মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কাইলৈ আইআইটি, গুৱাহাটীৰ ২২ সংখ্যক সমাৱৰ্তন ভাৰ্চুৱেলী সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted On: 21 SEP 2020 6:48PM by PIB Guwahati

২২ ছেপ্টেম্বৰ, ২০২০ অৰ্থাৎ মঙলবাৰে দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইআইটি, গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংক, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধট্ৰে আৰু আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত উপস্থিত থাকিব আইআইটি, গুৱাহাটীৰ ব’ৰ্ড অৱ গভৰ্ণৰৰ অধ্যক্ষ ডঃ ৰাজীৱ আই. মোদী আৰু আইআইটি, গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি.জি. সীতাৰাম।

কাইলৈ ৬৮৭ বিটেক আৰু ৬৩৭ এমটেককে ধৰি ১৮০৩ শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিব।

সমাৱৰ্তনখনিৰ অৰ্থে, ভাৰ্চুৱেল ম’ডৰ জৰিয়তে স্নাতকৰ সাফল্যৰ অনলাইন উদযাপন কৰিবলৈ, প্ৰতিষ্ঠানখনে ভাৰ্চুৱেল ৰিয়েলিটি-নিৰ্ভৰ বঁটা বিতৰণৰ ব্যৱস্থা কৰিছে য’ত উপস্থিতসকলে বঁটা প্ৰাপকৰ অৱতাৰ প্ৰত্যক্ষ কৰিব পাৰিব। য’ত ঘৰৰপৰাই তেওঁলোকে দেখিব সঞ্চালকৰপৰা মেডেল গ্ৰহণৰ দৃশ্য। প্ৰতিষ্ঠানখনিয়ে তদুপৰি এটা ফটো-বুথ গঢ়ি তুলিছে, ইয়াত ভিন্ন বেকগ্ৰাউণ্ডৰ বিকল্পৰ সংযোজন ঘটোৱা যায়, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে চৌহদৰ কেতবোৰ নিৰ্বাচিত স্থানত আলোকচিত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰতিষ্ঠানখনিত ভাৰ্চুৱেল ভিজিটৰ বাবে আইআইটি, গুৱাহাটীৰ ফেকাল্টী আৰু ছাত্ৰ-ছাত্ৰীসকলে এটা টেলিপ্ৰেছেন্স মডিউল যুগুত কৰি উলিয়াইছে।

YouTube (https://www.youtube.com/watch?v=1ros6o-VAPE) আৰু Facebook (https://www.facebook.com/iitgwt/posts/3515165218504302) ত এই কাৰ্যসূচীৰ লাইভ কৰা হ’ব।

*****

MC/AKJ/AK/SB



(Release ID: 1657508) Visitor Counter : 123