প্ৰতিৰক্ষা মন্ত্ৰালয়

অস্ত্ৰ-শস্ত্ৰ কাৰখানা পৰিষদ(অ’এফবি)ৰ নিগমীকৰণ

Posted On: 19 SEP 2020 5:02PM by PIB Guwahati

২৯ জুলাই, ২০২০ত নিৰাপত্তাৰ কেন্দ্ৰীয় কমিটীৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্ত কাৰ্যালয় অস্ত্ৰ-শস্ত্ৰ কাৰখানা পৰিষদক কোম্পানী আইন, ২০১৩ৰ অধীনত ১০০শতাংশ চৰকাৰী কৰ্প’ৰেট সম্পত্তি হিচাপে ৰূপান্তৰ কৰিবলৈ অনুমোদন জনাইছে৷

অ’এফবিৰ নিগমীকৰণে ইয়াৰ অস্ত্ৰ-শস্ত্ৰ যোগানৰ ক্ষেত্ৰত স্বতন্ত্ৰতা, জবাবদিহিতা আৰু সক্ষমতা বৃদ্ধি কৰিব৷

ইফালে, নিগমীকৰণৰ বাবে লোৱা প্ৰস্তাৱৰ প্ৰতিবাদ জনাই অ’এফবিৰ কৰ্মচাৰীসকলে ধৰ্মঘট কায্সূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে৷ প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীৰ স্বীকৃতিপ্ৰাপ্ত তিনিটাকৈ প্ৰতিষ্ঠানে ১২ অক্টোবৰ, ২০২০ৰ পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জনাইছে৷

ইয়াৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত এক কৰ্তৃত্বপ্ৰাপ্ত মন্ত্ৰী গোট গঠন কৰি ট্ৰেনজিচন সমৰ্থন আৰু কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ দিশটো চালি-জাৰি চোৱাকে ধৰি অস্ত্ৰ-শস্ত্ৰ কাৰখানা নিগমীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াৰ তত্বাৱধান কৰাৰ ব্যৱস্থা লোৱা হৈছে৷

ৰাজ্যসভাত ড০ শান্তনু সেনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়কে৷

***

ABB/Nampi/KA/DK/DB



(Release ID: 1656906) Visitor Counter : 223