প্ৰতিৰক্ষা মন্ত্ৰালয়
ছিয়াচেনত নিয়োজিত সেনা-জোৱানৰ ‘উষ্মাংক গ্ৰহণ’
Posted On:
19 SEP 2020 5:00PM by PIB Guwahati
ছিয়াচেনত নিয়োজিত সেনা-জোৱানসকলৰ এটা দিনৰ বাবে নিৰ্দ্ধাৰিত খাদ্য-সামগ্ৰীয়ে তেওঁলোকৰ দিনটোৰ শক্তিৰ বাবে পৰ্যাপ্ত ‘উষ্মাংক’(কেলৰী) প্ৰদান কৰিব পাৰে।
বিভিন্ন জলবায়ুজনিত পৰিৱেশৰ বাবে প্ৰয়োজনীয় শক্তি-ব্যয়িতাৰ আধাৰত ভিত্তি কৰিয়ে জোৱানসকলৰ ৰছদ-পাতি নিৰ্দ্ধাৰণ কৰা হয়। ছিয়াচেনৰ দৰে উচ্চতা(১২,০০০ ফুটৰো অধিক)ত অৱস্থিত ঠাইৰ পাৰিপাৰ্শ্বিকতাত জোৱানসকলৰ শক্তি-ব্যয়িতা সম্ভৱ কৰিব পৰাকৈ বিশেষ খাদ্য-মাপক ব্যৱহাৰৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। ১২,০০০ ফুটৰো অধিক উচ্চতাৰ স্থানসমূহত নিয়োজিত জোৱানসকলৰ শক্তি-ব্যয়িতা সন্দৰ্ভত ‘ডিফেন্স ইনষ্টিটিউট অব ফিজিঅ’লজী এণ্ড এলাইড ছায়েন্স’(ডিআইপিএএছ)য়ে কৰা অধ্যয়ণৰ পৰিমাপকসমূহ তলত উল্লেখ কৰা ধৰণৰ :
মুঠ শক্তি-ব্যয়িতা-৪২৭০কিলোকেলৰী(+/-৫৫০)
বৰ্তমানৰ ৰছদ-পাতিৰ পৰা আহৰিত শক্তিৰ মুঠ পৰিমাণ -৫৩৫০কিলোকেলৰী
সেয়ে বৰ্তমানৰ ৰছদ-পাতি জোৱানসকলৰ বাবে প্ৰয়োজনীয় উষ্মাংক আহৰণৰ বাবে পৰ্যাপ্ত বুলি ন-দিব ক’ব পাৰি।
বিভিন্ন পৰিৱেশত কৰ্মৰত জোৱানসকলৰ পুষ্টিসাধনৰ লগতে অন্যান্য সকলো স্বাস্থ্যবিধি আৰু মানসন্মত খাদ্য নিশ্চিত কৰাৰ বাবে দেশত এক সু-প্ৰতিস্থিত আৰু বিস্তৃত পৰিসৰৰ ব্যৱ্স্থাপনা বৰ্তী আহিছে। ছিয়াচেনৰ ক্ষেত্ৰততো জোৱানসকলৰ পচন্দ আৰু প্ৰয়োজনীয় পুষ্টিৰ মানসন্মত ৰছদ-পাতি যোগান ধৰাটো সদায় নিশ্চিত কৰি অহা হৈছে।
ৰাজ্যসভাত আজি শ্ৰীমতী শান্তা ছেত্ৰীৰ এক প্ৰশ্নৰ বিপৰীতে প্ৰদান কৰা লিখিত উত্তৰত প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কে এই তথ্য প্ৰকাশ কৰে।
*******
ABB/Nampi/KA/DK/KB
(Release ID: 1656909)
Visitor Counter : 131