ভুবিজ্ঞান মন্ত্ৰালয়

পশ্চিম মধ্য বংগোপসাগৰত উদ্বেগ তীব্ৰতৰ

বিশাখাপট্টনমৰ দক্ষিণ- দক্ষিণ পূব দিশে ২৫০ কিঃমিঃ, কাকিনাৰা (অন্ধ্ৰ প্ৰদেশ)ৰ পূব- দক্ষিণ পূব দিশে ২৯০ কিঃমিঃ আৰু নাৰছাপুৰ (অন্ধ্ৰ প্ৰদেশ)ৰ পূব- দক্ষিণ পূব দিশে ৩৩০ কিঃমিঃৰ একে স্থানতে কেন্দ্ৰীভূত

বিশাখাপট্টনমৰ পূব ও পশ্চিম গোদাবৰী, উত্তৰ উপকূলবৰ্তী বিজয়ানগৰম ও শ্ৰীকাকুলাম জিলাৰ ভিন্ন স্থানত অতিশয় প্ৰবল বৃষ্টিপাত (প্ৰতি দিনে ২০ ছেঃমিঃতকৈ অধিক)ৰ সম্ভাৱনা

পশ্চিম মধ্য ও সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ-তামিল নাডু ও পুডুচেৰী উপকূলত সাগৰৰ অৱস্থাৰ অধিক অৱনতিৰ আশংকা

Posted On: 12 OCT 2020 3:17PM by PIB Guwahati

ভাৰতীয় বতৰবিজ্ঞান বিভাগ (IMD)ৰ ঘূৰ্ণীবতাহ সতৰ্কতা বিভাগৰ মতেঃ

কালিৰ পশ্চিম মধ্য বংগোপসাগৰৰ উদ্বেগ পশ্চিম-উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈছে, যিয়ে ১২ অক্টোবৰ, ২০২০ৰ ভাৰতীয় মান সময় অনুসৰি ১১৩০ বজাত গভীৰ উদ্বেগৰ সৃষ্টি কৰে। যি স্থান ১৫.৯° উত্তৰ অক্ষাংশ আৰু ৮৪.৮° পূব দ্ৰাঘিমাংশৰ সমীপত, বিশাখাপট্টনমৰ দক্ষিণ-দক্ষিণ পূব দিশে ২৫০ কিঃমিঃ, কাকিনাৰা (অন্ধ্ৰ প্ৰদেশ)ৰ পূব-দক্ষিণ পূবে ২৯০ কিঃমিঃ আৰু নাৰছাপুৰ (অন্ধ্ৰ প্ৰদেশ)ৰপৰা পূব-দক্ষিণ পূবে ৩৩০ কিঃমিঃ দূৰৈত অৱস্থিত।

পূৰ্বানুমান অনুসৰি, ১৩ অক্টোবৰ, ২০২০ৰ পুৱতি-নিশা ই পশ্চিম-উত্তৰ পশ্চিমেদি যাব আৰু  নাৰছাপুৰ ও বিশাখাপট্টনমৰ মাজৰ কাকিনাৰাৰ সমীপৱৰ্তী উত্তৰ অন্ধ্ৰ প্ৰদেশ উপকূল অতিক্ৰম কৰিব। এই সময়ছোৱাত প্ৰতি ঘন্টাত ৫৫-৬৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭৫ কিঃমিঃ বেগত বতাহ বলিব।

তলত উল্লেখ কৰা তালিকাখনত সম্ভাৱ্য পথ আৰু তীব্ৰতা উল্লেখ কৰা হৈছেঃ

তাৰিখ/সময় (ভাঃমাঃসঃ)

স্থান

(অক্ষাংশ 0উঃ/ দ্ৰাঘিমাংশ 0পূঃ)

বতাহৰ সৰ্বাধিক বেগ (কিঃমিঃ প্ৰতি ঘন্টা)

