খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়
শ্ৰী নৰেন্দ্ৰ সিং টোমৰে দায়িত্ব গ্ৰহণ কৰিলে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ
प्रविष्टि तिथि:
23 SEP 2020 5:16PM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি সন্ধিয়া পঞ্চশীল ভৱনত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে। দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, সচিব শ্ৰীমতী পুষ্পা সুব্ৰাহ্মনিয়মৰ লগতে উচ্চপদস্থ বিষয়াসকলেও তেওঁক স্বাগতম জনায়। মন্ত্ৰী, বিষয়াসকলৰ সৈতে সাক্ষাৎৰ পিছত খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰে মন্ত্ৰী শ্ৰী টোমৰে। শ্ৰী টোমৰে কৃষি আৰু কৃষক কল্যাণ, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ দপ্তৰৰো দায়িত্ব চম্ভালি আছে।

শ্ৰী টোমৰে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগটো এক বিকাশশীল পৰ্যায়ত আছে। যুৱ সমাজৰ বাবে নতুন কৰ্মসংস্থানৰ সৃষ্টি, কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ ভাল মূল্য পায়, উপভোক্তাসকলে যাতে সঠিক পণ্য লাভ কৰিব পাৰে, ইত্যাদি দিশ নিশ্চিত কৰিব লাগিব।

দেশৰ ভিতৰত আৰু বিদেশৰ পৰা বিনিয়োগক আকৰ্ষণ কৰিবলৈ মন্ত্ৰালয়ে ইতিমধ্যেই উদ্যোগ গ্ৰহণ কৰিছে। এই মন্ত্ৰালয়ৰ মূল লক্ষ্য তথা উদ্দেশ্য হৈছে –
- উৎপাদিত ফচলৰ ভাল ব্যৱহাৰৰ যোগেদি কৃষকৰ আয় বৃদ্ধি কৰা;
- মজুত কৰাৰ আন্তঃগাঁথনিৰ উন্নয়ন, ফচলৰ পৰিবহন আৰু কৃষিখাদ্য প্ৰক্ৰিয়াকৰণৰ উন্নতিৰ মাজেৰে সৰ্বস্তৰতে শস্যৰ ক্ষতি ন্যূনতম কৰাটো নিশ্চিতকৰণ;
- দেশৰ অভ্যন্তৰত আৰু বিদেশৰ পৰা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যবহাৰ;
- খাদ্য প্ৰক্ৰিয়াকৰণৰ বাবে গৱেষণা আৰু উন্নয়নক উৎসাহিত কৰা আৰু পেকেজিং ব্যৱস্থাৰ উন্নতি ঘটোৱা;
- বিভিন্ন নীতিৰ বাস্তৱায়নত সহায় কৰা, আন্তঃগাঁথনি গঢ়ি তোলা, ক্ষমতাবৃদ্ধি আৰু অন্যান্য বিভিন্ন উদ্যোগৰ মাধ্যমেৰে এই ক্ষেত্ৰৰ বিকাশ ঘটোৱা;
- প্ৰক্ৰিয়াকৃত খাদ্য ৰপ্তানিৰ ক্ষেত্ৰত উৎসাহিত কৰা।
****
RJ/NG/RD
(रिलीज़ आईडी: 1658459)
आगंतुक पटल : 168