কৃষি মন্ত্ৰালয়

বিভিন্ন শস্যৰ উত্পাদন ব্যয় আৰু ন্যূনতম সহায় মূল্য

Posted On: 23 SEP 2020 1:47PM by PIB Guwahati

২০১৬ৰ পৰা ২০২০লৈকে বাধ্যতামূলক খাৰিফ আৰু ৰবি শস্যৰ উত্পাদন ব্যয় আৰু ন্যূনতম সহায় মূল্য(এমএছপি)ৰ শতাংশ বৃদ্ধিৰ বিৱৰণ নথি-১ত দিয়া হৈছে।

 

ডঃ এম এছ স্বামীনাথনৰ নেতৃত্বৰ কৃষকৰ ৰাষ্ট্ৰীয় আয়োগে ছুপাৰিশ কৰিছিল যে ন্যূনতম সহায় মূল্য(এমএছপি) উত্পাদন ওজনিত গড় ব্যয়তকৈ কমেও ৫০ শতাংশ অধিক হোৱা উচিত। যি নহওক,যেতিয়া কৃষকৰ বাবে ৰাষ্ট্ৰীয় নীতি ২০০৭ক চৰকাৰে তত্কালীনভাৱে চূড়ান্ত কৰিছিল তেতিয়া উত্পাদন ব্যয়ৰ ওপৰত ৫০ শতাংশ ৰিটাৰ্ণ দিয়াৰ এই ছুপাৰিশ অন্তৰ্ভুক্ত নাছিল।

 

২০১৮-১৯ৰ কেন্দ্ৰীয় বাজেটে এমএছপি উত্পাদন ব্যয়ৰ একৰ পৰা ডেৰগুণ পৰ্যায়ত ৰখাৰ পূৰ্ব নিৰ্ধাৰিত নীতিকেই ঘোষণা কৰিছিল। তদনুসাৰে চৰকাৰে কৃষি বৰ্ষ ২০১৮-১৯ৰ পৰা ওজনিত গড় উত্পাদন ব্যয় ভাৰতত কমেও ৫০ শতাংশ ঘূৰাই দিয়াৰ লগতে সকলো অনিবাৰ্য খাৰিফ, ৰবি আৰু আন বাণিজ্যিক শস্যৰ বাবে এমএছপি বৃদ্ধি কৰিছে।

 

এই সিদ্ধান্তৰ অনুৰূপ, চৰকাৰে ২০২০-২১বৰ্ষৰ সকলো অনিবাৰ্য খাৰিফ শস্যৰ বাবে ১জুন,২০২০ত আৰু ২০২০-২১বৰ্ষৰ সকলো অনিবাৰ্য ৰবি শস্যৰ বাবে ২১ ছেপ্টেম্বৰত এমএছপি বৃদ্ধি ঘোষণা কৰে।

 

ন্যূনতম সহায় মূল্য(এমএছপি)ৰ বিতং, উত্পাদন ব্যয় আৰু ২০১৮-১৯ৰ পৰা ২০২০-২১লৈকে সকলো অনিবাৰ্য খাৰিফ আৰু ৰবি শস্যৰ উত্পাদন ব্যয়ৰ ৰিটাৰ্ণ  নথি-২ত দিয়া হৈছে।

 

এই তথ্য আজি ৰাজ্যসভাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে এক লিখিত উত্তৰত দাঙি ধৰে।

    

 

      

APS/SG/RC/KG

 



(Release ID: 1658458) Visitor Counter : 101


Read this release in: English , Manipuri , Punjabi , Tamil