বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

চৰকাৰে কেৰেলাত স্থাপন কৰিব মেডিকেল ডিভাইচ পাৰ্ক

বাঅ’মেডিকেল পাৰ্কখনিয়ে মেডিকেল ইমপ্লান্ট আৰু এক্সট্ৰাকৰ্প’ৰেল ডিভাইচসমূহৰ জড়িতকৰণেৰে হাই-ৰিস্ক মেডিকেল ডিভাইচ চেক্টৰক সমৃদ্ধ; এই ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰি তুলিব

Posted On: 22 SEP 2020 1:44PM by PIB Guwahati

শীঘ্ৰেই কেৰেলা হৈ পৰিব মেডিকেল ডিভাইচ পাৰ্ক থকা দেশৰ প্ৰথমখন ৰাজ্য। যাক স্থাপনৰ লক্ষ্য হৈছে আৰএণ্ডডি চাপ’ৰ্ট, টেষ্টিং আৰু মূল্যায়নৰ দৰে মেডিকেল ডিভাইচ উদ্যোগটোৰ বাবে বিস্তৃত মাত্ৰাৰ সেৱা আগবঢ়োৱাৰ নিমিত্তে হাই-ৰিস্ক মেডিকেল ডিভাইচসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

ভাৰত চৰকাৰৰ বিজ্ঞান ও প্ৰযুক্তি বিভাগ (ডিএছটি)ৰ এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান শ্ৰী চিত্ৰ টিৰুনেল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স ও টেকন’লজি (SCTIMST) আৰু কেৰেলা চৰকাৰৰ ঔদ্যোগিক আৰু বিনিয়োগ প্ৰোৎসাহন সংস্থা কেৰেলা ৰাজ্যিক ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড (KSIDC)ৰ যুটীয়া উদ্যোগত মেডস্পাৰ্ক শীৰ্ষক মেডিকেল ডিভাইচ পাৰ্কখনে তিৰুৱন্তপুৰমৰ থন্নাক্কালত লাইফ চায়েন্স পাৰ্কখনি স্থাপন কৰিবলৈ আগবাঢ়িছে।

এই মেডিকেল ডিভাইচ পাৰ্কখনিয়ে এছচিটিআইএমএছটি ৰ কাৰ্যকাৰিতাৰ ভিত্তিত মেডিকেল ইমপ্লান্ট আৰু এক্সট্ৰাকৰ্প’ৰেল ডিভাইচসমূহৰ জড়িতকৰণেৰে হাই-ৰিস্ক মেডিকেল ডিভাইচ চেক্টৰক সমৃদ্ধ কৰি তুলিব।

মেডিকেল ডিভাইচ পাৰ্কখনিয়ে মেডিকেল ডিভাইচসমূহৰ গৱেষণা ও উন্নয়ন, টেষ্টিং আৰু মূল্যায়নৰ ক্ষেত্ৰত সহায়ক বাতাবৰণ সৃষ্টি কৰি তুলিব, ইয়াৰোপৰি উৎপাদনত সহায়, প্ৰযুক্তি উদ্ভাৱন আৰু জ্ঞানৰ আদানপ্ৰদানৰ পথ প্ৰশস্ত কৰি তুলিব। উল্লেখযোগ্য যে মেডিকেল ডিভাইচ উদ্যোগটোৰ কাৰণে এই সকলোবোৰেই নিতান্তই প্ৰয়োজনীয় সেৱা। মেডস্পাৰ্ককে প্ৰমুখ্য কৰি ভাৰতৰ আন অংশত অৱস্থিত মেডিকেল ডিভাইচ উদ্যোগসমূহে এই সেৱাসমূহ ব্যৱহাৰ কৰিব পাৰে। যাৰ ফলশ্ৰুতিত মেডিকেল ডিভাইচ ক্ষেত্ৰখনলৈ বৰঙণি যোগাই অহা ক্ষুদ্ৰ আৰু মজলীয়া-আকাৰৰ মেডিকেল ডিভাইচ উদ্যোগসমূহ লাভান্বিত হৈ পৰিব।

২৪ ছেপ্টেম্বৰ, ২০২০, বৃহস্পতিবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে মেডিকেল ডিভাইচ পাৰ্কখনৰ আধাৰশিলা স্থাপন কৰিব।

মেডস্পাৰ্ক এ হাই-ৰিস্ক মেডিকেল ডিভাইচ নিৰ্মাণৰ ক্ষেত্ৰত অদ্যপি কেৰেলাৰ থকা উপযোগিতাক অধিক সমৃদ্ধ কৰি তুলিব আৰু ভাৰতত মেডিকেল ডিভাইচ উদ্যোগ স্থাপনৰ বাট মুকলি কৰি তুলিব।

সম্প্ৰতি, কেৰেলাত কেইবাটাও মেডিকেল ডিভাইচ কোম্পানী আছে যাৰ বাৰ্ষিক টাৰ্ণ অ’ভাৰ ৭৫০ কোটি টকাৰো অধিক। ইয়াৰ বহুতেই এছচিটিআইএমএছটিৰপৰা হস্তান্তৰ কৰা প্ৰযুক্তিৰ ব্যৱহাৰ কৰে।

*****



(Release ID: 1657967) Visitor Counter : 176