নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

সৌৰ সামগ্ৰী উত্পাদন সম্পৰ্কীয় ‘ইণ্ডিয়া পিভি এড্জ ২০২০’-ত বক্তব্য প্ৰদান কৰিব শীৰ্ষ নীতি নিৰ্দ্ধাৰকে

সন্মিলনত ‘ৱেফাৰ এণ্ড চেল্ছ’, ‘মডিউলছ প্ৰডাকশ্যন ইকুইপমেণ্ট’ আৰু ‘ছাপ্লাই চেইন’ সম্পৰ্কীয় অধিৱেশন অনুষ্ঠিত হ’ব
গোলকীয় অধ্যয়ন চক্ৰত ‘পিভি উত্পাদন’ সম্পৰ্কীয় ‘ইনভেষ্টৰ কনক্লেভ’ও অনুষ্ঠিত হ’ব
‘ইনভেষ্টৰ্ছ ৰাউণ্ড টেবুল’ত ভাৰতৰ সৌৰ সামগ্ৰী উত্পাদন খণ্ডৰে জড়িত প্ৰসংগ আলোচিত হ’ব

Posted On: 04 OCT 2020 12:46PM by PIB Guwahati

সৌৰ সামগ্ৰী উত্পাদনৰ বাবে ভাৰতত এক অনুকূল প্ৰেক্ষাপট ৰচনাৰ লক্ষ্যৰে ‘নীতি আয়োগ’, ‘নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়’ আৰু ‘ইনভেষ্ট ইণ্ডিয়া’-ই ‘ইণ্ডিয়া পিভি এড্জ ২০২০’ শীৰ্ষক এক ‘ভাৰ্চুৱেল’ সন্মিলনৰ আয়োজন কৰিছে। অহা ৬ অক্টোবৰ, ২০২০ৰ বিয়লি ৫ বজাৰ পৰা সন্ধিয়া ৮.৪০বজালৈ এই সন্মিলন অনুষ্ঠিত হ’ব।

পূৰ্ণকালীন অধিৱেশনৰ উপৰি এই সন্মিলনত ‘ৱেফাৰ এণ্ড চেল্ছ’, ‘মডিউলছ প্ৰডাকশ্যন ইকুইপমেণ্ট’ আৰু ‘ছাপ্লাই চেইন’ সম্পৰ্কীয় অধিৱেশন অনুষ্ঠিত হ’ব।

গোলকীয় অধ্যয়ন চক্ৰত ‘পিভি উত্পাদন সম্পৰ্কীয় ইনভেষ্টৰ কনক্লেভ’ও অনুষ্ঠিত হ’ব। তামিল নাডু, মহাৰাষ্ট্ৰ, আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যইয়ো এই অধিৱশনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিচতে অনুষ্ঠিত হ’ব এক ‘ইনভেষ্টৰ্ছ ৰাউণ্ড টেবুল’। এই ‘ঘূৰণীয়া মেজমেল’ত ‘সাধ্যানুযায়ী বিত্তীয় সংসাধনৰ দিহা’, ‘অগ্ৰণী সৌৰ উপাদনৰ অনুকূল প্ৰেক্ষাপট ৰচনাৰ ক্ষেত্ৰত বিকাশকসকলৰ ভূমিকা’কে ধৰি ভাৰতৰ সৌৰ সামগ্ৰী উত্পাদন খণ্ডৰে জড়িত বিভিন্ন প্ৰসংগ আলোচিত হ’ব।

কেন্দ্ৰীয় শক্তি, ‘নতুন আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ মন্ত্ৰী শ্ৰী আৰ কে সিং, ‘নীতি আয়োগ’ৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰ, ‘নীতি আয়োগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ কান্ত, ‘নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়’ৰ যুটীয়া সচিব শ্ৰী অমিতেশ কুমাৰ, ‘ইনভেষ্ট ইণ্ডিয়া’ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী দীপক বাগ্লা আৰু ‘নীতি আয়োগ’ৰ অতিৰিক্ত সচিব ড০ ৰাকেশ সাৰৱাল আদি বিশিষ্ট ব্যক্তিসকল পূৰ্ণকালীন অধিৱেশনত উপস্থিত থাকিব। ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনত ৬০ৰো অধিক ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় মুখ্য কাৰ্যবাহীয়ে অংশগ্ৰহণ কৰিব।

****

VRRK/RCJ/ KP/M/KB



(Release ID: 1661663) Visitor Counter : 181