ঘূৰ্ণীৰ ধৰণ

১২-১০-২০/১১৩০

১৫.৯/৮৪.৮

৫০-৬০ ৰপৰা ৭০ লৈ

অধিক তীব্ৰ

১২-১০-২০/২৩৩০

১৬.৭/৮৩.১

৫৫-৬৫ ৰপৰা ৭৫ লৈ

অধিক তীব্ৰ

১৩-১০-২০/১১৩০

১৭.১/৮১.৭

৪৫-৫৫ ৰপৰা ৬৫ লৈ

তীব্ৰ

১৩-১০-২০/২৩৩০

১৭.৫/৮০.৩

২৫-২৫ ৰপৰা ৪৫ লৈ

নিম্ন

 

সতৰ্কতাঃ

(i) বৃষ্টিপাতৰ সতৰ্কতা

  • ১২ অক্টোবৰ, ২০২০: পূব ও পশ্চিম গোদাবৰী, বিশাখাপট্টনম, উত্তৰ উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশৰ বিজয়ানগৰম ও শ্ৰীকাকুলাম জিলা, য়ানমৰ ভিন্ন স্থানত অতিশয় প্ৰবল বৃষ্টিপাত (প্ৰতি দিনে >২০ ছেঃমিঃ) আৰু কেতবোৰ স্থানত প্ৰবলৰপৰা অতিশয় প্ৰবল তথা ভিন্ন স্থানত পাতলৰপৰা মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনা আছে, দক্ষিণ উৰিষ্যাৰ গঞ্জাম, গজপতি, ক’ৰাপতি, ৰায়গড়, নৱৰংপুৰ, মালকানগিৰি, খুৰ্দা ও পুৰী জিলা, দক্ষিণ উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলা, ৰায়লসীমাৰ কুৰ্ণুল জিলা, তেলেংগানা, দক্ষিণ কংকান ও গোৱা, দক্ষিণ মধ্য মহাৰাষ্ট্ৰ, মাৰাঠৱাড়া, কৰ্ণাটক ও উত্তৰ কেৰালাৰ ভিন্ন স্থানত প্ৰবলৰপৰা অতিশয় প্ৰবল আৰু দক্ষিণ চত্তীশগড়ৰ ভিন্ন স্থানত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
  • ১৩ অক্টোবৰ, ২০২০: তেলেংগানাৰ ভিন্ন স্থানত অতিশয় প্ৰবল বৃষ্টিপাত (প্ৰতি দিনে >২০ ছেঃমিঃ) আৰু কেতবোৰ স্থানত প্ৰবলৰপৰা অতিশয় প্ৰবল তথা ভিন্ন স্থানত পাতলৰপৰা মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনা আছে, কৰ্ণাটক, ৰায়লসীমা, দক্ষিণ কংকান ও গোৱা, মধ্য মহাৰাষ্ট্ৰ ও মাৰাঠৱাড়া, কেৰালাৰ ভিন্ন স্থানত প্ৰবলৰপৰা অতিশয় প্ৰবল আৰু উত্তৰ উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশ, দক্ষিণ উৰিষ্যা আৰু বিদৰ্ভৰ ভিন্ন স্থানত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
  • ১৪ অক্টোবৰ, ২০২০: উত্তৰ মধ্য মহাৰাষ্ট্ৰৰ ভিন্ন স্থানত অতিশয় প্ৰবল বৃষ্টিপাত (প্ৰতি দিনে >২০ ছেঃমিঃ) আৰু কেতবোৰ স্থানত প্ৰবলৰপৰা অতিশয় প্ৰবল তথা ভিন্ন স্থানত পাতলৰপৰা মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনা আছে, কংকান ও গোৱা, দক্ষিণ মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাঠৱাড়াৰ ভিন্ন স্থানত প্ৰবলৰপৰা অতিশয় প্ৰবল আৰু উপকূলবৰ্তী ও দক্ষিণ অন্তৰ্বৰ্তী কৰ্ণাটকৰ ভিন্ন স্থানত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

