বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বিগত ৩২০০ বছৰত হোৱা বৈশ্বিক জলবায়ুৰ ঘটনা ভূ আকৃতি, বনস্পতি তথা সামাজিক-আৰ্থিক বিকাশক প্ৰভাৱিত কৰা ভাৰতীয় গ্ৰীষ্মকালীন বতৰত পৰিৱৰ্তনৰ কাৰক হ'ব পাৰেঃ ডব্লিউ আই এইচ জিৰ শেহতীয়া অধ্যয়ন

Posted On: 01 OCT 2020 4:03PM by PIB Guwahati

ভাৰতীয় গ্ৰীষ্মকালীন মনছুন (আই এছ এম)ত অকস্মাত পৰিৱৰ্তনৰ লগতে ৰোমান ৱাৰ্ম পিৰিয়ড, মিডিবল ক্লাইমেট এনোমেলি আৰু লিটিল আইচ এজৰ দৰে বৈশ্বিক জলবায়ু সম্পৰ্কীয় ঘটনাৱলীৰ ভাৰতৰ ভূ আকৃতি, বনস্পতি তথা সামাজিক-আৰ্থিক বিকাশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব পাৰে।

 

ৱাডীয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ'লজী (ডব্লিউ আই এইচ জি), যি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি)ৰ এটা স্বায়ত্ব প্ৰতিষ্ঠান, ইয়াৰ দ্বাৰা কৰা এটা অধ্যয়নে ১২০০ আৰু ৫৫০খ্ৰীষ্ট পূৰ্বৰ মাজত উত্তৰ-পশ্চিম হিমালয়ত সেমেকা বতৰৰ স্থিতিক বুজায়। এই স্থিতি ৪৫০ খ্ৰীষ্টাব্দ পৰ্যন্ত চলি থাকে, যি ৰোমান ৱাৰ্ম পিৰিয়ড (আৰ ডব্লিউ পি) ৰ সৈতে সংলগ্ন আছিল। ইয়াৰ পিছত, ৯৫০ খ্ৰীষ্টাব্দ পৰ্যন্ত কম বৰষুণ আৰু এক দুৰ্বল আই এছ এমৰ স্থিতি আহে আৰু পুনৰ ৯৫০ৰ পৰা ১৩৫০ খ্ৰীষ্টাব্দৰ মাজত মিডিবল ক্লাইমেট এনোমেলি (এম চি এ)ৰ সময়ত ইয়াক শক্তিশালী দেখা যায়। লিটিল আইচ এজৰ সময়ত, বতৰৰ বৰষুণত স্পষ্ট হ্ৰাস ঘটে।

 

হিমাচল প্ৰদেশৰ মণ্ডিত জিলাৰ এটা মিঠা পানীৰ নিজৰা, ৰেৱালছৰ নিজৰাৰ নিম্নতলীত কৰা এই অধ্যয়নৰ পৰা বৈজ্ঞানিকৰ মাজত এনেধৰণৰ ঘটনাৱলী স্থানীয় বা বৈশ্বিক হোৱা সন্দৰ্ভত চলি থকা দীঘলীয়া তৎপৰতাৰ সমাধান ওলাব পাৰে। এই নিজৰাৰ তলীত সেই সংকেতবিলাক সংৰক্ষিত হৈ আছে, যিবোৰ অতীতত মনছুনৰ পৰিৱৰ্তনশীলতাক বুজিবৰ বাবে প্ৰতিনিধিৰ ৰূপত ব্যৱহাৰ কৰিব পৰা যায়।

 

'কোৱাটাৰনেৰী ইণ্টাৰনেচনেল' জাৰ্নেলত প্ৰকাশিত এই শেহতীয়া অধ্যয়নত, শোধকৰ্তাসকলে শস্যৰ আকাৰ সম্পৰ্কীয় পৰিসংখ্যা, কাৰ্বন আৰু নাইট্ৰজেনৰ স্থিৰ আইজ'টপ, মুঠ জৈৱিক কাৰ্বন (টি অ' চি) আৰু নিজৰাৰ তলীৰ পৰা মুঠ নাইট্ৰজেন সম্পৰ্কীয় পৰিসংখ্যা লাভ কৰে। তেওঁলোকে পিষ্টন কোৰাৰৰ ব্যৱহাৰ কৰি প্ৰায় ৬.৫ মিটাৰৰ পানীৰ গভীৰতাত নিজৰাৰ কেন্দ্ৰৰ পৰা ১৫ মিটাৰৰ দীঘল তলী কোৰ পুনৰ প্ৰাপ্ত কৰে, যাৰ ব্যৱহাৰ এটা নমুনাৰ ৰূপত কৰা হয়।

 

মুঠ জৈৱিক কাৰ্বন টি অ' চি আৰু মুঠ নাইট্ৰজেন টি এনৰ গণনা, আৰু কাৰ্বন সমস্থানিক অনুপাতৰ মূল্যৰ অবনমনে ১২০০ৰ পৰা ৫৫০ খ্ৰীষ্টপূৰ্বৰ ব্যৱধানৰ সময়ত উত্তৰ-পশ্চিম হিমালয়ত সেমেকা মনছুনৰ স্থিতিৰ সংকেত দিয়ে। এই স্থিতি ৪৫০ খ্ৰীষ্টাব্দলৈকে চলি থাকে, যিটো ৰোমান ৱাৰ্ম পিৰিয়ড (আৰ ডব্লিউ পি)ৰ সৈতে সংযোজিত। ইয়াৰ পিছত ৯৫০ খ্ৰীষ্টাব্দ পৰ্যন্ত কম বৰষুণ আৰু এক দুৰ্বল আই এছ এমৰ সময় আছিল। ৯৫০ৰ পৰা ১৩৫০ খ্ৰীষ্টাব্দৰ মাজত মিডিবল ক্লাইমেট এনোমেলি (এম চি এ)ৰ সময়ত আই এছ এম তুলনামূলকভাৱে শক্তিশালী হৈ যায়। লিটিল আইচ এজৰ সময়ত, আই এছ এমৰ বৰষুণত তুলনামূলকভাৱে কম দেখা যায়, যেনেকৈ তুলনামূলক কম চি/এন অনুপাত তথা টি অ' চি সামগ্ৰীত হ্ৰাসৰ পৰা সংকেত পোৱা যায়। এই প্ৰাপ্তিয়ে লিটিল আইচ এজৰ পিছত ১৬০০ খ্ৰীষ্টাব্দৰ আশেপাশে এটা শক্তিশালী আই এছ এমেৰে সেমেকা জলবায়ু পৰিস্থিতিৰ পুনৰুত্থানৰ দিশত ইংগিত দিয়ে, যি বৰ্তমান চলি আছে। আই এছ এমৰ বৰ্তমান তথা ভৱিষ্যতৰ ব্যৱহাৰ বুজিবৰ বাবে ঐতিহাসিক অতীতত আই এছ এমৰ পৰিৱৰ্তনশীলতা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন আছে, কিয়নো জলবায়ু পৰিৱৰ্তন আৰু পানীৰ যোগানে প্ৰাচীন সভ্যতাৰ উত্থান আৰু পতনৰ সংকেত দিয়ে।

 

(প্ৰকাশন লিংকঃ https://doi.org/10.10.16/j.quaint.2020.08.033)

 

******

NB/KGS(DST Media Cell)



(Release ID: 1660896) Visitor Counter : 91


Read this release in: English , Hindi , Manipuri , Tamil