৰাছ আৰু লাডাখ অঞ্চলৰ জনতাৰ ৩০ বছৰীয়া দাবী পূৰণ কৰিবলৈ সক্ষম হ’ব।

(v) এই প্ৰকল্পটোৱে ১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীনগৰ-কাৰ্গিল-লেহ অঞ্চলেদি হিমবাহ অবিহনেই যাত্ৰা কৰাৰ পথ প্ৰশস্ত কৰি তুলিব।

(vi) জোজিলা পাছ অতিক্ৰম কৰা ভ্ৰমণকাৰীসকলৰ সুৰক্ষা বৃদ্ধি কৰিব এই প্ৰকল্পটোৱে। তদুপৰি ই ৩ ঘন্টাৰো অধিক ভ্ৰমণ সময় ১৫ মিনিটলৈ হ্ৰাস কৰি তুলিব।

  • vii. এই প্ৰকল্পটোৱে স্থানীয় লোকৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

জোজিলা সুৰংগৰ সুৰক্ষা বৈশিষ্ট্যঃ

  1. কেৰিয়েজৱেৰ দুয়োকাষে ৭৫০ মিটাৰৰ দূৰে-দূৰে জৰুৰীকালীন লে-বাই স্থাপন কৰা হ’ব। কেৰিয়েজৱেৰ দুয়োফালে ছাইডৱাক থাকিব। ১২৫ মিটাৰৰ দূৰে-দূৰে জৰৰীকালীন কল নীচেছ আৰু হাইড্ৰেন্ট নীচেছ থাকিব।
  2. সকলো চালকৰ বাবে মেনুৱেল ফায়াৰ এলাৰ্ম পুছ বাটন আৰু পৰ্টেবল ফায়াৰ এক্সটিংগুইচাৰৰ ব্যৱস্থা কৰা হ’ব।
  1. জৰুৰীকালীন কল নীচেছত এটা টেলিফোন স্থাপন কৰা থাকিব।
  2. ফায়াৰ হাউড্ৰেন্ট আৰু হাইড্ৰেন্ট নীচেছ, ফায়াৰ এক্সটিংগুইচাৰ।
  3. টাণেল লাইটিং চিষ্টেমঃ টাণেল লাইটিং চিষ্টেম হৈছে সুৰংগটোৰ যান-বাহনৰ সুৰক্ষাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ আৰু নিম্ন-উল্লেখিত প্ৰয়োজনীয়তাসমূহ ই পূৰণ কৰিবঃ
  • এন্ট্ৰেন্স লাইটিং (সুৰংগটোৰ উভয় মূৰতে আশ্ৰয় অঞ্চলত)
  • ইন্টেৰিঅ’ৰ লাইটিং (সমগ্ৰ সুৰংগটোতে)
  • লে-বাই লাইটিং

6. ভিডিঅ’ ছাৰ্ভিলেন্স চিষ্টেম

  • চিচিটিভি-কেমেৰাঃ টাণেলটোত ছাৰ্ভিলেন্স কেমেৰা হিচাপে টাণেলটোৰ বেৰত ইয়াক সংস্থাপন কৰা হ’ব। কমিউনিকেশ্যন লাইনৰ জৰিয়তে ডাটা আৰু ভিডিঅ’ মেছেজ সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ অৰ্থে ট্ৰেন্সচিভাৰ আৰু মিডিয়া কনভাৰ্টাৰ নিয়োগ কৰা হ’ব।
  1. ভৱনত ফায়াৰ এলাৰ্ম প্ৰণালী
  2. টাণেলটোত স্বয়ংক্ৰিয় ফায়াৰ ডিটেকশ্যন আৰু ছাপ্ৰেশ্যন প্ৰণালী

নিজা নিয়ন্ত্ৰণ প্ৰণালীৰে লিনিয়াৰ হিট ডিটেকশ্যন প্ৰণালীয়ে এছচিএডিএ প্ৰণালীক সংযোজিত কৰিব।

  1. জৰুৰীকালীন টেলিফোন নীচেছ

ইইউ ষ্টেণ্ডাৰ্ড অনুসৰি, জৰুৰীকালীন কল নীচেছ স্থাপন কৰা হ’ব। সুৰংগটোৰ ১২৫ মিটোৰতকৈয়ো কম দূৰত্বতত ইয়াক স্থাপন কৰা যাব। সকলো লে-বাইতো এই সুবিধা উপলব্ধ থাকিব। এই জৰুৰীকালীন পইন্টসমূহ নিম্ন উল্লেখিত সুবিধাসমূহৰে সমৃদ্ধ হ’বঃ

  • ফায়াৰ এলাৰ্ম পুছ বাটন
  • ফায়াৰ এক্সটিংগুইচাৰ

10. এটা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ সৈতে যান-বাহন নিয়ন্ত্ৰণ প্ৰণালী।

***

RCJ/MS/SB



(Release ID: 1665052) Visitor Counter : 156