বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

‘ইণ্টেলেকচুৱেল প্ৰপাৰ্টী’ সম্পৰ্কীয় সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিলে ভাৰত-ডেনমাৰ্কে

प्रविष्टि तिथि: 26 SEP 2020 12:52PM by PIB Guwahati

‘ইণ্টেলেকচুৱেল প্ৰপাৰ্টী’ সম্পৰ্কীয় সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে ভাৰত আৰু ডেনমাৰ্কে আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। ভাৰত চৰকাৰৰ ‘বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ‘ঔদ্যৈগিক আৰু আভ্যন্তৰীণ বাণিজ্যৰ উত্তৰণ’(ডিপিআইআইটি)বিভাগে ‘কিংডম অব ডেনমাৰ্ক’ৰ ‘মিনিষ্ট্ৰী অব ইণ্ডাষ্ট্ৰী, বিজনেছ এণ্ড ফাইনেন্সিয়েল এফেয়াৰ্ছ’-ৰ ‘পেটেণ্ট আৰু ট্ৰেডমাৰ্ক অফিচ’ৰ তৰফৰ পৰা এই চুক্তি স্বাক্ষৰিত কৰা হয়। চুক্তিখনত সাক্ষৰ দান কৰে ‘ডিপিআইআইটি’-ৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰ আৰু  ডেনমাৰ্কৰ ৰাষ্ট্ৰদূত শ্ৰী ফ্ৰেড্ডী স্বনেই।

উল্লেখ্য যে, কেন্দ্ৰীয় কেবিনেটে যোৱা ১৫-০৯-২০২০ত অনুষ্ঠিত সভাত ইণ্টেলেকচুৱেল পপাৰ্টী সম্পৰ্কীয় সহযোগিতা সন্দৰ্ভত চুক্তি সম্পাদনৰ এক প্ৰস্তাৱলৈ আনুষ্ঠানিক ভাবে অনুমোদন জনাইছিল। দুয়োখন দেশৰ মাজত ইণ্টেলেকচুৱেল পপাৰ্টী সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত কৰা হয়।

কামৰ পৰিসৰ বৰ্দ্ধনকে ধৰি সহযোগিতা বৃদ্ধিৰ প্ৰসংগত বিস্তৃত পৰিকল্পনা যুগুতোৱাৰ বাবে  দুবছৰৰ মূৰে মূৰে চুক্তি স্বাক্ষৰিত কৰাৰ বাবেও দুয়ো পক্ষই সহমত ব্যক্ত কৰে।

আজিৰ চুক্তিখনে ভাৰত-ডেনমাৰ্কৰ মাজৰ সহযোগিতাপূৰ্ণ  সম্পৰ্কক অন্য মাত্ৰা প্ৰদান কৰিব বুলি দুয়োপক্ষৰ তৰফৰ পৰা মত ব্যক্ত কৰা হৈছে।                                  

*****

YB/AP/KB


(रिलीज़ आईडी: 1659405) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Telugu