শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

দেশত শ্ৰমিকৰ কল্যাণৰ বাবে সংস্কাৰ সাধনৰ উদ্দেশ্যেৰে শ্ৰী গাংগৱাৰে লোকসভাত তিনিটা শ্ৰম কোড উথ্থাপন কৰিছে

Posted On: 19 SEP 2020 5:11PM by PIB Guwahati

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ বিভাগৰ স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত ৰাজ্যমন্ত্ৰী শ্ৰী সন্তোষ গাংগৱাৰে আজি শ্ৰমিকৰ কল্যাণৰ বাবে সংস্কাৰ সাধনৰ লক্ষ্যেৰে লোকসভাত তিনিটা শ্ৰম সংক্ৰান্তীয় কোড উথ্থাপন কৰে। ২০২০ৰ উদ্যোগ সম্পৰ্কীয় কোড, ২০২০ৰ কৰ্মক্ষেত্ৰত নিৰাপত্তা, স্বাস্থ্য তথা কামৰ পৰিৱেশ সংক্ৰান্তীয় নিয়মৰ ওপৰত বিল আৰু ২০২০ৰ সামাজিক সুৰক্ষা কোড উথ্থাপন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে জনায়, যোৱা বছৰ আগষ্ট মাহত সংসদত মজুৰি সংক্ৰান্তীয় নিয়মাৱলী অৰ্থাত্ কোড অনুমোদিত হৈছিল যি আইন হিচাপে কাৰ্যকৰী হৈছে। তাৰ লগতে আজি উথ্থাপন কৰা তিনিখন বিলে শ্ৰম আইনৰ সবলীকৰণ কৰিব। ইয়াৰ ফলত দেশৰ ৫০ কোটি সংগঠিত আৰু অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক উপকৃত হব।

 

শ্ৰী গাংগৱাৰে আৰু কয় যে শ্ৰম সম্পৰ্কীয় দ্বিতীয় ৰাষ্ট্ৰীয় কমিশ্যনৰ ছুপাৰিশ অনুসৰি বৰ্তমান শ্ৰম আইন সমূহৰ সংযুক্তিকৰণ ঘটাই এই শ্ৰম সংক্ৰান্তীয় কোড প্ৰস্তুত কৰা হৈছে। এই কোডে উদ্যোগ ক্ষেত্ৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব যাৰ ফলত দেশৰ বহু প্ৰতিক্ষীত উদ্যোগৰ বিকাশ হব আৰু কৰ্মসংস্থাপন সৃষ্টি হব।

 

মন্ত্ৰীগৰাকীয়ে আৰু কয়, এই আইনসমূহৰ ফলত বিভিন্ন প্ৰতিষ্ঠানে বিনিয়োগ কৰিবলৈ উত্সাহিত হব। উদ্যোগক্ষেত্ৰত সৌহাৰ্দ গঢ়ি উঠিলে সংশ্লিষ্ট সকলো পক্ষ উপকৃত হব। দেশে স্বাধীনতা লাভৰ ৭৩ বছৰৰ পাছত দেশৰ শ্ৰম আইনৰ ব্যাপক সংস্কাৰ কৰাৰ প্ৰয়োজনীয়তাই দেখা দিছে। মন্ত্ৰীগৰাকীয়ে কয়, এই সংস্কাৰসমূহৰ ফলত শ্ৰমজীৱি মানুহৰ স্বাৰ্থ সুৰক্ষিত হব। তেওঁলোকৰ সাজিক সুৰক্ষা, নিৰাপত্তা আৰু কামৰ পৰিৱেশ উন্নত হব। তেওঁলোকৰ কোনো অভাৱ অভিযোগ থাকিলে তাৰ মীমাংসাও সহজতে কৰা যাব। মন্ত্ৰীগৰাকীয়ে কয়, এই শ্ৰম সম্পৰ্কীয় কোডসমূহৰ জৰিয়তে শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ মাজত প্ৰকৃত অৰ্থত ভাৰসাম্য বজাই ৰাখিব পৰা যাব।

 

২০১৯চনত লোকসভাত এই বিলসমূহ উথ্থাপন কৰাৰ সময়ত প্ৰচলিত সংসদীয় ৰীতি-নীতি অনুসৰি এইসমূহ পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটীলৈ প্ৰেৰণ কৰা হয়। এই কমিটীয়ে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনাৰ পাছত এক প্ৰতিবেদন উথ্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয়, কমিটীৰ ২৩৩টা ছুপাৰিশ শ্ৰম আৰু নিয়োগ বিভাগে ভালদৰে বিবেচনা কৰি তাৰ মাজৰ ৭৪শতাংশ ছুপাৰিশ গ্ৰহণ কৰিছে।

 

অসংগঠিত আৰু সংগঠিত উভয় ক্ষেত্ৰতেই শ্ৰমিকৰ ন্যূনতম মজুৰি আৰু নিৰ্দিষ্ট সময়ত মজুৰি লাভৰ বিষয়টি অধিকাৰ বুলি বিবেচিত হব। বৰ্তমান মূলতঃ খনি উদ্যোগ, বাগিচা উদ্যোগ, বন্দৰ এলেকাৰ কৰ্মী, নিৰ্মাণ উদ্যোগৰ সৈতে জড়িত কাৰিকৰ, চাফাই কৰ্মী আৰু উত্পাদন ক্ষেত্ৰৰ দৰে ক্ষেত্ৰসমূহৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বিবেচনা কৰা হয়। এতিয়া নতুন নিয়ম অনুসৰি দেশৰ সকলো শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি লাভৰ অধিকাৰক স্বীকৃতি দিয়া হৈছে। তথ্য প্ৰযুক্তি, হস্পিটেলিটী ,পৰিবহণ ইত্যাদিৰ দৰে ক্ষেত্ৰসমূহৰ উপৰিও ঘৰুৱা কাম-কাজ কৰা শ্ৰমিক, অসংগঠিত শ্ৰমিক আৰু শিক্ষকসকলকো নতুন ব্যৱস্থাত ইয়াৰ আওতালৈ অনা হ

 

শ্ৰমিকসকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰণৰ পদ্ধতিটো সৰলীকৰণ কৰা হৈছে। এইক্ষেত্ৰত বৰ্তমান ব্যৱস্থাৰ পৰিবৰ্তে দক্ষতা আৰু ভৌগলিক অৱস্থানক বিবেচনা কৰা হব।

 

সমগ্ৰ দেশত ন্যূনতম মজুৰি হাৰৰ সংখ্যা বৰ্তমানৰ ১০,০০০ৰ তুলনাত প্ৰায় বৰ্তমান ২০০ হব।

 

কেন্দ্ৰীয় ক্ষেত্ৰত ৫৪২ৰ তুলনাত কেৱল ১২ ন্যূনতম মজুৰি হব।

 

প্ৰতি ৫বছৰৰ মূৰত ন্যূনতম মজুৰিৰ পুনৰীক্ষণ কৰা হব।

 

ফ্লৰ মজুৰিৰ এক বিধিবদ্ধ ধাৰণা আৰম্ভ কৰা হৈছে।

 

 

 ********

RCJ/IA/KG

 



(Release ID: 1656868) Visitor Counter : 242