মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে উচ্চ শিক্ষাত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ কাৰ্যকাৰিতাৰ ওপৰত আগন্তুকৰ সন্মিলন ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত মুকলি কৰে
ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এটা সমতাপূৰ্ণ আৰু জীৱন্ত জ্ঞানী সমাজ বিকশিত কৰাৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰেঃ ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰীয় শিক্ষা নীতি এক ভাৰতকেন্দ্ৰিক শিক্ষা প্ৰণালীক প্ৰৱৰ্তন কৰে, যি ভাৰতক বৈশ্বিক মহাশক্তিলৈ পৰিৱৰ্তিত কৰাত পোনপটীয়া বৰঙণি যোগায়ঃ শিক্ষা মন্ত্ৰী
Posted On:
19 SEP 2020 1:03PM by PIB Guwahati
ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে আজি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কুলপতিসকল, শিক্ষা মন্ত্ৰালয় আৰু অন্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মহত্ব থকা প্ৰতিষ্ঠানৰ নিৰ্দেশকসকলৰ আগন্তুক সন্মিলন (ভিজিটৰ্ছ কনফাৰেঞ্চ) মুকলি কৰে। এই উপলক্ষে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল 'নিশংক', শিক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় শামৰাও ধোত্ৰে, উচ্চ শিক্ষা সচিব শ্ৰী অমিত খাৰে, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ড্ৰাফটিং কমিটীৰ অধ্যক্ষ ড৹ কে কস্তুৰীৰংগন আৰু শিক্ষা মন্ত্ৰালয়, ইউ জি চি তথা এ আই চি টি ইৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উদ্দেশ্য হৈছে সমাবেশী আৰু উৎকৃষ্টতাৰ দুটা সজীৱ উদ্দেশ্য আহৰণ কৰি ২১শ শতিকাৰ আৱশ্যকতাবোৰ সম্পূৰ্ণ কৰাৰ দিশত শিক্ষা প্ৰণালীক পুনৰুজ্জীৱিত কৰা। আগন্তুকসকলৰ সন্মিলন মুকলি কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে কয় যে, এই সকলোকে মানদণ্ডপূৰ্ণ শিক্ষা প্ৰদান কৰি এক সমতাপূৰ্ণ আৰু জীৱন্ত জ্ঞানী সমাজ বিকশিত কৰাৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰে।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ড্ৰাফটিং প্ৰস্তুত কৰা শিক্ষা মন্ত্ৰালয় তথা ড৹ কস্তুৰীৰংগন আৰু তেওঁৰ দলৰ প্ৰয়াসৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতিয়ে কয় যে আঢ়ৈ লাখ গাঁও পঞ্চায়ত, ১২,৫০০তকৈ অধিক স্থানীয় নিকায় আৰু প্ৰায় ৬৭৫খন জিলাৰ ব্যাপক অংশগ্ৰহণ তথা দুই লাখতকৈ অধিক পৰামৰ্শৰ ওপৰত বিচাৰ কৰাৰ পিছত ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰা হৈছে। যি তৃণমূল পৰ্যায়ৰ ধ্যান-ধাৰণাক সাৰোগত কৰে।
উচ্চ শিক্ষা সংস্থানক উৎসাহিত কৰি, ৰাষ্ট্ৰপতিয়ে কয় যে এই সংস্থাবিলাকৰ ওপৰত ভাৰতক বৈশ্বিক জ্ঞান মহাশক্তি ৰূপে গঢ়ি তোলাৰ সৰ্বাধিক দায়িত্ব আছে। ইবিলাকৰ দ্বাৰা স্থাপিত কৰা মানদণ্ডৰ ৰূপত নিৰ্ধাৰিত গুণৰ মানকৰ পালন অন্য সংস্থানৰ দ্বাৰা কৰা হ'ব। ৰাষ্ট্ৰপতিয়ে জোৰ দি কয় যে নতুন নীতিৰ বুনিয়াদী সিদ্ধান্তবিলাকত তাৰ্কিক নিৰ্ণয় লোৱা তথা নতুন নীতিক অধিক উৎসাহিত কৰিবৰ বাবে ৰচনাত্মক আৰু গুৰুত্বপূৰ্ণ ধাৰণা অন্তৰ্ভুক্ত আছে। শ্ৰী কোবিন্দে অধ্যাপক আৰু ছাত্ৰৰ মাজত স্বচ্ছন্দ সংস্কাৰ তথা চৰ্চাৰ অবধাৰণাৰ কথা উল্লেখ কৰি ভাগৱত গীতা আৰু কৃষ্ণ-অৰ্জুন সংবাদৰ পৰা প্ৰেৰণা লোৱাৰ মহত্ব সম্পৰ্কেও উল্লেখ কৰে। তেওঁ কয় যে নতুন শিক্ষা নীতিয়ে ক্ৰিয়াত্মক বিচাৰ আৰু অনুসন্ধান কৰাৰ ভাবনাক উৎসাহিত কৰাৰ প্ৰয়াসো কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ফলদায়ক কাৰ্যান্বয়ন হ'লে অতীতত তক্ষশীলা আৰু নালন্দাৰ দৰে বিশ্ববিদ্যালয়ৰ দ্বাৰা স্থাপিত কৰা ভাৰতীয় প্ৰতিষ্ঠাৰ পুনৰ স্থাপিত হোৱাৰ সম্ভাৱনা আছে।
নিজৰ সম্বোধনৰ সময়ত ৰাষ্ট্ৰপতি কোবিন্দে লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্য উচ্চ শিক্ষাত সামগ্ৰিক নামাংকন অনুপাত- জি ই আৰ বৰ্ষ ২০৩৫ পৰ্যন্ত ৫০শতাংশলৈকে বৃদ্ধি কৰা। তেওঁ কয় যে অনলাইন শিক্ষা প্ৰণালীৰ গুৰুত্বও এতিয়া যথেষ্ট বৃদ্ধি পাইছে। অনলাইন শিক্ষাই মহিলা আৰু বিশেষকৈ সেইসকল লোকক সৰ্বাধিক লাভবান কৰিব পাৰে, যাৰ ওচৰত শৈক্ষিক প্ৰতিষ্ঠানলৈ যোৱাৰ ব্যৱস্থা বা উপলব্ধতা নাই। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰকো ইয়াৰ মুনাফা দিব পৰা যায়। শেহতীয়া পৰিসংখ্যাৰ বিষয়ে উল্লেখ কৰি শ্ৰী কোবিন্দে কয় যে ২০১৮-১৯ৰ বাবে অল ইণ্ডিয়া ছাৰ্ভে অফ হায়াৰ ইডুকেশ্বন অনুসৰি, মহিলাৰ সামগ্ৰিক নামাংকন অনুপাত পুৰুষৰ তুলনাত অলপ বেছি। সম্প্ৰতি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সংস্থান আৰু বিশেষকৈ টেকনিকেল শিক্ষাৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বহুত কম। ৰাষ্ট্ৰপতিয়ে জোৰ দি কয় যে নতুন শিক্ষা নীতিয়ে পক্ষপাতহীনতা আৰু সমাবেশৰ ওপৰত মনোনিৱেশ কৰিছে আৰু এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ লৈংগিক অসমতা দূৰ কৰা উচিত। তেওঁ লগতে কয় যে এই সকলোতে সেই সকলো সংস্থাৰ মুৰব্বীসকলৰ যথেষ্ট ভূমিকা থাকিব যাৰ শিক্ষক আৰু ছাত্ৰৰ ওপৰত গভীৰ প্ৰভাৱ থাকে, সেয়ে সংগঠনসমূহৰ মুৰব্বীসকলে নতুন শিক্ষা নীতি বলৱৎ কৰাত সক্ৰিয় ভূমিকা পালন কৰা দৰকাৰ।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল 'নিশংক'ই সন্মিলনৰ প্ৰাৰম্ভিক বৈঠকত ভাষণ দিয়ে। কাৰ্যক্ৰমত ভাগ লোৱা গণ্যমান্য ব্যক্তিক স্বাগতম জনাই তেওঁ কয় যে শিক্ষা যিকোনো সমাজৰ প্ৰগতিৰ আধাৰ, সেয়ে এক শক্তিশালী শিক্ষা নীতি প্ৰৱৰ্তন কৰাটো চৰকাৰৰ কেৱল সাংবিধানিকেই নহয় বৰং নৈতিক দায়িত্বও। শ্ৰী পোখৰিয়ালে বিশ্বাস ব্যক্ত কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ভাৰতীয় শিক্ষা প্ৰণালীক বিকেন্দ্ৰীকৃত আৰু মজবুত কৰাত সক্ষম হ'ব।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীজনে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত জোৰ দি কয় যে এই নীতি বলৱৎ কৰাৰ প্ৰক্ৰিয়াত উদ্ভৱ হ'ব পৰা সকলো বাধা দূৰ কৰা দৰকাৰ।
সন্মিলনৰ পিছত, নতুন শিক্ষা নীতিক আগবঢ়াই নিবলৈ বহু অনুশাসন আৰু সমগ্ৰ শিক্ষা, উচ্চ শিক্ষাত অনুসন্ধান আৰু নবাচাৰ, উচ্চ শিক্ষাত ডিজিটেল প্লেটফৰ্ম, আন্তঃৰাষ্ট্ৰীয়কৰণ আৰু বৈশ্বিক ৰেংকিং, ইকুইটী, সমাবেশ তথা ক্ষমতা নিৰ্মাণৰ ওপৰত বিভিন্ন সত্ৰৰ আয়োজন কৰা হয়।
******
MC/AKJ/AK
(Release ID: 1656839)
Visitor Counter : 179