ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কাঠুৱা, দ’দা, উধামপুৰ আৰু ৰিয়েছি জিলাত ২৩ টা পথ আৰু ব্ৰীজ প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ

৭৩ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা প্ৰকল্পই লাভান্বিত কৰিব অঞ্চলটোৰ ৩৫,০০০ ৰোধিক লোকক

Posted On: 30 SEP 2020 6:46PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (ডনাৰ) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ), পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি জম্মু অঞ্চলৰ কাঠুৱা, দদা, উধামপুৰ আৰু ৰিয়েছি জিলাত ২৩ টা পথ আৰু ব্ৰীজ প্ৰকল্প উদ্বোধন কৰে। তেওঁ কয়, প্ৰায় ৭৩ কোটি টকা ব্যয়সাপেক্ষে এই প্ৰকল্পসমূহৰ অধীনত ১১১ কিঃমিঃ দৈৰ্ঘ্যৰ পথ আৰু দলং নিৰ্মাণ সম্পন্ন হোৱাৰ ফলশ্ৰুতিত অঞ্চলটোৰ ৩৫,০০০ লোক লাভান্বিত হব। এই ২৩ টা প্ৰকল্পৰ ভিতৰত সকলো ধৰণৰ বতৰতে সংযোগ নিশ্চিত হোৱাকৈ পিএমজিএছৱাই ৰ অধীনত ১৫ টা পথ আৰু ৮ খন দলং নিৰ্মাণ কৰা হৈছে।

এই প্ৰকল্পসমূহৰ ই-উদ্বোধন কৰি, ডাঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা কেইটামান মাহত কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা সত্বেও, এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা যায়। তেওঁ উল্লেখ কৰে যে মহামাৰীটোৰদ্বাৰা যিমানেই প্ৰত্যাহ্বানৰ সৃষ্টি নহওঁক কিয়, কেন্দ্ৰীয় শাসিত জম্মু আৰু কাশ্মীৰকে প্ৰমুখ্য কৰি সমগ্ৰ দেশখনৰ উন্নয়নৰ ক্ষীপ্ৰতাত কোনো ধৰণৰ আপোচ কৰা নহব। তেওঁ অৱগত কৰে যে যোৱা বৰ্ষত ৮০০ কিঃমিঃৰ তুলনাত এইটো বিত্তীয় বৰ্ষৰ আজিৰ তাৰিখলৈকে ১১৫০ কিঃমিঃ পথ নিৰ্মাণ সম্ভৱ হৈ উঠিছে।

ডাঃ জিতেন্দ্ৰ সিঙে কয় যে মোদী চৰকাৰৰ আমোলৰ যোৱা ৬ টা বছৰত, কৰ্ম সংস্কৃতিত সাগৰ সদৃশ পৰিৱৰ্তন সাধন হৈছে আৰু কোনো ধৰণৰ শিথিলতা অবিহনে কেৱল প্ৰয়োজনীয়তাৰ ভিত্তিত প্ৰকল্পসমূহ ৰূপায়ণ কৰা গৈছে।

তেওঁ কয়, ইয়াৰে পিএমজিএছৱাই পুঁজিৰ প্ৰায় ২/৩য়াংশ পাহাৰীয়া উধামপুৰ, কাঠুৱা আৰু দদালৈ আবন্টন দিয়া গৈছে। পিএমজিএছৱাই পুঁজিৰ ৪১৭৫ কোটি টকাৰ ভিতৰত, প্ৰায় ৩৮৮৪ কোটি টকা এই তিনি অঞ্চলক প্ৰদান কৰা হৈছে বুলি তেওঁ লগতে কয়।

ডাঃ জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক উদ্বোধনলৈ অপেক্ষা কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ হোৱা দেশখনৰ সকলোবোৰ উন্নয়নমূলক প্ৰকল্প জনসাধাৰণৰ অৰ্থে উৎসৰ্গা কৰি দিয়াত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে চৰকাৰখনে জনতাৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু ভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ আনুষ্ঠানিক উন্মোচন বাকী থকাক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো উচিত নহয়। তেওঁ কয় যে কভিড ১৯ সংকটৰ দৰে বহু প্ৰত্যাহ্বান সত্বেও চৰকাৰখনে যোৱা ছটা বছৰত আৰম্ভ কৰা সকলোবোৰ প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰিবলৈ চৰকাৰখন সচেষ্ট আৰু অংগীকাৰবদ্ধ।

ৰিয়েছি জিলাত নিৰ্মাণ কৰা ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কথা সদৰী কৰি, ডাঃ জিতেন্দ্ৰ সিঙে কয় যে বিশ্বৰ সৰ্বোচ্চ ৰেল দলং ৰিয়েছি জিলাত নিৰ্মাণ কৰা হৈছে যি ফ্ৰান্সৰ পেৰিছৰ আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ উচ্চ।

পৰিসমাপ্তিত, ডাঃ জিতেন্দ্ৰ সিঙে বিষয়া-বৰ্গক সময়সীমাৰ প্ৰতি যত্নৱান হবলৈ আহ্বান জনাই আৰু ভূমি অধিগ্ৰহণ তথা বননি মুকলি কৰা কাৰ্য ক্ষীপ্ৰতাৰে সম্পন্ন কৰি উন্নয়নমূলক কাৰ্যৰ আশু সম্পূৰ্ণ নিশ্চিত কৰিবলৈ কয়।

<><><><><>

SNC/SB



(Release ID: 1660526) Visitor Counter : 168