বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ঔষধ উদ্ভাৱন আৰু উন্নয়নৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা বাবে CSIR-CDRI য়ে এইবছৰৰ চিডিআৰআই বঁটা আগবঢ়াইছে যুৱ গৱেষকলৈ
ডাঃ বুচৰা আতিক, ডাঃ সুৰজিৎ ঘোষ আৰু ডাঃ ৰবি মাঞ্জিথায়াই গ্ৰহণ কৰিলে সন্মানীয় চিডিআৰআই বঁটা ২০২০
এইবছৰ কৰ্কট ৰোগৰ জটিলতা দূৰ কৰিবৰ বাবে অনবদ্য অৱদান আগবঢ়োৱা বিজ্ঞানীসকললৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে
Posted On:
30 SEP 2020 5:29PM by PIB Guwahati
দ্য চিএছআইআৰ- চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইন্সটিটিউট (চিডিআৰআই), লক্ষ্ণৌৱে কালি এক ভাৰ্চুৱেল অনুষ্ঠানত তিনিগৰাকীকৈ তৰুণ গৱেষকক ঔষধ আৱিষ্কাৰ আৰু প্ৰস্তুতকৰণত তেওঁলোকে আগবঢ়োৱা বিশেষ অৱদানৰ বাবে চিডিআৰআই পুৰস্কাৰেৰে পুৰস্কৃত কৰে। এই বছৰ এই সন্মানীয় চিডিআৰআই পুৰস্কাৰ লাভ কৰিছে ডাঃ বুছৰা আতিক, ডাঃ সুৰজিত ঘোষ আৰু ডাঃ ৰবি মাঞ্জিথাইয়াই। কেন্সাৰৰ এক জটিল ৰহস্য উন্মোচনত বিশেষ অৱদান আগবঢ়াইছে তিনিওগৰাকী বিজ্ঞানীয়ে। চিডিআৰআইৰ বৰ্তমান মূৰব্বী অধ্যাপক তাপস কুণ্ডু আৰু প্ৰাক্তন মূৰব্বী ডাঃ ভি পি কাম্বোজে বিজয়ীসকলক অভিনন্দন জনাইছে।
দেশত বৈজ্ঞানিক কৃৎকৌশলৰ প্ৰসাৰ আৰু ঔষধক লৈ গৱেষণা ক্ষেত্ৰত বিশেষ অৱদানক স্বীকৃতি দিবলৈ ২০০৪ চনতে এই চিডিআৰআই পুৰস্কাৰ প্ৰদানৰ পৰম্পৰা আৰম্ভ কৰা হৈচিল। এই সন্মানীয় পুৰস্কাৰ প্ৰতি বছৰে প্ৰদান কৰা হয় ৪৫ বছৰৰ অনুৰ্ধ্বৰ ভাৰতীয় নাগৰিকক, যিয়ে প্ৰত্যক্ষভাৱে ঔষধক লৈ গৱেষণা ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে। এই পুৰস্কাৰৰ ২ টা বিভাগ হৈছে ক্ৰমে ৰাসায়নিক বিজ্ঞান আৰু লাইফ ছায়েন্স। প্ৰতিটো পুৰস্কাৰতে নগদ ২০ হাজাৰ টকা আৰু প্ৰশস্তিপত্ৰ দিয়া হয়।
এই বঁটাপ্ৰাপকসকলক সাধাৰণতে মনোনীত কৰে প্ৰতিষ্ঠান/সংস্থা/বিশ্ববিদ্যালয়/উদ্যোগ খণ্ডৰ শীৰ্ষ বিষয়াসকলে, ভাটনগৰ পুৰস্কাৰ প্ৰাপকসকলে, নেশ্যনেল ছায়েন্স একাডেমীৰ ফেলোসকলে। বিশিষ্ট বিজ্ঞানীসকলক লৈ গঠিত এখন কমিটিয়ে মনোনয়ন বা আবেদন পৰীক্ষা কৰি চিডিআৰআই পুৰস্কাৰ প্ৰাপকক বাচনি কৰে।
২০০৪ চনৰ পৰা এইপৰ্যন্ত ৩৪ জন বিজ্ঞানীয়ে (১৭জন কেমিকেল ছায়েন্সত, ১৭ জন বায়’লজিকেল ছায়েন্সত) এই পুৰস্কাৰ লাভ কৰিছে। এই ৩৪ জনৰ ভিতৰত ১১ জনে লাভ কৰিছে শান্তি স্বৰূপ ভাটনগৰ পুৰস্কাৰো, যিটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত ভাৰতত নোবেল বঁটাৰ সমপৰ্যায়ৰ। এই বছৰৰ অন্যতম চিডিআৰআই পুৰস্কাৰ প্ৰাপক ডাঃ বুছৰা আতিকেও চিকিৎসা বিজ্ঞানত এই বছৰৰ শান্তি স্বৰূপ ভাটনগৰ পুৰস্কাৰ লাভ কৰিছে।
ডাঃ বুছৰা আতিকে চিডিআৰআই পুৰস্কাৰ লাভ কৰিছে প্ৰষ্টেট কেন্সাৰৰ চিকিৎসাত নতুন দিশ প্ৰদৰ্শনৰ বাবে। বৰ্তমান তেওঁ কানপুৰৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকন’লজীৰ বায়োলজিকেল ছায়েন্সজ বিভাগৰ এছ’চিয়েট প্ৰফেচৰ। এইগৰাকী মহিলা বিজ্ঞানীয়ে তেওঁৰ ধন্যবাদসূচক ভাষণত তেওঁৰ গৱেষণাৰ বিষয়ে বিস্তাৰিতভাৱে জনায়।
ডাঃ সুৰজিত ঘোষে চিডিআৰআই পুৰস্কাৰ লাভ কৰে বায়’লজিকেল ছায়েন্সত। সফলভাৱে কোষ ভেদ কৰিব পৰা এক পেপ্টাইড আৱিষ্কাৰ কৰিছে তেওঁ, যিয়ে ইতিমধ্যেই ঔষধৰ জগতত এক আলোড়ন আনিছে। বৰ্তমান তেওঁ যোধপুৰৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকন’লজীৰ বায়’ছায়েন্স এণ্ড বায়’ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক। তেওঁৰ গৱেষণাত মূলতঃ আলোকপাত কৰা হৈছে কোষ ভেদ কৰাৰ বাবে ২ টা এমিনো এচিডৰ গুৰুত্বৰ ওপৰত।
ৰবি মাঞ্জিথাইয়াই পুৰস্কাৰ লাভ কৰিছে কেমিকেল ছায়েন্সত। তেওঁ বেংগালুৰুৰ জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড ছায়েণ্টিফিক ৰিচাৰ্চৰ এছ’চিয়েট প্ৰফেচৰ। পুৰস্কাৰ গ্ৰহণ কৰি তেওঁ তেওঁৰ ভাষণত বৰ্জ্য কোষ পুনৰ্নবীকৰণ প্ৰক্ৰিয়া, অটোফেজিৰ বিষয়ে উল্লেখ কৰে।
*****
NB/KGS/(CDRI release)/RD
(Release ID: 1660535)