যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

‘ক্ৰীড়াবিদৰ বাবে পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় কল্যাণ পুঁজি’ আঁচনিৰ জৰিয়তে পূৰ্বৰ আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় স্তৰৰ খেলুৱৈসকলক মন্ত্ৰালয়ে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছেঃ শ্ৰী কিৰেণ ৰিজিজু

Posted On: 19 SEP 2020 5:24PM by PIB Guwahati

এই মন্ত্ৰালয়ে ‘ক্ৰীড়াবিদৰ বাবে পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় কল্যাণ পুঁজি’ আঁচনি (PDUNWFS) ৰূপায়ণ কৰি আছে। আন উদ্দেশ্যসমূহৰ উপৰিও, এই আঁচনিখনে পূৰ্বৰ আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় স্তৰৰ খেলুৱৈসকললৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াই আহিছে। এই আঁচনিখনৰ জৰিয়তে তদুপৰি ক্ৰীড়াবিদৰ সচ্ছল জীৱন-যাপন, প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ সময়ত হোৱা আঘাতৰ চিকিৎসা, খেলুৱৈসকলৰ কল্যাণ, ক্ৰীড়াৰ সা-সামগ্ৰী ক্ৰয় আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ ইত্যাদিৰ ব্যৱস্থা গ্ৰহণ কৰা যায়। আঁচনিখনৰ সৱিশেষ মন্ত্ৰালয়টোৰ ৱেবচাইট যথাঃ http://yas.nic.in/sports/national-welfare-fund-sportspersons-0 ত উপলব্ধ। তদুপৰি, মন্ত্ৰালয়ে ‘প্ৰতিভাৱান ক্ৰীড়াবিদলৈ পেঞ্চনৰ বাবে ক্ৰীড়া পুঁজিৰ আঁচনি’ ৰূপায়ণ কৰি আছে। ইয়াৰ জৰিয়তে, অলিম্পিক ক্ৰীড়া, অলিম্পিক আৰু এছিয়ান গেমছ পৰ্যায়ত বিশ্ব কাপ, কমনৱেলথ গেমছ আৰু পেৰা-অলিম্পিক গেমছত মেডেল অৰ্জন কৰা খেলুৱৈসকলক সক্ৰিয় ক্ৰীড়া কেৰিয়াৰৰপৰা অৱসৰ গ্ৰহণৰ পাছত অতিৰিক্ত আৰ্থিক সুৰক্ষা হিচাপে ১২,০০০ টকাৰপৰা ২০,০০০ টকালৈকে মাহিলী আজীৱন পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

আজি ৰাজ্যসভাত এটা লিখিত উত্তৰ প্ৰদান কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী কিৰেণ ৰিজিজুৱে এই তথ্য সদৰী কৰে।

*****

NB/OA/SB


(Release ID: 1656870)