(ii) বতাহৰ সতৰ্কতা

  • ১২ অক্টোবৰ, ২০২০: পশ্চিম মধ্য ও সংলগ্ন দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন দক্ষিণ উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ-তামিলনাডু ও পুডুচেৰী উপকূলত প্ৰতি ঘন্টাত ৫০-৬০ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে ও উত্তৰ পশ্চিম বংগোপসাগৰ আৰু উত্তৰ উৰিষ্যা উপকূলত প্ৰতি ঘন্টাত ৪০-৫০ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৬০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।
  • ১৩ অক্টোবৰ, ২০২০: ১২ অক্টোবৰ, ২০২০ ৰ বিয়লিৰপৰা ১৩ অক্টোবৰৰ দুপৰীয়ালৈকে পশ্চিম মধ্য বংগোপসাগৰ আৰু সংলগ্ন অন্ধ্ৰ প্ৰদেশ উপকূলত প্ৰতি ঘন্টাত ৫৫-৬৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭৫ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে আৰু সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন উৰিষ্যা-তামিল নাডু ও পুডুচেৰী উপকূলত প্ৰতি ঘন্টাত ৫০-৬০ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৭০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।

ইয়াৰোপৰি, ১২ ও ১৩ অক্টোবৰ, ২০২০ত মন্নাৰ উপসাগৰত প্ৰতি ঘন্টাত ৪৫-৫৫ কিঃমিঃ ৰপৰা প্ৰতি ঘন্টাত ৬৫ কিঃমিঃ বেগত বতাহ বলি থাকিব।

(iii) সাগৰৰ অৱস্থা

  • ১৩ অক্টোবৰৰ বিয়লিলৈকে পশ্চিম মধ্য ও সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰ, দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ-তামিল নাডু ও পুডুচেৰী উপকূল আৰু ১২-১৩ অক্টোবৰ, ২০২০ৰ সময়ছোৱাত মন্নাৰ উপসাগৰৰ অৱস্থা জটিলৰপৰা অধিক জটিল হৈ থাকিব।

(iv) মাছমৰীয়াক সতৰ্কতা

  • মাছমৰীয়াসকলক প্ৰৱেশত বাধা আৰোপ কৰা স্থানসমূহ হৈছেঃ ১৩ অক্টোবৰৰ বিয়লিলৈকে উত্তৰ পশ্চিম ও দক্ষিণ পশ্চিম বংগোপসাগৰ আৰু সংলগ্ন অন্ধ্ৰ প্ৰদেশ-উৰিষ্যা-তামিল নাডু ও পুডুচেৰী উপকূল আৰু ১২-১৩ অক্টোবৰ, ২০২০ত মন্নাৰ উপসাগৰত।

(v) পূব ও পশ্চিম গোদাবৰী, বিশাখাপট্টনম, উত্তৰ উপকূলবৰ্তী অন্ধ্ৰ প্ৰদেশৰ বিজয়ানগৰম ও শ্ৰীকাকুলাম জিলা আৰু য়ানমত ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে।

  • ঘৰৰ ছালৰ ক্ষতিসাধন। পাৱাৰ আৰু কমিউনিকেশ্যন লাইনৰ সামান্য ক্ষতিসাধন। দুৰ্বল/অসুৰক্ষিত আন্তঃগাঁথনিৰ ক্ষতিসাধন।
  • প্ৰবল বৃষ্টিপাতৰ বাবে কেঁচা ৰাস্তাৰ ক্ষতিসাধন।
  • খেতি-পথাৰ, কল, অমিতা গছ আৰু ফলৰ উদ্যান ও চজিনা গছ আৰু উদ্যান শস্যৰ খেতিৰ পাতলীয়া ক্ষতিসাধন। কেঁচা মথাউৰিৰ সামান্য ক্ষতিসাধন।

সমগ্ৰ পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি অহা হৈছে আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক নিয়মীয়াভাৱে জ্ঞাত কৰি থকা যায়।

সৱিশেষৰ বাবে অনুগ্ৰহ কৰি www.rsmcnewdelhi.imd.gov.in, www.imd.gov.in চাওঁক।

 

****

NB/KGS/(IMD release)/SB



(Release ID: 1663881) Visitor Counter : 171