বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

গান্ধী জয়ন্তী পালন চিএছআইআৰ-চিএমইআৰআইৰ

Posted On: 02 OCT 2020 6:02PM by PIB Guwahati

গান্ধীজী সদায়েই স্বচ্ছতাৰ পথিকৃৎ আৰু চিএছআইআৰ-চিএমইআৰআয়ে সদায়েই গান্ধীজীৰ লক্ষ্যক অনুসৰণ কৰি কৰ্ম-স্থান আৰু আৱাসিক অঞ্চল উভয়ৰে স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰি আহিছে, এইদৰে কয় চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰৰ অধ্যাপক (ডঃ) হৰিষ হিৰানীয়ে। তেওঁ লগতে কয় যে চিএছআইআৰ-চিএমইআৰআয়ে সদায়েই ইয়াৰ মিউনিচিপাল ছলিড আৰু লিকুইড ৱাষ্ট মেনেজমেন্ট টেকনজিৰ জৰিয়তে স্বচ্ছ বায়ু, পানী আৰু খাদ্যৰ ব্যৱস্থাত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰটো গান্ধীজীৰ উদ্দীপনাই ক্ৰিয়া কৰিছে যিয়ে গোটা আৰু পনীয়া ঘৰুৱা আৱৰ্জনাৰ বিস্তৃত প্ৰক্ৰিয়াজাতকৰণেৰে শক্তি আহৰণৰ পোষকতা কৰিছিল। মেকানিজড ড্ৰেইন ক্লিনিং চিষ্টেমেও সমগ্ৰ কলনীসমূহৰ ফলপ্ৰসূ ড্ৰেইনেজ ইনফ্ৰাচট্ৰাকচাৰ নিয়ন্ত্ৰণত ফলপ্ৰসূ প্ৰযুক্তি-ব্যৱস্থিত ড্ৰেইনেজ ক্লিনিঙৰ পথ প্ৰশস্ত কৰি তুলিছে। উল্লেখযোগ্য যে ছলাৰ ট্ৰীয়ে বাৰ্ষিকভাৱে হাজাৰ-হাজাৰ টন কাৰ্বন নিৰ্গমন ৰোধত সহায় কৰিব পাৰে আৰু ইয়াৰ ফলশ্ৰুতিত সমাজখনত ইতিবাচক প্ৰভাৱৰ প্ৰত্যাশা অধিক। প্ৰতিষ্ঠানখনিত বিশেষভাৱে বিকাশ সাধন কৰা ১ kWpলাৰ ট্ৰী মডিউল যিকোনো বৰ্তমানে থকা ইলেকট্ৰিক পলৰ শিখৰত স্থাপন কৰিবপৰা যায়। ৱাষ্ট ৱাটাৰ ৰেজাভেনেশ্যন, এয়াৰ পিউৰিফিকেশ্যন আৰু ঘৰুৱা কৃষিজাত আহিলাৰ বাবে প্ৰযুক্তিৰ সক্ষমতা বৃদ্ধি কৰি তোলা আৰু গ্ৰামাঞ্চলত ইয়াৰ পূৰ্ণ ব্যৱহাৰৰ সম্ভাৱনা অধিক, চিএছআইআৰ-চিএমইআৰআইত আয়োজন কৰা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়েই অধ্যাপক (ডঃ) হিৰানীয়ে এইদৰে কয়।

এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অধ্যাপক (ডঃ) হিৰানীয়ে চিএমইআৰআই আৱাসিক কলনীৰ বাবে স্বয়ংক্ৰিয় এন্ট্ৰী মেনেজমেন্ট চিষ্টেমৰ উদ্বোধন কৰে। এই প্ৰণালীৰ উদ্বোধনৰ পাছত, তেওঁ উল্লেখ কৰে যে ই আৱাসিক কলনীৰ ফ্ৰন্টলাইন সুৰক্ষা কৰ্মীসকলক অতিৰিক্ত প্ৰটেকটিভ কৱচ আগবঢ়াব আৰু সুৰক্ষা তথা হাইজিন প্ৰটকল নিয়ন্ত্ৰণাৰ্থে অভিযানৰ সুচলতাক প্ৰোৎসাহিত কৰি তুলিব। স্বয়ংক্ৰিয় এন্ট্ৰী মেনেজমেন্ট চিষ্টেমত ইলেকট্ৰনিক অটমেটেড গেট অপাৰেশ্যনক অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে শাৰীৰিক দূৰত্ব বজাই ৰখাত সুৰক্ষা কৰ্মী আৰু প্ৰৱেশকাৰী উভয়ৰে সুৰক্ষা নিশ্চিত কৰিব তুলিব। ভেহিকল মভমেন্ট চেন্সৰ ব্যৱহাৰেৰে গেটখনক সম্পূৰ্ণৰূপে স্বয়ংচালিত কৰি তোলা হৈছে আৰু ইয়াত জৰুৰীকালীন সময়ত মেনুৱেল অভাৰিড বিকল্প থাকিব। সংস্পৰ্শবিহীনভাৱেই সুৰক্ষা কৰ্মীসকলে যান-বাহনৰ আহ-যাহ তত্ত্বাৱধান কৰিব পাৰিব। ৩১ অক্টোবৰ, ২০২০ৰ ভিতৰত টাচলেছ ফচেট (TouF) আৰু ৩৬০0 কাৰ ফ্লাছাৰ স্থাপন কৰা হব। যান-বাহনৰ আহ-যাহ তত্ত্বাৱধান কৰিবলৈ স্বয়ংক্ৰিয় এন্ট্ৰী মেনেজমেন্ট চিষ্টেমৰ সংলগ্নকৈ ৰিচাইকলড কনচট্ৰাকশ্যন ডেব্ৰিছ ব্যৱহাৰ কৰি এটা কাৰ পাৰ্কিং ব্যৱস্থাও নিৰ্মাণ কৰি উলিওৱা হৈছে। চিএছআইআৰ-চিএমইআৰআইৰদ্বাৰা বিকাশ সাধন কৰি উলিওৱা এন্ট্ৰী মেনেজমেন্ট চিষ্টেমে প্ৰতিষ্ঠানটোৰ প্ৰযুক্তিৰ বিকাশ সাধনৰ অগ্ৰগতিকে প্ৰদৰ্শিত কৰিছে।

গছপুলি ৰোপণ কৰি, ডঃ হিৰানীয়ে সকলো অংশগ্ৰহণকাৰীকে গোটেই বছৰটোৱেই ৰোপণ প্ৰক্ৰিয়া চলাই নিবলৈ আহ্বান জনায়।আজি যুৱ প্ৰজন্মৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টাই কাৰ্বন নিগেটিভিটি হ্ৰাস আৰু বহনক্ষম পাৰিপাৰ্শ্বিকতাৰ বৰ্ধনৰে সুন্দৰ ভৱিষ্যত গঢ় দিয়াত সহায় আগবঢ়াব”, তেওঁ কয়।

SSS/SB



(Release ID: 1661289) Visitor Counter : 117