তীখা মন্ত্ৰালয়

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মুখ্য পৰ্যটক চহৰসমূহৰ বাবে ১০০% স্বচ্ছ ইন্ধন প্ৰয়োগ কৰাৰ আহ্বান জনাইছে, তেওঁ বিশ্ব পৰ্যটন দিৱস উপলক্ষে আয়োজিত বৈঠকত ভাষণ দিয়ে

Posted On: 27 SEP 2020 3:17PM by PIB Guwahati

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা ইস্পাৎ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰ্যটন ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী প্ৰহ্লাদ সিংহ পেটেলৰ লগত 'পৰ্যটন আৰু গ্ৰামীণ বিকাশ' শীৰ্ষক বিষয়ত এক ভাৰ্চুৱেল বৈঠকত ভাষণ দিয়ে।

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পৰ্যটন মন্ত্ৰালয়ৰ নতুন তৎপৰতা 'দেখো অপনা দেশ'ৰ বাবে মন্ত্ৰালয়ৰ প্ৰশংসা কৰে। এই তৎপৰতাৰ জৰিয়তে স্থানীয় ঐতিহ্য আৰু পৰ্যটন স্থলবিলাকে উৎসাহ লাভ কৰিছে। তেওঁ ভাৰতৰ সমৃৃদ্ধ সংস্কৃতি, ইতিহাস আৰু প্ৰাচীন বাস্তু চমৎকাৰৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে ইয়াৰ জৰিয়তে পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে যথেষ্ট সুযোগ আছে। পৃথিৱীক এখন বৈশ্বিক গাঁও হিচাপে গঢ়ি তোলাত ইণ্টাৰনেটৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি শ্ৰী প্ৰধানে ভাৰতক বৈশ্বিক পৰ্যটক কেন্দ্ৰৰ ৰূপত শক্তিশালীভাৱে স্থাপন কৰিবলৈ প্ৰযুক্তিৰ ফলপ্ৰসু ব্যৱহাৰ কৰাৰ আহ্বান জনায়।

 

শ্ৰী প্ৰধানে কয় যে পৰ্যটন উদ্যোগত কৰ্ম সংস্থাপনৰ নতুন সুযোগৰ সৃষ্টি আৰু গ্ৰামীণ ক্ষেত্ৰসমূহতো যুৱকসকলৰ সবলীকৰণৰ অভূতপূৰ্ব ক্ষমতা আছে। তেওঁ কয় যে আমাৰ দেশৰ প্ৰতিখন জিলাত মানুহক ক'বলৈ ঐতিহাসিক কাহিনী বা কিংবদন্তী আছে। তেওঁ কয় যে ভাৰতে ২০২২ত স্বাধীনতাৰ ৭৫তম বৰ্ষ পালন কৰিবলৈ গৈ আছে, এনে অৱস্থাত আমি নিজৰ স্বাধীনতা সেনানীৰ বীৰত্বৰ সৈতে জড়িত আৰু অধিক পৰ্যটন স্থলক বিকশিত কৰিবৰ বাবে কাম কৰা উচিত।

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰধানে পৰ্যটন স্থলবিলাকৰ সৈতে ধাৰাবাহিক যোগাযোগ অব্যাহত ৰখা আৰু প্ৰধান পৰ্যটন চহৰসমূহত ১০০% স্বচ্ছ ইন্ধন প্ৰয়োগ কৰাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ জৰিয়তে আমাৰ স্মাৰকসমূহ ৰক্ষা কৰাত আৰু পৰ্যটকৰ বাবে এটা স্বচ্ছ বাতাবৰণ সুনিশ্চিত কৰাত সহায়ক হ'ব।

 

******

YB



(Release ID: 1659644) Visitor Counter : 68