প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় স্থানত পাকিস্তানী বাহিনীৰ আক্ৰমণ

Posted On: 19 SEP 2020 5:01PM by PIB Guwahati

নিয়ন্ত্ৰণ ৰেখা আৰু পাকিস্তানৰে থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভাৰতীয় স্থানত পাকিস্তানী বাহিনীৰদ্বাৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই। অৱশ্যে, পাকিস্তানী সৈন্যই নিয়ন্ত্ৰণ ৰেখাত অবিৰাম যুদ্ধ বিৰতি উলংঘা কৰি আহিছে। এই বৰ্ষ (০১ মাৰ্চৰপৰা ০৭ ছেপ্টেম্বৰ, ২০২০)টোত জম্মু অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত ২৪৫৩ টা যুদ্ধ বিৰতি উলংঘনৰ ঘটনা সংঘটিত হৈছে। ইয়াৰোপৰি, চলিত বৰ্ষ (২০২০ৰ ০১ মাৰ্চৰপৰা ৩১ আগষ্ট)টোত জম্মু অঞ্চলৰ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত ১৯২ টা ক্ৰছ-ব’ৰ্ডাৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়।

যোৱা ছটা মাহত পাকিস্তানী বাহিনীৰদ্বাৰা নিয়ন্ত্ৰণ ৰেখা/আন্তঃৰাষ্ট্ৰীয় সীমান্তত ক্ৰছ-ব’ৰ্ডাৰ গুলীচালনাৰ বাবে ১০ গৰাকীক সেনা জোৱান শ্বহীদ হৈছে। পাকিস্তান পক্ষৰ হতাহতৰ তথ্য সঠিকভাৱে সদৰী কৰা হোৱা নাই।

যুদ্ধবিৰতি উলংঘনৰ যথোচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনা/বিএছএফৰদ্বাৰা প্ৰদান কৰি অহা হৈছে। অৱশ্যে, বিএছএফে ইয়াৰ প্ৰতিপক্ষ যথাঃ পাকিস্তানৰ ৰেঞ্জাৰৰ সৈতে ভিন্ন স্তৰত আলোচনা অনুষ্ঠিত কৰি আহিছে।

কূটনৈতিকভাৱে, ভাৰতে বাৰম্বাৰ গুৰুত্ব প্ৰদান কৰি আহিছে। আজি ৰাজ্যসভাত ডঃ ফৌজিয়া খানক ৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী শ্ৰীপদ নাইকে এটা লিখিত উত্তৰ প্ৰদান কৰি এই তথ্য সদৰী কৰে।

 

******

ABB/Nampi/KA/DK/SB



(Release ID: 1656875) Visitor Counter : 100